এক চতুৰ্থাংশ আপেল
কোকিল শইকীয়া
মোক এটা আপেল খাবলৈ দিয়া
তোমাৰ বাগিছাৰ । তোমাৰ বাগিছাৰ
ফুলপাহৰ কণমাণি হিয়া
মোক এটা চৰাই হ’বলৈ দিয়া
তোমাৰ বাগিছাৰ
মই সেইদিনাখন নিশাৰ সপোনত তোমাৰ প্ৰেমত পৰিছিলোঁ
যিদিনা গোটেই দেশৰ মানুহ শোৱা নাছিল আতংকত
যিদিনা দেশ জ্বলিছিল হিংসাত
মই কি অলপ কবি !
অলপ প্ৰেমিক !
আৰু মই প্ৰেমত পৰা কথাটো
ইকাণে সিকাণে বাগৰি ৰাষ্ট্ৰ হৈছিল
মোৰ প্ৰেমে ৰাষ্ট্ৰদ্ৰোহৰ সন্মান পালে
ডিঙিত এলান্ধুৰ শিকলি পিন্ধাই
নীতিবাদৰ লাঠিৰে কোবাই কোবাই মোক লৈ যোৱা হ’ল
তিৰোতাবোৰে পদূলিলৈ ওলাই আহি
ওৰণি দাঙি দাঙি মোক চালে
সৰু সৰু ল’ৰা-ছোৱালীবোৰে একো নুবুজি মাৰ্বল খেলাত লাগিল
তুমি খুলি থ’বা দুৱাৰ
মই পলাই আহিম
মোক এটা আপেল খাবলৈ দিবা
তোমাৰ বাগিছাৰ
আপেলটোৰ একামোৰ মুখত লৈ
মই গুচি যাম
বাকী, এক চতুৰ্থাংশ আপেল
তোমাৰ হাতত গুজি দি
1 Comments
তিনি চতুর্থাংশ আপেল
ReplyDelete