ই কি চমৎকাৰ

 ই কি চমৎকাৰ
কোকিল শইকীয়া




ই কি চমৎকাৰ
ইমান অস্থিৰতা ইমান দ্বন্দ আৰু দ্বিধা
তাৰ পিছতো মই প্ৰেমত পৰিব পাৰিছোঁ

 

ইমান ধূসৰ সন্ধিয়া
আৰু ঘোপ মৰা পুৱা
পাৰহৈ আহিও
আত্মহননৰ নিশা
মই প্ৰেমত পৰিব পাৰিছোঁ
ই কি চমৎকাৰ

 

ফুটুকলা ভেলি নিশা হলেই নামে হাতী
গাভৰুৰ পাৰত ৰৈ এদি ভাবিছিলোঁ

পাহাৰবোৰ ঢাল
নদীবোৰ তৰোৱাল
ভাবিছিলোঁ কাচিনৰ এটা প্ৰবাসী সমাধিৰ কথা
নিশাবোৰ কিমান দূৰলৈকে বিস্তৃত
একে নিশাই পাৰ হব পাৰি নে
গোটেইবোৰ এন্ধাৰ

 

প্ৰেমে কি দিব পাৰে
মই জানোঁ
বোধ অন্বেষণৰ পিছৰ ৰাতিপুৱাটো
প্ৰেমৰ বাবে নহয়

 

তুমিও চমৎকাৰতকৈও চমৎকাৰী নহয়
ময়ো নহয় অজ্ঞান এন্ধাৰ
ইমানৰ পিছতো মই প্ৰেমত পৰিব পাৰিছোঁ
ই কি চমৎকাৰ

Post a Comment

0 Comments