চিধা কথা - নাৰীবাদ

চিধা কথা - নাৰীবাদ

 

কোকিল শইকীয়া

 

ক) নাৰী বা পুৰুষৰ প্ৰাকৃতিক পাৰ্থক্য আছে ঠিকেই। (পুৰুষতকৈ নাৰী বেলেগ । নাৰীতকৈ পুৰুষ বেলেগ। কিন্তু তলত নহয়। )  কিন্তু নাৰী পুৰুষৰ সামাজিক ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক, লিংগ পৰিচয় সামাজিক নিৰ্মাণ ।


খ) 'নাৰীত্ব' আৰু 'পুৰুষত্ব' দুইটাই নিৰ্মিতি । নাৰীয়ে যে বহুক্ষেত্ৰত পুৰুষৰ সমানে সমানে যাব পৰা নাই , সেইটো নাৰীৰ কমজুৰি নহয় । সেইটো পুৰুষতন্ত্ৰৰ ফলাফল হে । হয়, পুৰুষৰ সমানে সমানে নাৰীয়ে এভাৰেষ্ট বগাইছে বা পাইলট হৈছে। কিন্তু কিমান শতাংশ পাইলট বা এভাৰেষ্ট বিজয়ী নাৰী ?


গ) নাৰীবাদ পুৰুষবিৰোধী নহয় । নাৰীবাদ হৈছে পুৰুষতন্ত্ৰৰ বিৰোধী ।


ঘ) ভাৰ্জিনিটি হৈছে এটা কৌতুক । ভাৰ্জিনিটি মানে একোডাল পবিত্ৰতা নহয় । ই নাৰী শোষণৰ এপাত শেল ।


ঙ) ট্ৰেন্সজেণ্ডাৰ, গে , লেচবিয়ান, বাইচেক্সুৱেলসকলে ফেক একাউন্ট খুলি ফেচবুক চলাব নালাগে । মুকলিকৈ ওলাই আহক ।


চ) শিক্ষিত ছোৱালীবোৰে কি কাৰণে ইমান আগ্ৰহেৰে পাটৰ কাপোৰ পিন্ধি হুমৰ জুইত বহি কইনা হ'বলৈ উৰুলিকৃত হৈ থাকে নাজানো । বিবাহ বস্তুটো হৈছে নাৰী শোষণৰ বিশ্বস্ত আহিলা । দেখদেখকৈ সামন্তবাদী আৰু পুৰুষতান্ত্ৰিক শোষণ ব্যৱস্থা এই বিবাহ ।


ছ) পুৰুষতন্ত্ৰই নাৰীকে ক্ষতি কৰা নাই , পুৰুষকো ক্ষতি কৰি আহিছে ।


জ) ভাৰতীয় নাৰীসকল ব্যক্তি স্বাধীনতা সম্পৰ্কে খুব ক'ম সচেতন হোৱা দেখা যায় ।


ঝ) অৰ্থনৈতিকভাবে স্বাৱলম্বী হ'লেই যে নাৰী মুক্তি হ'ব সেইটো ভুল । অৰ্থনৈতিকভাবে স্বাৱলম্বী নাৰীয়েয়ো 'গৃহদাসী' ভূমিকা পালন কৰিবলগা হয় । অৰ্থনৈতিকভাবে স্বাৱলম্বী নাৰীও পুৰুষৰ দমনৰ পৰা মুক্ত নহয় । নিজৰ অধিকাৰক লৈ সাহসী আৰু সচেতন নহ'লে নেচেল ।


ঞ) লজ্জা, ভাৰ্টিনিটি, সৌন্দৰ্য, এইবোৰ নাৰীৰ অলংকাৰ নহয় । প্ৰগতিশীল চিন্তা, মুক্তিকামীতা আৰু সাহসহে নাৰীৰ অলংকাৰ ।


