চন্দন গোস্বামীৰ কবিতা সংকলন ‘জনান্তিক’কোকিল শইকীয়া
দীৰ্ঘদিন ধৰি চিৰিয়াছভাৱে কবিতা চৰ্চা কৰি অহা কবি চন্দন গোস্বামীৰ কাব্য সংকলন ‘জনান্তিক’ প্ৰকাশ পালে । ধ্ৰুপদী সংগীতৰ লয়টোৰ দৰে গহীনতা আৰু গভীৰতা চন্দন গোস্বামীৰ কবিতাত পৰিলক্ষিত হয় । ই নিশ্চয় ধ্ৰুপদী সংগীতৰ প্ৰেৰণাৰ ফল । ধ্ৰুপদী সংগীত আৰু কবিতাৰ মাজৰ একেবাৰেই প্ৰাথমিক মিলটো হ’ল যে – ধ্ৰুপদ পৰিৱেশন, শ্ৰৱণ আৰু গ্ৰহণৰ
বাবে যেনেদৰে দীৰ্ঘদিনীয়া এটি ‘প্ৰেক্টিছ’ৰ প্ৰয়োজন হয় , ঠিক তেনেদৰে কবিতা পঢ়িবলৈ আৰু লিখিবলৈ এটা জটিল আৰু দীৰ্ঘদিনীয়া ‘প্ৰেক্টিছ’ৰ প্ৰয়োজন হয় । গুৰুত্বপূৰ্ণ কথা যে চন্দন গোস্বামীৰ কবিতাত ক্লাছিজিজমৰ স্বাদ আছে । ননী বৰপূজাৰীৰ এখন ধুনীয়া বেটুপাতৰ সৈতে চন্দন গোস্বামীৰ ‘জনান্তিক’ এখন সুন্দৰ কবিতাৰ কিতাপ ।
এক ব্যক্তিগত ব্যঞ্জনাৰ লগতে প্ৰত্যক্ষ কৰা কিছুমান ভাব-বস্তুক ব্যঞ্জনা কৰি তোলাৰ প্ৰৱণতা কবিৰ আছে । কবি এজনে যিটো ভাষাত কবিতা লিখে সেই ভাষাটো কবিৰ ভাবৰ ভাষাটো ন’হলে সেই পাঠ ৰসনীয় হৈ নুঠে । কবি গোস্বামীৰ কবিতাৰ ভাষাটো ঠিক তেনেকুৱা । ভাবৰ নিৰ্দেশ অনুসৰি ভাষা আৰু আংগিক নিৰ্মাণ ।
চন্দন গোস্বামীৰ কবিতা মানসিক দ্বন্দ আৰু দ্বিধা বা অস্থিৰতাৰ ফচল নহয় । স্থিৰ, গম্ভীৰ, পৰিশীলিত বৌদ্ধিক প্ৰাবল্যৰ সমাহিত অভিব্যক্তি । ক্লাছিজিমৰ প্ৰতি চন্দন গোস্বামীৰ আকৰ্ষিত হোৱা দেখা যায় । গোস্বামীৰ প্ৰায়বোৰ কবিতাতে নিহিত হৈ থকা মহাজাগতিক চেতনা, সময় আৰু স্থানৰ বোধ, দেহতত্ব আৰু দৰ্শন , জিজ্ঞাসাৰ ৰহস্যৰ সমাহাৰ ক্লাছিজিমৰ দ্বাৰা নিঃসৰিত হৈছে । কেৱল ধ্ৰুপদী সাহিত্যই নহয় তিৱা লোক সাহিত্যৰ চেতন ব্যৱহাৰে চহা জীৱন চৰ্চা, গ্ৰাম্য নন্দনতত্বক এক মুখ্য উপদান কৰি তুলিছে । তিৱা লোক গীত মাতক আনিম বুলিয়েই কবিতালৈ অনাৰ বাবে যিদৰে কবিতাক অভিনৱত্ব প্ৰদান কৰিছে ঠিক তেনেদৰে আনফালৰ পৰা