শুই থকা চহৰখনক জগাই দিয়া

 শুই থকা চহৰখনক জগাই দিয়া
কোকিল শইকীয়া



শুই থকা চহৰখনক জগাই দিয়া
ৰঙা মেঘে কথা জানে

এতিয়া আমাৰ আত্মজাহৰ সময় নহয়
লা বুদ্ধ পাহাৰলৈ যাওঁ
যুদ্ধত ভাঙি পৰা গছবোৰক জগাওঁ


নিৰ্জনতাৰ শিল ভাঙি এন্ধাৰলৈ লৈ যাওঁ
এই দ্বিধাগ্ৰস্ত সময়ৰ শূন্যতাক


কোনে সহ্য কৰে ইমান অন্তদ্বন্দ ?

ঘড়ীৰ কাঁইট চিঙি আনি
সন্মান কৰোঁ সময়ক


শুই থকা চহৰখনক শুবলৈ দিয়া
কৰ্ষণ কৰা ভূমিৰ যাতনা

জননীৰ জৰায়ুত পাঠ কৰা বীৰ্যৰ আদি কথা

শু থকা চহৰখনৰ সোঁ-হাতত লিখি দিয়া
ভেকুলীৰ ইতিহাস ….

Post a Comment

0 Comments