ট) আমাৰ ভাষাটোৰ পুৰুষতান্ত্ৰিক বিচাৰধাৰাৰ চৰিত্ৰ সলনি কৰিব লাগিব । যেনে - 'বেশ্যা' শব্দৰ সলনি 'যৌনকৰ্মী' ব্যৱহাৰ কৰক । মালিক বুজাবলৈহে পতি, স্বামী, গিৰিয়েক আদি শব্দ ব্যৱহাৰ কৰে । ছোৱালীৰ এজনীৰ মালিক কোনো নহয় । সেয়ে এইবোৰ শব্দৰ সলনি দাম্পত্যসংগী শব্দটো ভাল । 'লাওৰ পাতৰ তলত', 'নাৰী চলনাময়ী' , চৰুক সুধি চাউল নাবাঢ়ো, 'ছোৱালী কুৰিতে বুঢ়ী', ' যমে নিলেও নিয়া জোৱাইয়ে নিলেও নিয়া' ইত্যাদি খণ্ডবাক্যবোৰ এৰিব লাগিব ।


ঠ) নাৰী ত্যাগৰ প্ৰতিক নে শোষিতৰ প্ৰতীক ?


ড) ছোৱালীজনীৰ ঘৰত থকা ল'ৰাজনক 'চপনীয়াবুলি হাঁহিবলৈ কি হ'ল ?


ঢ) চাদৰ-মেখেলা বা জাতীয় সাজপাৰ পিন্ধি সংস্কৃতি ৰক্ষা কৰাৰ ঠিকাটো নাৰীক কোনে দি থৈছে ? কৃষ্টি-সংস্কৃতি-পৰম্পৰা এইবোৰৰ নামত চলি থকা শোষণবোৰক আমি ‘বাল’ বুলি কওঁ। 


ণ) “মই মোৰ প্ৰেয়সী/পত্নীক/বোৱাৰীক অমুক কৰিবলৈ, তমুক কৰিবলৈ অধিকাৰ দিওঁ” - আৰে ভাই অধিকাৰ দিবলৈ তুমি কোন হয়? অধিকাৰ দিয়া বস্তু বা ভিক্ষাৰ সামগ্ৰী নহয়। আনৰ অধিকাৰক বাধা নিক্ষেপ নকৰিলেই হ’ল। 


ত) পুৰুষতন্ত্ৰ এটা জেণ্ডাৰ নিউট্ৰেল বস্তু। সকলো লিংগৰ লোকেই পুৰুষতান্ত্ৰিক হ’ব পাৰে। 


থ) “নাৰীয়েই নাৰীৰ শত্ৰু” - এই ধৰণৰ বাগধাৰা প্ৰচলন কৰি পুৰুষতন্ত্ৰক জাষ্টিফাই কৰি কৌশলেৰে নাৰীবাদক বিৰোধ কৰি থকা হয়। নাৰীৰ শত্ৰু নাৰী হ’বও পাৰে। কাৰণ নাৰী এগৰাকীও পুৰুষতন্ত্ৰৰেই এজেন্ট হ’ব পাৰে।


দ) আজিৰ ৰীমা দাসবৰ্ষা ৰাণীপ্ৰস্তুতি পৰাশৰউৰ্মিলা মহন্তহঁত নাম হৈছে কাৰণ এসময়ত বদনামী হৈ আইদেউ সন্দিকৈ ওলাই আহিছিল । আৰে ভাইকোনোবাইতো ৰক্ষণশীলতাত হাতুৰীডাল মাৰিবই লাগিব ভৱিষ্যতৰ বাবে । আহক অলপ সাহস কৰি আমিয়েই মাৰো । )






Ø "#অমুকৰ উপন্যাসত নাৰীবাদী চৰিত্ৰ ।
#
তমুকৰ গল্পত নাৰীবাদী চেতনা ।" এইবোৰতেই যেন অসমীয়া নাৰীবাদী লেখা-মেলা সীমিত । অসমীয়া নাৰীবাদী আলোচনাৰ ফটা-বস্তা অৱস্থা ।

 