কবিতাত লোক-গীত-মাত-কথাৰ স্বয়ংকীয়তাত ছন্দ পতন ঘটাইছে । ই পাঠকৰ বাবে কেতিয়াবা আমনিদায়ক হৈ উঠিব পাৰে । অসমীয়া আধুনিক কবিতাত লোক-বস্তুৰ আধুনিক অৱলম্বনৰ যোগেদি সমাজ-বাস্তৱতা তুলি ধৰি নীলমণি ফুকনে যিটো বাট কাটিলে, তেনেকৈ তাৰ পিছত লোক-বস্তুক কবিতাত নিমখৰ দৰে লীন নিয়াই অন্য এটা বাট কাটিলে জ্ঞান পূজাৰীয়ে ।
গোস্বামীৰ কবিতাৰ ঠয়ে ঠায়ে হঠাৎ লোকগীতসুৰীয়া দুই এটা শাৰী আৰু ঠায়ে ঠায়ে মুখৰ চহা
ভাব-ভাষাৰ ব্যৱহাৰ পৰিলক্ষিত
হয় । এইখিনিতে এটা কথা আমি মন কৰো , চন্দন গোস্বামীৰ
কবিতাত এফালে উচ্চ বৰ্ণীয় ধ্ৰুপদী সাহিত্য আৰু সংগীতে কবিতাত ঠাই লৈছে, তাৰ সমানে সমানে কিন্তু গোস্বামীৰ কবিতাত নৃগোষ্ঠীয় সত্ত্বা আৰু মনঃসমীক্ষণেও ঠাই লৈছে । ৰেলৰ দুডাল চিৰিৰ এডাল যদি ক্লাছিজিম আৰু আনডাল ফ’ক । তাৰ ওপৰেৰে গোস্বামীয়ে ৰে’লৰ এটা দীঘলীয়া যাত্ৰা অভিমুখে উকিয়াইছে । এই দুইটা দিশৰ সমাযোজন চন্দন গোস্বামীৰ কবিতাৰ মন কৰিবলগীয়া কথা।
দীৰ্ঘদিন ধৰি চিৰিয়াছভাৱে কবিতা চৰ্চা কৰি অহা কবি চন্দন গোস্বামীৰ কাব্য সংকলন ‘জনান্তিক’ প্ৰকাশ পালে । ধ্ৰুপদী সংগীতৰ লয়টোৰ দৰে গহীনতা আৰু গভীৰতা চন্দন গোস্বামীৰ কবিতাত পৰিলক্ষিত হয় । ই নিশ্চয় ধ্ৰুপদী সংগীতৰ প্ৰেৰণাৰ ফল । ধ্ৰুপদী সংগীত আৰু কবিতাৰ মাজৰ একেবাৰেই প্ৰাথমিক মিলটো হ’ল যে – ধ্ৰুপদ পৰিৱেশন, শ্ৰৱণ আৰু গ্ৰহণৰ
বাবে যেনেদৰে দীৰ্ঘদিনীয়া এটি ‘প্ৰেক্টিছ’ৰ প্ৰয়োজন হয় , ঠিক তেনেদৰে কবিতা পঢ়িবলৈ আৰু লিখিবলৈ এটা জটিল আৰু দীৰ্ঘদিনীয়া ‘প্ৰেক্টিছ’ৰ প্ৰয়োজন হয় । গুৰুত্বপূৰ্ণ কথা যে চন্দন গোস্বামীৰ কবিতাত ক্লাছিজিজমৰ স্বাদ আছে । ননী বৰপূজাৰীৰ এখন ধুনীয়া বেটুপাতৰ সৈতে চন্দন গোস্বামীৰ ‘জনান্তিক’ এখন সুন্দৰ কবিতাৰ কিতাপ ।
