সমকাম

 সমকাম

কোকিল শইকীয়া

 


পকেটত হাত ভৰাই

দেশ কালৰ তৰংগ জপ কৰি থাকোতে

এটা কথা কবলৈকে থাকি গ

 

 

মোৰ শৰীৰ মোৰ অধিকাৰ

কথাষাৰ তেনেই মিছা

আৰু ফৰাচী কবিতাবোৰৰ দৰেই জটিল

 

বননিত বতাহ বলে

বাঁহগছত বতাহ বলে

শৰীৰত বতাহ বলে

বৰষুণৰ ৰাতি খিৰিকীৰে পেচাব কৰোঁতে বতাহ বলে

 

 

পাৰিবানে তুমি বতাহ বলাই দিব

ৰামধেনু কামধেনু

 

মোৰ শৰীৰ মোৰ অধিকাৰ

কথাষাৰ তেনেই মিছা

 

বতাহ বলে

প্ৰেম প্ৰকৃতি শৰীৰ

এটা কথা কবলৈকে থাকি গ


Post a Comment

0 Comments