দেহজ

 দেহজ

কোকিল শইকীয়া

 

The great masturbator by Salvador Dali

(ভৰিৰ পৰা মূৰলৈ অশালীন বিজাণু বিস্তাৰৰ এই সময়ছোৱাত

অশালীনতাৰ বাহিৰে বাকী সকলো বস্তুৱেই হৈ পৰিছে শালীন)

 

দুনীয়াৰ প্ৰতিটো বস্তুৱেই ইৰটিক

দেশত যেতিয়া পিয়াজৰ দাম বাঢ়ে

দেশৰ শাসকে কয় এতিয়া ধৰ্ষণৰ পৰিমাণ কমিব

 

প্ৰতিটো নাঙঠ শৰীৰেই সাংঘাটিক সৌন্দৰ্য, অভিনৱ শিল্প

পেশীবহুল, পুষ্টিহীন, ক্ষত-বিক্ষত দেহ

চোলাৰ ওপৰৰ দুটা বুটাম খুলি থলে দেখা পোৱা দেহ হাৰমনিয়ামৰ ৰেপকেইডাল

কিম্ভুত কিম্বাকাৰ এই শৰীৰ

কি সৌন্দৰ্য

সময়ত থিয় দঙা দিয়া দেহৰ নোম

দেহৰ অনন্ত কৌটি ৰন্ধ্ৰ , খহটা ছাল, ন দুৱাৰ, কটা ছিঙা , ফোহা , ঘাঁ

শিল্প শানিত

 

বয়সে ভাটি দিয়ে , দেহ শুকাই যায়, ৰূপ যৌৱন শুকাই যায়

তথাপি দেহ শিল্প, তথাপি দেহৰ মাজত বৈ থাকে নদী

 

স্নানাগাৰো এক যাদুঘৰ

স্নানাগাৰত ঘন্টাজুৰি নিজৰেই এই দেহ শিল্পক চাই চাই অজান ভাবনাত ডুবি ডুবি মই আজি দেখিলোঁ

আইনাৰ ওলোটা চকুহালত দুৱৰিবনৰ কুঁৱৰী পানী

ৰেজৰেৰে যেতিয়া ক্ষুৰাই দিওঁ শৰীৰৰ নোম

পানীয়ে শৰীৰত সলাই চৰিত্ৰ

ঘামে সলাই চৰিত্ৰ

 

দেহ পৰীক্ষাগাৰ , নিজৰ বাবে নিজৰেই আবুৰতা খুলি

চকু থৰ কৰি চাও উলংগ দেহৰ দুখৰ প্ৰচ্ছায়া

বহু কথাই থাকে

যেন নিজকে খুলি থাকিম খুলি থাকিম

যেন নিজকে নিজে সাৱট মাৰি ধৰিম , নিজকে নিজে চুমা খাম, নিজৰ শৰীৰৰ লগতে চেক্স কৰিম

 

কিমান আৱিস্কাৰ

মোৰ দেহ বিশ্ব-ব্ৰহ্মাণ্ড

দেহ জ্যোতি

দেহ কীট-পৰুৱাৰ বাহ

দেহ বান্ধৱ, দেহ ভৈয়াই

দেহমুক্তি, দেহবন্ধন

দেহ দুদৰ্শা

দেহ দেহৰো দেহাতীত, দেহ দেহতে বিদেহী

 

কিমান আছে দেহৰ বুৰঞ্জী লজ্জাৰ আগমন, শীত-তাপ , স্পৰ্শ আৰু স্পৰ্শাতীত অনুভৱ

কিমান আছে দেহ দেউলৰ কৌতুহল

দেহৰ পৰাই আৰম্ভণী গোপন কৰাৰ আদি আৰু অন্ত

কঠিন কোমল আৰু সংবেদনশীল অংগ

আৱৰণ অথবা অৰ্ধ আৱৰণৰ আঁৰৰ কল্পনাচিত্ৰ

অশালীন , ঘৃণনীয় , আনন্দ আনন্দ আনন্দ

Post a Comment

0 Comments