কবিতা – ১
মোৰ কান্ধত পৰি থকা চৰাইটো
কোনোবাই গুলী কৰি মাৰিলে
চিঁচা চেহেৰাত তেজবোৰ চিটিকি পৰিল
কোনোবাই মোক এবটল কমদামী মদ দিয়া ।
কবিতা – ২
মোৰ কবিতাবোৰ নাছিল কোনো নাৰীক সহজেই
প্ৰেমত পেলাব পৰা অথবা
এজন যুৱকৰ হাতত ষ্টেনগান তুলি দিব পৰা
মাধ্যম
কবিতাবোৰ আছিল মোৰ বাবে মাথোঁ
আত্মশোচনা আৰু উপভোগৰ এটা মেজিক অথবা
অভিশাপ
কেতিয়াবা ভাবো বাদ দিও কবিতা
কবিতা বাদ দি নো থাকিল
কেবিতা কেৱল ভ্ৰমৰ লিখন
কেৱল কেৱল নিজৰ সৈতে এটা সঁচা আলিংগন
।
0 Comments