বিধায়ক অখল গগৈ আৰু অৱধাৰিত কিছুমান প্ৰত্যহ্বানঃ

বিধায়ক অখল গগৈ আৰু অৱধাৰিত কিছুমান প্ৰত্যহ্বানঃ

কোকিল শইকীয়া

    প্ৰায় তিনিটা দশক ধৰি অসমৰ সমাজ-জীৱনৰ বাবে কাম কৰি অহা বিপ্লৱী সক্ৰিয়কৰ্মী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আজি কাৰাগাৰাৰ পৰা বিধান সভাৰ নিৰ্বাচনত জয়ী হোৱা দেশৰ প্ৰথমজন বিধায়ক। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিগত কালছোৱাত প্ৰধানকৈ দুই ধৰণে মানুহৰ সমৰ্থন লাভ কৰি আহিছিল। তাৰে এটা হ’ল – অখিল গগৈৰ আস্থাতুল্য ব্যক্তিত্ব, আপোচহীনতা আৰু আকৰ্ষণীয় তথা দক্ষ নেতৃত্ব। আনটো হ’ল - কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আদৰ্শ আৰু বৈপ্লৱিক চৰিত্ৰ। এই কথা নুই কৰিব নোৱাৰি যে কৃষক মুক্তি সংগ্ৰাম সমিতি বুলি নহয় অখিল গগৈ বুলিহে গৰিষ্ঠসংখ্যক মানুহ গোট খায়, অখৈল গগৈ বুলিহে জাকে জাকে মানুহ ওলাই আহে। যেনেকৈ আজি তাৰিখত হিমন্ত বিশ্বক ভাল পাই বাবে বহুতে বিজেপিক সৰ্মথন কৰে, বিজেপিক ভাল পায় বাবে হিমন্তক নহয়।


এতিয়া আমি আকাংক্ষা কৰা মতে অখিল গগৈৰ সমুখত যথেষ্ট প্ৰত্যাহ্বানে থিয় দিব। বিধায়ক হিচাপে অখিল গগৈৰ এয়া আন এখন যুদ্ধৰ আৰম্ভণী। ২০০৫ চনৰে পৰা সিদিনালৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিক সমুখৰ পৰা সমগ্ৰ অসমৰ হৈ নেতৃত্ব দি আহিছিল অখিল গগৈয়ে। এতিয়া অখিল গগৈ বিধায়ক হ’ল। ৰাইজৰ দল নামৰ ৰাজনৈতিক দলৰ সভাপতি হ’ল। এতিয়া অখিল গগৈয়ে আগৰ দৰেই সমুখৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিক নেতৃত্ব দিব নোৱাৰিব। ৰাইজৰ দলৰ ৰাজনৈতিক কাৰ্য-কলাপ, ৰাজনৈতিক এজেণ্ডা আৰু সাংগঠনিক কথা-বতৰাবোৰৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতি নামৰ অৰাজনৈতিক সংঠনটোৰ কাৰ্য-কলাপ আৰু সাংগঠনিক কাম-কাজত যথেষ্ট পাৰ্থক্য থাকিব। ৰাজনৈতিক ৰাইজৰ দল আৰু অৰাজনৈতিক কৃষক মুক্তি সংগ্ৰাম সমিতিক উভয়কে সমুখৰ পৰা মুখ্য নেতা হিচাপে এজন অখিল গগৈয়ে নেতৃত্ব দিয়াটো সম্ভৱ হৈ উঠিবনে? কৃষক মুক্তিৰ নেতা হিচাপে প্ৰতিবাদী কাৰ্য-কলাপ কৰাৰ যিটো Liberty আছিল, সংসদীয় চিচেষ্টমত সোমাই যোৱাৰ পিছত এজন বিধায়ক হিচাপে সেইটো Liberty থাকিবনে ? বেহুৰ ভিতৰত সোমোৱাই লৈ কংগ্ৰেছ আৰু বিজেপিয়ে অখিল গগৈক ৰাজনৈতিকভাবে শেষ কৰি দিয়াৰ পৰিকল্পনা নকৰিবনে? এনে এটা অৱস্থাত সমষ্টিকেন্দ্ৰিক হৈ পৰি সামগ্ৰিক অসমৰ নেতা হিচাপে থকা পূৰ্বৰ নেতৃত্বৰ ইমেজটোত প্ৰভাৱ পৰিব নেকি ?