Ø নাৰীবাদ, পুৰুষতন্ত্ৰ এইবোৰ একো একোটা পলিটিকেল বস্তু । পুৰুষতন্ত্ৰ এটা ৰাজনৈতিক সমস্যা । ইয়াক নিৰ্মূল কৰিবলৈ ৰাজনৈতিক পন্থা অৱলম্বন কৰিব লাগিব । ই জৰী গছৰ শিপাৰ দৰে শিপাই আছে । ওপৰে ওপৰে নাঙলিয়াই থাকিলে নহয় । থিয়ৰী জানিলেও নাজানিলেও আমাৰ সকলোৰে মাজত পুৰুষতন্ত্ৰ আৰু নাৰীবাদ দুয়োটা সোমাই থাকে । নাৰীৰ ৰাজনৈতিক সচেতনতা, ৰাজনৈতিক বিষয়ত নাৰীৰ অংশগ্ৰহণৰ ওপৰত নাৰীবাদ যথেষ্ট পৰিমাণে নিৰ্ভৰশীল । পুঁজিবাদী-সামন্তবাদী সমাজত নাৰী মুক্তি এটা কল্পনা মাত্ৰ ।

 

Ø পুৰুষতন্ত্ৰই কেৱল নাৰীক ক্ষতি কৰে বুলি ভাবিছে যদি ভুল ভাবিছে ।পুৰুষতন্ত্ৰই পুৰুষক কিমান ক্ষতি কৰিছে সেইটো পুৰুষতন্ত্ৰই পুৰুষক জানিবলৈ অৱকাশ নিদিয়ে । পুৰুষতন্ত্ৰটো তেনেকৈয়ে গঠন হৈছে । পুৰুষতন্ত্ৰৰ অৱসানে যেনেকৈ পুৰুষৰ পৰা বিভিন্ন সুবিধা কাঢ়ি নিব । তেনেকৈ নাৰীবাদেও নাৰীৰ পৰা বহুত সুবিধা কাঢ়ি নিব। গতিকে সুবিধা অসুবিধা লোৱা দিয়াৰ কথাতকৈ বৈষম্য আৰু সমতাৰ কথা পতাটো জৰুৰী । মূল কথাটো লিংগৰ সমতাই নহয় জানো ?


 

Ø কিছুমান বস্তু প্ৰাকৃতিক । সেই প্ৰাকৃতিক কথাবোৰত নাৰীবাদ বা পুৰুষতন্ত্ৰ গন্তি কৰি লাভ নাই । তাক সমস্যা বুলি ভাবিব নালাগে কিন্তু সেই প্ৰাকৃতিক কথাবোৰ দোহাই দি কৃত্ৰিম অসমতা নিৰ্মাণ কৰিব খোজাটোহে সমস্যা ।

 

Ø মূল কথা -::: সম অধিকাৰ আৰু সম মৰ্যাদা । নাৰী পুৰুষ উভয়ৰে উদাৰতা । নাৰীবাদী দৃষ্টিভংগী মানে কি ? সমতাৰ দৃষ্টিভংগীয়েই নহয় জানো ?

 

Ø পুৰুষতন্ত্ৰই আমাক মানসিক ৰোগী কৰি তুলিছে পুৰুষতন্ত্ৰৰ প্ৰভাৱবোৰ যে ক'ত ক'ত পৰে হিচাপ নাই । নাজানো কিয় , ইমান জনা বুজাৰ পিছতো কিয় থাকি যায় মনৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা পুৰুষতান্ত্ৰিক সমস্যা !

 

Ø বাস্তৱ জীৱনত মানে সংসাৰত কেতিয়াবা থিয়ৰীতকৈ পৰিৱেশ পৰিস্থিতিয়ে দাবী কৰাৰ ধৰণে নাৰী পুৰুষ উভয়ৰে বুজা-পৰা, শ্ৰদ্ধা আৰু ইজনে সিজনক কৰা সহায়টো আৰু উভয়ৰে ত্যাগ অতিকৈ জৰুৰী হৈ পৰে ।

 

Ø প্ৰেমৰ ক্ষেত্ৰতখনত প্ৰ'পজ কৰাৰ পৰা বিচনালৈ যোৱালৈকে সাংঘাতিকভাবে পুৰুষতন্ত্ৰই ক্ৰিয়া কৰে । আৰু এই পুৰুষতন্ত্ৰই নাৰী-পুৰুষ দুয়োকে তীব্ৰ বেদনা দিয়ে । নাৰীবাদ অবিহনে প্ৰেম সদায় আভ্যন্তৰীণ পৰিভাষা সদায় শোষণেই হ’ব। 




