কোনো কথা নাইকোকিল শইকীয়া
নিতান্তই প্ৰয়োজনীয় বা অপ্ৰয়োজনীয় বুলি
কোনো কথা নাই
এন্ধাৰ হোৱাৰ আগতে পোহৰ পাবগৈ লাগিব
সেই বুলিও কোনো কথা নাই
মই তোমাক ভাল পালোঁ
তুমিও মোক ভাল পাব লাগিব বুলি
কোনো কথা নাই
আজি সন্ধিয়াতেই ডাকচাপৰিলৈ যাম
টেটুলৈকে খাম আপং আৰু গাহৰি
দেৰিকৈ হ’লেও
ৰাতিয়েই ঘুৰিব লাগিব
বুলিওটো কোনো কথা নাই
কেৱল নিৰ্ঘাত দুখ আৰু নিৰাসক্ত সত্যৰ বাহিৰে
কোনো ধৰা-বন্ধা
কথা নাই
বাকী
যিবোৰ কথা আছিল
সেইবোৰ ইতিমধ্যে কথা হৈ থকা নাই

0 Comments