মহাকৰ্ষণ বাদুলী আৰু মই

 মহাকৰ্ষণ বাদুলী আৰু মই
কোকিল শইকীয়া


অপৰিহাৰ্য অৱস্থিতিত মোৰ অৱস্থান এটা বাদুলীৰ দৰে
নিয়্মমাফিক স্থিতিবোৰৰ প্ৰতি মোৰ বুঢ়া আঙুলী
পৰিতৃপ্তিৰ অপৰিহাৰ্য বিকৰ্ষণ অথবা অনস্বীকাৰ্য এটা কৰুণ সূত্ৰৰ বাবেই
আনকি পাৰ্শ্বীয় অভিবক্তিতো অভাৱ বাদুলীৰ বাখ্যা

 

সমস্যা কতোৱেই নাই
শোক নিৱাৰণৰ প্ৰস্তাৱত
অপ্ৰস্তুত হোৱাৰ বাবেই নেকি
সমস্যাবোৰকেই সমাধান বুলি মানি নোলোৱাৰ বাবেই নেকি
এটা প্ৰশ্নহীন উত্তৰ হৈ থাকিল

 

উত্তৰটোৰ অৱস্থিতি অপ্ৰমেয়
কিয়নো
ওলোটাকৈ বমিয়াব পাৰিলেও হাগিব নোৱাৰি

 

সেই কথা জানিও ,
মহাকৰ্ষণ তত্ত্বকলৈ কৰা অতিকল্পিত বাতলামি
মূৰ্খতা অথবা চয়্তানিয়তাৰে দ্বিধা সৃষ্টিৰ বাবে অন্ততঃ
মোক কোনেও ক্ষমা নকৰে

Post a Comment

0 Comments