ৰাধা

 ৰাধা

: কোকিল শইকীয়া

 

কি ফুল ফুলিছে ৰাধা          নিয়ৰত তিতা
কি ফুল ফুলিছে ৰাধা         গধূলি গোন্ধোৱা


তোৰ কলচিত কি আছে ৰাধা
আছে নেকি তাত নদীৰ বিষণ্ণতা

তোৰ আঁচলত কি আছে ৰাধা
আছে নেকি তাত বাঁহীৰ মাতে চুই যোৱা জোনাক

তোৰ বুকুত আঘোণৰ জোন
তোৰ নাভিত ফাগুনৰ ফুল
মোৰ টোপনি নাহে ৰাধা

ৰাধা তোৰ আঘোণ পকা আঁচলৰ আগত
মই মোৰ ৰাতিবোৰ বান্ধি থম

তোৰ চকুৰ ছাঁ          লাজুকী লতা
তোৰ চকুৰ ছাঁ          ফুটুকী পখিলা


কাছাৰীঘাটলৈ লেই আবেলিবোৰে মোক বেৰি বেৰি সোধে

- ‘দেখিছানে, দেখিছানে দক মেঘে মাদলী পিন্ধোৱা ?’


ৰাধা মাৰ যোৱা বেলিলৈ চাই
আমি বাট লওঁ জীৱনৰ পৰা জীৱনলৈ ***

Post a Comment

0 Comments