আৰু কিছু কথা চিধা


(ক) নাৰী শিক্ষা আৰু নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ এই বুনিয়াদী কথাটোক কৌশলেৰে গৌণ ৰূপ দি সেন্দুৰ ল’ব নে নলয়, ওৰণি ল’ব নল’ব নে ধৰণৰ লেভেলটোতেই একেবোৰ কথাবোৰকেই কেৱল পাতি থাকিলে এহেজাৰ বছৰৰ পিছতো নাৰীবাদী সমাজ-সংস্কৃতি এটা প্ৰচলন নহয়গৈ।


(খ) ছোৱালী এজনীয়ে চাকৰি কৰিলে বা অৰ্থনৈতিকভাবে স্বাৱলম্বী হ’লেই যে ‘গৃ্হদাসত্ব’ বা ‘গৃহদাসী’ ভূমিকাৰ পৰা মুক্ত হ’ব তেনে নহয়। নহবও পাৰে। এই সমস্যাৰ বৈজ্ঞানিক সমাধানৰ পথ কিদৰে লোৱা হ’ব?


(গ) “Family is the most undemocratic institution’’ - পৰিয়ালকেন্দ্ৰিকতাক আমি কেনেদৰে উৎখাত কৰিম? পৰিয়ালকেন্দ্ৰিক দাসত্বই যেনেকৈ নাৰীক পাকঘৰত আৱদ্ধ কৰি ৰাখিছে তেনেদৰে চাকৰি বা ঘৰখনৰ সম্পূৰ্ণৰূপে আৰ্থিকভাবে চলাই ৰখাৰ অহৰহ প্ৰেছাৰ এটা ল’ৰাবোৰৰ মাথাৰ ওপৰত দি থৈছে। পৰিয়ালকেন্দ্ৰিকতাই লিংগ নিৰ্বিশেষে ক্ষতি কৰা নাই জানো?


(ঘ) ভাৰতীয় সমাজত পৰিয়ালৰ ধাৰণাৰ লগত ৰাষ্ট্ৰৰ ধাৰণাটোৰ লগত মিল আছেনে? একো একোটা পৰিয়াল একো একোখন মিনি ৰাষ্ট্ৰ নহয় নে?


(ঙ) প্ৰাকৃতিকভাবে থকা শাৰিৰীক সুবিধা অসুবিধাৰ ওপৰত ভিত্তি কৰি শ্ৰমৰ সম বিতৰণ আমি কেনেধৰণে কৰিম, শ্ৰমৰ মূল্য আমি কেনেদৰে নিৰূপন কৰিম, পৰিয়ালৰ ধাৰণাটো কেনেদৰে নোহোৱা কৰিব পাৰিম, বিবাহৰ ধাৰণাটো কিদৰে উৎখাত কৰিম, যৌনতাৰ অধিকাৰসূহ কেনেকৈ বিচাৰ কৰিম….. এইধৰণৰ প্ৰশ্নবোৰ লৈ আমি কেতিয়াবা বহিম নে?


(চ) নাৰীৰ স্বাধীনতা প্ৰসংগটো সদায় সৰ্বহাৰা শ্ৰেণীৰ শোষণৰ লগত সম্পৰ্কজনিত বিষয় হিচাপে অভিহিত কৰি উৎপাদনৰ আহিলাৰ সমবিতৰণৰ পৰিৱেশ এটাৰ সংৰচনা আৰু ব্যক্তিগত সম্পত্তি মালিকানাস্বত্ব বিলুপ্তি হ’লেই পুৰুষতন্ত্ৰ বুলি একো নাথাকিবগৈ ধৰণৰ কথা এটা মানি ল’ব পাৰিনে?


(ছ) একেদিনাই মানুহ নাৰীবাদী হ’ব নোৱাৰে। দীৰ্ঘ সময়ৰ প্ৰেক্টিছ, আত্মসমালোচনা, সম্পৰীক্ষা ইত্যাদিৰ ওপৰত ভিত্তি কৰি ফল পোৱা যাব।


(জ) পুৰুষতান্ত্ৰিক, ৰক্ষণশীল সমাজে সৃষ্টি কৰা শিশুৰ বিভিন্ন সমস্যা, সমকামী আৰু ট্ৰান্সজেণ্ডাৰৰ সমস্যাবোৰক আমি কেতিয়াৰ পৰা নাৰীবাদৰ উমৈহতীয়া ইছ্যু হিচাপে গণ্য কৰিবলৈ শিকিম?


