মহাজীৱন

 মহাজীৱন

 - কোকিল শইকীয়া


মহাভুল
জীৱন সম্পৰ্কে যুগ যুগান্তৰে আপুনি যিবোৰ 'লে
আৰু আমি শুনিলোঁ
সেই সকলোবোৰ ভুল


মই বৰ নিৰ্বিকাৰ মানুহ


যিটো আপুনি কয় তাকে শিলৰ ৰেখা বুলি ভাবিলোঁ
তুঁহৰ জুইত সেকিলো প্ৰাণৰ চেঁচা উকমুকনি


তাৰপিছত চকুবোৰ হালধীয়া '
আকাশখনকে এটা চৰাইৰ ডেউকা বুলি তাৰ ছাঁত জিৰালোঁ
গ্লানিৰে তৃপ্ত হৈ পাঠ কৰিলোঁ পানী
পান কৰিলোঁ উত্তপ্ত আগ্নেয়


আমি নিৰ্বাক ভোগাতুক আভুকা
চৰম অস্বত্বিত উপায়হীন হৈ
বাটৰ বাটৰুৱাক ভুকিলোঁ
কলেজলৈ অহা ছোৱালীবোৰক কামুৰিলোঁ

 

তাৰপাছত আমাৰ জেল ' , ' ফাঁচী
আৰু ফাঁচীকাঠৰ পৰা নামিয়েই
আকৌ আপোনাৰ কথাত ভোল গৈ সেই একেটা ভুলকে কৰিলোঁ


ভুলতে আমাৰ জন্ম '
ভুলতে ' ৰূপান্তৰ
ভুলতে ভুল কৰি আমি হৈ পৰিলোঁ
এটা উত্তৰ আধুনিক ভুল


হে গুৰু দ্ৰোণ, পিতামহ, শংকৰ ,যীচু
আনষ্টাইন, এলিয়েট আৰু পৃথিৱীৰ অলেখ মহান মানুহ,
অল্পমতী মূঢ় মানুহৰ বাবে নিৰ্ভুল একো তত্ত্বই আপোনালোকে দি যাব নোৱাৰিলে

 

Post a Comment

0 Comments