এক ব্যক্তিগত ব্যঞ্জনাৰ লগতে প্ৰত্যক্ষ কৰা কিছুমান ভাব-বস্তুক ব্যঞ্জনা কৰি তোলাৰ প্ৰৱণতা কবিৰ আছে । কবি এজনে যিটো ভাষাত কবিতা লিখে সেই ভাষাটো কবিৰ ভাবৰ ভাষাটো ন’হলে সেই পাঠ ৰসনীয় হৈ নুঠে । কবি গোস্বামীৰ কবিতাৰ ভাষাটো ঠিক তেনেকুৱা । ভাবৰ নিৰ্দেশ অনুসৰি ভাষা আৰু আংগিক নিৰ্মাণ ।
‘জনান্তিক’ৰ প্ৰথমটো কবিতা ‘শাল’ এটা গুৰুত্বপূৰ্ণ আৰু উৎকৃষ্ট কবিতা । জীৱন বৃত্তক আৰু কালচক্ৰক উপস্থাপন কৰিবলৈ গৈ কবিয়ে তাঁতশালৰ পৰা কমিউনিষ্টলৈ, জুইশালৰ পৰা অৰণ্যলৈ অনু্সংগ আনি কবিতাটোৰ মাজেৰে সামাজিক, ৰাজনৈতিক, ঐতিহাসিক চহাজীৱনটোক পাত কৰিছে । কবিতাৰ যি বিস্তৃতি, কবিতাৰ যি ভেৰাইটি তাক ইয়াত দেখিবলৈ পোৱা যায় । ‘কুমাৰে গঢ়ে মাটিৰ কবিতা’ বুলি কৈ কবিয়ে কবিতাক মানুহ আৰু মাটিৰ লগত, যিকোনো সৃষ্টি আৰু শ্ৰমৰ লগত সংস্পৃক্ত কৰিছে ।
কবিতা হৈছে সত্যৰ উন্মোচন । যিকোনো কথাক সত্য বুলি পতিয়ন নিয়াব পৰাটোতে কবি এজনৰ কাব্যিক আৰু ভাষিক চোকটো জড়িত হৈ থাকে । ইয়েই পাঠকৰ মনত তুলি দিয়ে কবিৰ প্ৰতিভাৰ ভাৰ । কেতিয়াবা ভাবগভীৰ বোধেৰে আৰু কেতিয়া ভাষাৰ বুদ্ধিমত্তাৰে, আৱেগৰ ব্যঞ্জনাৰে কবি এজনে একোটা কথাক সত্য বুলি তুলি ধৰে । যেনেদৰে বিপুলজ্যোতি শইকীয়াই তুলি ধৰিছিল এইদৰে – ‘ বাস্তৱ কেৱল কঠিনেই নহয়, মাজে মাজে একেবাৰে অৰ্থহীন ।’ ঠিক তেনেদৰে চন্দন গোস্বামীয়ে সত্য বুলি পতিয়ন নিওৱাত সফল হৈছে ‘এখন চোতাল নথকা মানুহৰ প্ৰতি’ কবিতাটোত । চোতালখন হৈছে অসমীয়া জাতিৰ পৰম সম্পদ । অসমীয়া আৰ্থ-সাংস্কৃতিক দিশটোৰ লগত আমাৰ চোতালখনৰ এক নিভাঁজ সম্পৰ্ক আছে । কিন্তু লাহে লাহে ৰাজনৈতিক, অৰ্থনৈতিক কাৰকে মানুহৰ চোতালবোৰ গ্ৰাস কৰি আনিছে । ই হৈছে জাতি এটাই জাত হেৰুৱাই ভোগবাদ আৰু নব্য উদাৰতাবাদী পুঁজিবাদৰ কবলত পৰাৰ লক্ষণ । চোতালখন নোহোৱা হোৱাৰ লগে লগে কেৱল চোতালেই নোহোৱা হোৱা নাই, চোতালৰ লগতে আন বহুতো অমূল্য সম্পদো হেৰাই গৈছে । তাৰ ঠাইত আহিছে ভোগ আৰু যান্ত্ৰিকতা । লাহে লাহে চোতালৰ সেই