চাবোন

 চাবোন
কোকিল শইকীয়া



নিজে ক্ষয় গৈ গৈ চাবোনে আমাৰ মলিয়ন দেহটো নিকা কৰে
তাৰপাছতো ছালৰ ফাকে ফাকে কিছুমান দাগ থাকি যায়
বীজাণুনাশক চাবোনো এক বিজাণু

 

দুখ লাগে,
পানীৰ অবিহনে চাবোনে কেতিয়াও ফেনাবলৈ নিশিকিলে

 

অতি পিছল, সুগন্ধি আৰু  সুকোমলতাৰ বাবে চাবোনৰ সান্নিধ্য ভাল লাগে
কিন্তু অলপ অসাৱধান হ'লেই হাতৰ পৰা পিছলি পৰি যায় স্নানাগাৰৰ লেতেৰা মজিয়াত
তেতিয়া তাক উঠাই আনি আকৌ গাত ঘঁহিবলৈ আমাৰ ঘিণ লাগে

 

মোৰ ঘৰতে এটি চাবোনৰ কাহিনী
ঘৰ ঘৰ কী কাহিনী----


স্নানাগাৰত পুৱাই সোমাই মোৰ মা
তাৰ পাছত দেউতা
তাৰ পাছত ভাইটো
ৰু তাৰ পাছত বাইদেউে দীৰ্ঘ সময় মজা লুটে চাবোনৰ
নমৰালৈকে এনেদৰেই চাবোনক অপদস্থ কৰি থকা হয়

 

ময়ো ৰাতিপুৱা দেৰিকৈ উঠি স্নানাগাৰত সোমাও
আৰু তাৰপাছত মোৰ দেহৰ সান্নিধ্যত আকৌ চাবোনৰ এচিকুট আয়ুস কমে

 

'কাপোৰ ধোৱা' চাবোন বুলিও এডোখৰ চাবোন আছে
সি যেনিবা নাপায় কোনো সুঠাম পুৰুষ, দেহৱতী নাৰী অথবা শিশুৰ দেহৰ কোমল জুতি ।
তথাপি সি তাৰ একেখন জিভাৰেই চলেকি চাফা কৰিবলগীয়া হয়
মা আৰু বাইদেউ পেন্টি আৰু ব্ৰা
দেউতা আৰু ভাইটিৰ অন্তৰ্বাস

 

সেয়ে চাবোন বাইচেক্সুৱেল

 

এই দুনীয়াত চাবোনৰ মৰ্যাদা থকা উচিত

Post a Comment

0 Comments