উপকথা

 উপকথা
কোকিল শইকীয়া

()

হতাশগ্ৰস্ত মানুহজনে
ভাল কথা এটা কৈ থৈ 
-  ইমান
 ঘৰ আকাশত

মই লগে লগে নিজকে চালোঁ
গোটেই শৰীৰত দাগ
ইস্পাতৰ আঘাত আৰু কুকুৰে কামোৰাৰ

ইমান ঘৰ আকাশত


()

টোপনিৰ দৰ্জা খুলি
প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই লোঁ
যিমান দূৰলৈকে লো সিমান দূৰলৈকে কেৱল তেজৰেই দাগ

ৰাতিবোৰ কেৱল ৰতিমত্তা
নাৰীৰ চুলিৰ আগত ধুমুহা
পুৰুষৰ বুকুত নদীৰ খহনীয়া

ৰাতিৰ বৰষুণে তিয়াই যোৱা
আলকতৰাৰ বাটটো দত শুকাবলৈ লওঁতে
কাষৰ পৰা পানীৰ ডোঙাটোত এখন ছবি দেখিলোঁ
ঠিক যেন – মৰ্গৰ ভিতৰত চেঁচা শিশুটোৰ নিষ্প্ৰভ আঙুলীকেইটাই
খেপিয়াই ফুৰিছে তাৰ মাকৰ স্তনহাল

ওচৰলৈ গৈ চাপৰি চাওতে
কি বিভ্ৰমপানীৰ ডোঙাটোত দুটামান শিলগুটি আৰু বতাহত সৰা গছৰ পাতৰ বাহিৰে একো না


()

ৰাতিপুৱা ফুল চিঙিবলৈ গৈ
ছোৱালীজনীয়ে দেখিলে
গোলাপৰ বাগিছাখনত
সৈনিক এজন মৰি আছে

যুদ্ধৰ শেষত
মৃতদেহ উদ্ধাৰ কৰিবলৈ গৈ
সৈনিকসকলে দেখিলে
যুদ্ধভূমিত ছোৱালী এজনী মৰি আছে

Post a Comment

0 Comments