তাঁতশালখন, বিয়াৰ ৰভাখন, ধানৰ ডাঙৰি, চোতালৰ পৰা দেখা আকাশখন নোহোৱা হোৱাৰ কথাটোৱেই মাটিৰ মানুহ মাটিৰ পৰা আঁতৰি যোৱাৰেই লক্ষণ । কবিয়ে এই কবিতাটোৰ যোগেদি মুকলি বজাৰকেন্দ্ৰিক অৰ্থনৈতিক প্ৰতিযোগিতাই উৎপন্ন কৰা বৰ্ধমান উপভোক্তাৰ কথাটোক কাব্যিকতাৰে এক আৰ্থ-ৰাজনৈতিক সৰ্তকীকৰণো প্ৰদান কৈছে । এই সৰল কবিতাটোৰ মৰ্ম বহু গভীৰলৈ শিপাই আছে । কবিতাটোৱে এটা কথা ফটফটীয়া কৰি দিছে যে লোক-জীৱন কেনেদৰে বিধ্বস্ত হ’বলৈ ধৰিছে । ইয়াৰ ফলত কি পাম আৰু কি হেৰুৱাম, সৰলতা আৰু সততা কেনি যাব, মানৱ জীৱনত মানৱীয় প্ৰাণ কিমান দিনলৈ বৰ্তি থাকিব এনেবোৰ বহু কথা ভাবিবলৈ বাধ্য কৰায় এই কবিতাটোৱে । বিশিষ্ট আলোচক প্ৰদীপ আচাৰ্য্যদেৱেও এই কবিতাটোক এটা সাৰ্থক আধুনিক কবিতা বুলি স্পষ্ট কৰি দিছে । একেদৰে বিশিষ্ট আলোচক প্ৰভাত বৰাদেৱেও কৈছে –‘‘ এই সংকলনখনিত অন্তৰ্ভুক্ত ‘ এখন চোতাল নথকা মানুহৰ প্ৰতি’ কবিতাটো পাৰ হৈ যোৱা দশকটোৰ অসমীয়া কাব্য সাহিত্যৰ এটা অতি উল্লেখনীয় সৃষ্টি ।”
চন্দন গোস্বামীৰ প্ৰতিটো কবিতাই ৰাজনৈতিক । প্ৰতিটো কবিতাতেই আছে সমাজ আৰু মানুহৰ কথা । কিছু কবিয়ে সমাজ আৰু মানুহৰ কথা ক’বলৈ গৈ কবিতা লিখে আন কিছুমানে কবিতা লিখিবলৈ গৈ কবিতাত সমাজ আৰু মানুহৰ কথা লিখে । কিন্তু চন্দন গোস্বামীয়ে কবিতা লিখিছে । সেই কবিতা হৈছে সময়ৰ কথা কোৱা কবিতা । ই মাক্সীয় প্ৰগতিশীল আদৰ্শৰ দ্বাৰা অনুপ্ৰেৰিত ।
‘জেওৰা’ কবিতাটো এটা আন্তৰ্জাতিকতাবাদী কবিতা । কবিয়ে পৃথিৱীক ভাল পাব খোজে । কবি বিশ্ব ভাতৃত্ববোধত বিশ্বাসী । সেয়ে কবিয়ে লিখিছে –
“ আজি সীমাত কত যে ৰূপ কত যে প্ৰযুক্তি কত যে কি কথা/ ঠেলা ঠেলি / বুকুৰ কুটুমো পৰে ৰণত ”
“দেশে দেশে জেওৰা-জপনা-গোঁজ পোতাৰ নামত মাথোঁ/ সীমাবিবাদ/
জলবিবাদ/ সন্ত্ৰাসবাদ/নৰসংহাৰ/পাৰমাণৱিক আতংক/ আৰু নাম দিয়ে ধৰ্ম যুদ্ধ
