পাজ
কোকিল শইকীয়া
নমস্কাৰ পাজ
আজি আমাৰ ইয়াত এহাল মানুহ মৰাৰ কথা আছে
একেলগে এহাল মানুহ
আৰু আগচোতালৰ আগলি ৰ’দত
বুঢ়াটোক বহোৱাই থৈ
আপোনাক আদৰিবলৈ গৈছিলোঁ
বাটতে বৰষুণে পালে
কৰমৰ্দন কৰমৰ্দন
ইমান চেঁচা আপোনাৰ হাতখন
লেউসেউ জাতিলাও লাত
ইমান নিৰ্জু আপোনাৰ চকুৰ চাৱনি
সপ্ত ইন্দ্ৰিয়ৰ হেৰি সাধন
নমস্কাৰ পাজ
মই আপোনাক চুই চাব খোজো
এমাইল আঁতৰৰ পৰা
0 Comments