    অখিল গগৈ এটা সমষ্টিৰ বিধায়ক। অখিল গগৈয়ে নিজৰ ক্ৰেডিটত সমষ্টি উন্নয়ন কৰিব লাগিব। সমষ্টি উন্নয়ন কৰিব নোৱাৰিলে অহাবাৰলৈ ভোট বেংক হেৰুৱাটো ধুৰূপ। আকৌ, অখিল গগৈৰ আদৰ্শৰ সম্পূৰ্ণ বিপৰীত আদৰ্শৰ চৰকাৰখনৰ সমুখত অখিল গগৈ অকলে এজন। শত্ৰু বিজেপি চৰকাৰে অখিল গগৈক সমষ্টি উন্নয়নৰ বাবে সততাৰে সহযোগ কৰিবনে? কাইলৈ যদি অখিল গগৈয়ে মোৰ সমষ্টিত দলং লাগে, ৰাস্তা লাগে বুলি এপ্লিকেচনৰ পিছত এপ্লিকেচন দিয়াৰ পিছতো শাসক দলে গুৰুত্ব নিদিয়ে, অখিল গগৈৰ সমুখতে শিৱসাগৰ সমষ্টিৰ ৰাস্তা-ঘাট আদি উন্নয়নমূলক নিৰ্মাণবোৰ সৰ্বানন্দ-হিমন্তই কৰি উদ্ধোধন কৰি ৱাহ ৱাহ লৈ যায়, কাইলৈ যদি এজন বিধায়ক হিচাপে মুখ্যমন্ত্ৰীয়ে অখিল গগৈক বিভিন্ন ব্যস্ততাৰ উজুহাত দেখুৱাই লগ নকৰে, কাইলৈ যদি এবাৰ হিমন্তক লগ কৰিবলৈ হিমন্তৰ কেবিনৰ সমুহত হাতত ফাইল লৈ অসহায়ভাবে অখিল গগৈয়ে ঘন্টাজুৰি অপেক্ষা কৰিবলগীয়া হয় তেতিয়া Helpless হৈ নপৰিবনে? অখিল গগৈয়ে সংসদত প্ৰৱেশ কৰাৰ বাবে বোধহয় এফালৰ পৰা বিজেপি-কংগ্ৰেছে আনন্দও নোপোৱাকৈ থকা নাই। তেওঁলোকে হয়তো ভাবিছে ৰাজপথ এৰি অখিল সংসদলৈ আহিল, নদীৰ মাছ আহি পুখুৰীত পৰিল।


    এই সকলোবোৰ কাংক্ষিত প্ৰত্যাহ্বানক নেওচি অসমত ভৱিষ্যতে এক নতুন ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিবৰ বাবে অখিল গগৈয়ে কিদৰে কাম কৰে সেয়াই হ’ব অখিল গগৈৰ ৰাজনৈতিক দক্ষতা আৰু বিচক্ষণতাৰ পৰিচয় আৰু অসমৰ ভৱিষ্যত।  এই সকলোবোৰ প্ৰত্যাহ্বান ওফৰাই পেলাবলৈ হ’লে এক নতুন আৰু সবল নেতৃত্বই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৰি বঠা ধৰিব লাগিব। ন ন নেতাই শক্তিশালী আৰু আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰিব লাগিব। পুৰণি নেতৃত্বইও নিজকে ন ৰূপত সাজু কৰিব লাগিব। কষ্ট কৰিব লাগিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সেই এতিয়াও আগৰ দৰে অখিল গগৈ কেন্দ্ৰিক হৈ থাকিলে বা অখিল গগৈ মুখা-পেখী হৈ থাকিলে সংগঠনৰ অৱস্থা শোচনীয় হ’ব। কৃষক মুক্তিত অখিল গগৈৰ বিকল্প নেতাৰ সৃষ্টি কৰিব লাগিব। কাইলৈ যদি অখিল গগৈয়ে ভুল কৰে তেন্তে অখিল গগৈকো প্ৰশ্ন কৰিব পৰাকৈ নতুন নেতৃত্বৰে কৃষক মুক্তি নিজা আদৰ্শৰে স্পষ্ট আৰু অতল হৈ থাকিব পাৰিব লাগিব। ৰাইজৰ দলে ২০২৬ ৰ বাবে আজিৰ তাৰিখৰ পৰাই অসমৰ গৰিষ্ঠসংখ্যক সমষ্টি বাচি লৈ তাত ৰাজনৈতিক কুচ-কাৱাচ অতি চাতুৰ্যতাৰে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰিব লাগিব। এক বিশেষ ধৰণে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইমেজটোক পৰিপূৰক কৰি ৰাখিব লাগিব। অখিল গগৈয়ে ৰাজপথ এৰা নাই বুলি আৰু অখিল গগৈ সংসদলৈ যোৱাটো যে বিজেপি-কংগ্ৰেছৰ বাবে তেওঁলোকে ভবাৰ ধৰণে আশীৰ্বাদ নহৈ অভিশাপ হৈ পৰিছে বুলি সেই কথা অখিল গগৈয়ে কাৰ্যত বুজাই দিব সক্ষম হ’ব লাগিব। । অনথ্যা কথাবোৰ আন এক নেতিবাচক দিশলৈ গতি কৰিব। সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰা অখিল গগৈ যাতে চক্ৰবেহুৰ ভিতৰত সোমাই অসহায় অভিমন্যু হৈ নপৰে তাৰেই কামনা কৰিছোঁ। আশা আৰু বিশ্বাস কৰোঁ বেহুৰ ভিতৰৰ ৰণ কৌশল অখিল গগৈয়ে জানে ।

ৰচনাকালঃ ৪ মে, ২০২০১

Post a Comment

0 Comments