(ঝ) ধৰ্ষণৰ ইছ্যুটোক বাদ দি তাৰ বাহিৰে অসমত পুৰুষতান্ত্ৰিক কথাবোৰক কেপিটেলাইজড কৰি ৰাজনৈতিক ৰূপ প্ৰদান কেতিয়াবা হ’বগৈনে?  ধৰ্ষণৰ ইছ্যুটোক বাহিৰে আন কোনো নাৰী অধিকাৰজনিত কথাক লৈ ৰাজপথৰ আন্দোলন হয়নে অসমত? হ’বগৈনে কেতিয়াবা?


(ঞ) অসমৰ উচ্চ শিক্ষিত, ইংলিছ স্পিকিং শ্ৰেণীটোৰ হাতত থকা LGBT আন্দোলনটোক লৈ আমাৰ তীব্ৰ অসন্তুষ্টি আছে। এনেকৈ  চলি থাকিলে এই আন্দোলনটোৰ পৰা অধিকাৰ আজুৰি অনাৰ সংগ্ৰামৰ ৰূপ আৰু পথ এটা আশা কৰিব নোৱাৰি।  


(ট) মানুহক শকত বা খিণ বুলি judge কৰাটো ভুল। তথাপি। মই যদি এজন বন্ধুক ব্যায়াম কৰিবলৈ উৎসাহ দি কও – বন্ধু শকত হৈছা দেই জোখতকৈ, খিণাবা, ব্যায়াম কৰিবাচোন। তেতিয়া সমস্যাটো নাথাকে। যদি এগৰাকী বান্ধৱীক কও – জোখতকৈ বেছি শকত হৈছা দেই, অলপ এক্সেচাইজ কৰিবাচোন। সমস্যাটো তেতিয়া উদ্ভৱ হয়। বডি চেমিঙৰ কথাটো আহি পৰে। তুমি জেনুইনভাবে কিবা এটা ক’ব নোৱাৰা। ওখ আৰু হেণ্ডচাম ল’ৰা বিচৰাটো বা ধনী ল’ৰা বিচৰাটো ছোৱালী এজনীৰ নিজা চইচ হ’ব পাৰে । ক্ষীণ, বগী, শ্লীম ফিগাৰৰ ছোৱালী ভাল পাওঁ বুলি ল’ৰা এটাই জেনুইনভাবে ক’ব পাৰে নে নোৱাৰে। (এই পইন্টৰ কথাখিনি উপস্থাপন কৰাটোৱেই এটা ডাঙৰ সমস্যা, আমাক এনুকুৱা ধৰণৰ কংক্ৰিট ধাৰণা কিছুমানে বেৰি আছে যে মানে ক’ব কি বিচাৰিছোঁ সেইটো বুজোৱাটোৱেই দিগদাৰ)


(ঠ) যি বুজিলোঁ বাওপন্থীৰ ভুলবোৰ সমালোচনা কৰোতে ''মই কিন্তু বাওপন্থাৰ বিৰোধী নহয়", নাৰীবাদীৰ ভুলবোৰ সমালোচনা কৰিলে ''মই নাৰীবাদ বিৰোধী নহয়'' বা  সকলো "কিন্তু নাৰীবাদী এনে নহয়" । পুৰুষতন্ত্ৰক সমালোচনা কৰোতে "সকলো পুৰুষ এনে নহয়" ধৰণৰ স্পষ্টীকৰণবোৰ দি থকাটো বাধ্যতামূলকেই। নহ'লে সৰ্বনাশ।


[পুণশ্চঃ- ১) Intersectional নহ'লে নাৰীবাদো এঠেঙীয়া বগলীয়ে হ'ব। ২) এটা oppression-ৰ সমস্যাক তুলি ধৰিবলৈ গৈ আন এটা oppression-ৰ সমস্যাক গঢ় দি লোৱাটোৱে সমাধানৰ বাট নেদেখুৱায়।]

Post a Comment

0 Comments