শিৱ
কোকিল শইকীয়া
কোকিল শইকীয়া
(কোনোবা এটা তন্ময় দিনত
মই গৈ থাকোতে
মোৰ
পিছে পিছে আহি আছিল শিৱ
নে মইহে গৈ আছিলোঁ
শিৱৰ আগে আগে
)
চিটি বাছত গৈ
থাকোতে
মহানগৰীৰ ভষ্মধূলা আৰু দিছপুৰৰ সাপ এডাল ডিঙিত আঁৰি
এৰীয়া কাপোৰ এখনেৰে গা-মূৰ ঢাকি মোৰ
কাষৰ চিটটোতে বহিলহি শিৱ
মই দেখিয়েই চিনিলোঁ
আৰে! এইটো দেখোন শিৱ । ই নিশ্চয়
পলাই ফুৰিছে
মই চিনি পোৱা দেখি শিৱ নাৰ্ভাচ
মই আশ্বাস আৰু আস্থা প্ৰদান কৰাৰ পিছত
সি অলপ সহজ হ’ল
লাউলোৱা শিৱৰ বাছৰ ভাড়াটোও নাই
মোক লগ
নোপোৱা হ’লে হয়তো
কণডাক্তৰে দিলেহেঁতেন বাছৰ পৰা গতিয়াই
যেনিবা ময়েই ভাড়াটো দিলোঁ
লতাশিলতে নমাই শিৱক মই লৈ গ’লো উজান বজাৰ ঘাটলৈ
বোলো কি হ’ল ?
দেহি ঐ দেহি
মোৰ দুখ লাগি গ’ল
হাল-কোৰ মাৰি দুবেলা দুমুঠি খাই থকা চহা মানুহ
শিৱৰ নগুৰ-নাকটি হ’ল
অসম আন্দোলনৰ সময়ত
কত শিৱই বিষপান কৰিলে
কত শিৱই পঢ়ি-শুনি নল’লে চাকৰি
কত শিৱক এৰি গ’ল পাৰ্বতীয়ে
কত শিৱই বুকু পাতি ল’লে কালিৰ চৰণ
প্ৰেমত বিফল হৈ কত শিৱই
অকলেই থাকিল আজীৱন
আপোনভোলা সহজ সৰল শিৱই মূৰ তুলি গাই থাকিল উদযাপনৰ গান
তপস্যাৰ শূন্যতাত পৰম মজা লুটি ল’লে কুকুৰ ধূলি জীৱনৰ
ভাঙৰ ধোৱাৰে ঢাক খাই থকা শিৱৰ পৃথিৱীখন কোনেও নেদেখিলে ।
2 Comments
মজা !
ReplyDeleteJui
ReplyDelete