ঘোঁৰা

ঘোঁৰা

কোকিল শইকীয়া

 


()

ঘোঁৰা তেজতকৈও তেজী নে ?

 

এটা পৃথক সপোনৰ বাটৰ কাঁইটত
মই অচিনাকি এটি ফল
মোক খাই চোৱা
চেলেকি চোৱা মোৰ হালধীয়া সোৱাদ
মোৰ ওঁঠত এচপৰা কেঁচা মেঘ

 

( )

তোমাৰ সপোনৰ দাঁতিত
ঘোঁৰা এটা ৰৈ আছেহি
তোমাৰ সপোনৰ ঘোঁৰা

 

দলঙৰ তলেদি উৰি অহা
হেঙুলিয়া সুহুৰিটো
তাতে বাজি আছে
তোমালোক আহা
ভৰাই লোৱা ৰাতিৰ ফুলপাহৰ বাটত
সেই সুহুৰিটোৰ সোৱাদ

 

(  )

মই এটা ঘোঁৰা
মই থিয়ৈ থিয়ৈ সপোন দেখোঁ
মোৰ এডাল লেকাম আছে তোমাৰ হাতত

 

অথচ লেকাম চিঙি মই গুচি যাব পাৰোঁ
নিদ্ৰাৰ সিপাৰলৈ
তিব্ৰ বেগে চেঁকুৰিব পাৰোঁ
বুকুৰ পৰা বুকুলৈ
নদীৰ নীলা ঢৌবোৰলৈ

 

(  (

এদিন মোৰ পিতাও ঘোঁৰা খুজিছিল
চেঁকুৰিব খুজিছিল নগৰৰ ভিৰ ফালি
অৰণ্যৰ হাবি ভাঙি

 

মই ঘোঁৰা বাবেই
মোৰ চিকাৰ এশজন কবিৰ নিদ্ৰা
মোৰ চিকাৰ ঢৌময় নাৰীৰ কামিহাড়
মোৰ চিকাৰ যুদ্ধৰ সেমেকা সন্ধিয়া
মোৰ চিকাৰ দাউ দাউকৈ জ্বলি উঠা এশখন চিতা

 

চোৱাহি, মোৰ খোজৰ শব্দত নৈয়ে সামৰিব জোন
বৰষুণে গোটে গোটে গিলি নৈৰ কলিজা
ক্ষন্তেক পিছতেই


ক্ষন্তেক পিছতেই মোৰ হিঁহিয়নিত
সেই সুহুৰিবোৰ তোমালোকে লৈ যাবা
এখন চেতাৰৰ তাঁৰবোৰলৈ
তাতে বাজি বাজি জীণ যাব নুফুলা ফুলৰ গোন্ধ

 

((

ঘোঁৰা বাবেই মই এই শিলবোৰ ভাঙিছোঁ
এই শিলবোৰেই এদিন পূৰ্ণ কৰিব
ওৰণি তলৰ শূন্যতা

 

মই ঘোঁৰা বাবেই
এই শিলবোৰে এদিন
এই নগৰত চৰি থকা প্লাষ্টিক পখিলাবোৰৰ ডিঙিত
আৰি দি পিয়াহৰ কলহ
আৰু সিহঁতে পান কৰিব
সেই সুহুৰিৰ সোৱাদ

 

(৬)

তোমালোকৰ বুকুবোৰ ঢাকি থোৱা
মই ঘোঁৰা
মই যে কোনোদিনেই খাবলৈ শিকা নাই
কাটি থোৱা ঘাঁহ

 

Post a Comment

0 Comments