প্ৰহসন

 প্ৰহসন
কোকিল শইকীয়া


যোৱাটো জনমত  মেটামফৰ্ছিছ
এটা পইতাচোৰালৈ ৰূপান্তৰিত হৈ
চাকৰণীৰ ঝাৰুৰ কোব খাই মৰাৰ পিছত
এইটো জনমত বাঁহনিত মেখেলা কোচাই বহোতে
তোমাৰ টিকাত কামুৰি মৃত্যুবৰণ কৰা
মই এটা ম
এদাল প্ৰাচীন শুং

 

ভাবিবলৈ বাধ্য যে
ষ্টিফেন হকিঙে পদাৰ্থ বিজ্ঞানত তোমাৰ হাততে
এনেকৈয়ে লিখি থৈছে মোৰ অধচ মৃত্যু

 

একান্তই বিষণ্ণ আৰু মৌন সময় উদযাপনৰ সময়ত
কোনো বন্ধুৰ পৰা অহা আমনিদায়ক ফোনকলটো
কিবা ভাবি গ্ৰহণ কৰি কৃত্ৰিম সঁহাৰি
তাতো এক অস্বস্তিকৰ সংগ্ৰাম
ঠিক তুমি মোৰ ভাল পাই থাকিবলৈ
আৰু মই তোমাক ভাল পাই থাকিবলৈ কৰা
ৰুচিহীন সংগ্ৰামখনৰ দৰে

 

কাণৰ কাষত গুণ গুণাই থকা কবিতাটো  ধৰিবলৈ লওঁতে
উৰা মাৰি গুচি যায় যেনেকৈ
খেদি
খেদিও তাক কৰায়ত্ত্ব কৰিব নোৱাৰি
কি প্ৰহসন এই কবিতাৰ
প্ৰহসনীয় ভালপোৱাও

 

এদাল প্ৰাচীন শুং হৈ
মই তোমাকেই কামুৰি মৰি যাম
অন্ততঃ তোমাকো খন্তেক  খজুৱাব
আৰু অনুচ্ছ তৃপ্তিৰে শেষ হব এই প্ৰহসনীয় ক্ষুধা

Post a Comment

0 Comments