হে সাৰস্বত্ব সমাজ এতিয়া কোন যুগন্ধৰে যুগপৎ চিন্তাৰে ক’ব/ যুদ্ধ মানেই জীৱন”
-
জেওৰা
গোস্বামীৰ কবিতাত ইতিহাস চেতনা আৰু মিথৰ ব্যৱহাৰ মনকৰিবলগীয়া । ঠিক তেনেকৈ চিত্ৰশিল্পৰ নিৰ্বাক সৌন্দয্যক বাকময় পৰিৱেশ্য কলালৈ ৰূপান্তৰিত কৰিব খোজা কৌশল আৰু নাটকৰ বাহ্যিক উপস্থাপনত অৰ্ন্তলীন হৈ থকা নেদেখা সত্যৰ অম্বেষণ কৌশলৰ ব্যৱহাৰ চন্দন গোস্বামীৰ কবিতাত ধৰা পৰে । এনেবোৰ কথাই কবিৰ অন্তৰ্দৃষ্টিসম্পন্ন সত্য উন্মোচনৰ উদ্দেশ্য সবলভাবে তুলি ধৰে । এইখিনিতে দুটামান শাৰী তুলি দিলো-
“ যুগে যুগে গুপ্তচৰে গুপ্তচৰক/ যি পাঠ দিলে অসাৰ/ তাতে কবিয়ে দিয়ে সাৰ ”
- কবিতা
“ উঁইচিৰিঙাৰ মাতত লুকাই থাকে ৰ’দ/ পথাৰত বীজৰ স্তুতি ”
-
যাদু
বিশেষকৈ আধুনিকতাবাদী, আন্তৰ্জাতিকবাদী, সাম্যবাদী, প্ৰগতিবাদী তথা যুক্তিবাদী চিন্তা প্ৰসুত কবি চন্দন গোস্বামীৰ কবিতাৰ মনোভঙ্গীৰ ক’ৰবাত ক’ৰবাত আমি উত্তৰ-আধুনিক বিনিৰ্মাণো দেখা পাওঁ । দেখা নাপাওঁ সহজ আৰু বহুল জনপ্ৰিয়তাৰ দিশে ধাবমানিত কবিতাৰ কোনো চমৎকাৰী কৌশল । চন্দন গোস্বামীৰ কবিতা গভীৰ অধ্যয়ন, তীক্ষ্ণ অৰ্ন্তদৃষ্টি আৰু ধ্ৰুপদী সংগীতৰ দৰে দীৰ্ঘদিনীয়া সুস্থিৰ চিন্তা-শ্ৰমৰ ফল । সত্যৰ অন্বেষণকাৰী কবি চন্দন গোস্বামীৰ কবিতা হৈছে সময়ৰ কথা কোৱা কবিতা । কবি সৌন্দৰ্য্যৰো পূজাৰী । সকলো সত্য সুন্দৰ নহয় । চন্দন গোস্বামীৰ কবিতাত আমি সুন্দৰৰ সত্যৰ প্ৰতি মায়া জাগি উঠা দেখা পাওঁ । ইয়াৰ উপৰিও কবিতাৰ ‘কণ্টেন্ট’ৰ বিস্তৃতি আৰু পাঠৰ সামূহিক নিৰ্মিতিয়ে কবি চন্দন গোস্বামীৰ কবিতাক আনতকৈ পৃথক কৰি ৰাখিব । এইবোৰ কাৰণতে চন্দন গোস্বামীৰ ‘জনান্তিক’ সাম্প্ৰতিক অসমীয়া কবিতাৰ এখন গুৰুত্বপূৰ্ণ কাব্য সংকলন আৰু চন্দন গোস্বামী এজন শক্তিশালী কবি ।
1 Comments
সুন্দৰ সমীক্ষা। বিশ্লেষণৰ কৌশল মনপৰশা। ভাল লাগিল। চন্দন ছাৰৰ কলমৰ গতি দ্ৰুত গতীলৈ উন্নীত হওঁক । শুভাশীষ সদায় থাকিব 🤝
ReplyDelete