কাজু

কাজু

কোকিল শইকীয়া

চকুৰ মণিটোতে ব্ৰহ্মাণ্ড
ৰবাব টেঙাটোৰ ভিতৰতো অলেখ সূত্ৰ থাকে
কিহৰ বিনিময়ত ঘূৰাই আনো ধ্ৰুপদী সংগীতৰ দৰে বাগৰি বাগৰি
টোপনিৰ মাজত হেৰাই যোৱা সুৰ ধ্বনি

 

ৰক্ত মাংস পেশী
নিস্বাৰ্থ বুলি একোৱেই কথা নাই
মাতৃ দুগ্ধতো নিহিত হৈ থাকে নিৰ্মম সিদ্ধি
হেৰাই লেও এই পৃথিৱী মহাশূন্যৰ ৰবাত
কি ক্ষতি
ৰহস্যৰ দুৱাৰ কাহানিও খোল নাখাব

 

নিজৰ বুলি ভাবিলেই নিজৰ
কোন আপোন কোননো পৰ
পুৱা বুলিলেই ভৰদুপৰ
শৈশৱতে নিজৰ বুলি ভাবি বাৰী ঢাপৰ এখোজ মাটিত
ৰুই দিছিলোঁ এটা মধুৰীআমৰ পুলি
আজি মই কবি নহয় এটা মধুৰিয়াম পাতৰ গোন্ধ
মোহাৰি নাকত বা নেকি

 

তাছপাতৰ দাৰ্শনিক হৈ
এই কথা এতিয়াহে বুজিলোঁ অনেক নিষিদ্ধ কথা আছে
গোলাপ চিঙিবলৈ গৈ
তেজত ডুবি অলেখ মানুহ মৰিছে


এটা ৰাতিৰ ভিতৰতো বহুতো ৰাতি থাকে
এটা পোহৰৰ ভিতৰতো বহুতো পোহৰ থাকে
এটা পোহৰৰ ভিতৰতো এটা ৰাতি
এটা ৰাতিৰ ভিতৰতো এটা পোহৰ

Kaju

ত্ৰিকোণামিত্যিৰ উপপাদ্যতকৈ সৰল নাছিল
কাঠি-কামি কৰি খৰাহি এটা সজা কামটো
জেওৰা এখন বোৱাতো
অথচ ইয়াত সৰলতা আছে
তাত নাই (মানুহে কয়)

 

সৰলতা বা জটিলতাৰ কথা ওলালেই মনত পৰি যায়
দুনীয়াত ভাবৰ যিমান সৰলতা আছে সিমান সৰল শব্দ নাই
ভাবৰ যিমান জটিলতা আছে সিমান জটিল শব্দ নাই
একাকাৰ হয়নে নহয় ভাব আৰু ভাষা
কবি আৰু কবিতা

(প্ৰেমৰ কবিতাবোৰ সেইবাবেই আটাইতকৈ ডাঙৰ ধাপ্পাবাজী)

 

বাৰু যি কি নহওক
কিছুমান কথা মই এনেয়ে কয় চাব বিচাৰো
এনেয়ে কৈ দিয়া কথাবোৰ
ৰবাত ফলিয়াই যায় সাংঘাতিক

আকৌ
কেতিয়াবা বাস্তৱত ঘটি যোৱা ঘটনা এটা
এনে লাগে ঠিক এনেকৈয়ে এই ঘটনাটোকে মই সপোনত দেখিছিলোঁ কেতিয়াবা
যি
যাদুকৰী বাট পাৰহৈ আহোঁতে দেখি আহিছিলোঁ
আকাশখনে
চৰাইবোৰ খেদি খেদি অসীমলৈ লৈ গৈছে
আৰু মই অতৰ্কিতে থমাই
থৈছোঁ উৰন্ত আকাশ

 

কি লুকাই থাকে নাৰীৰ লেলিহান শৰীৰ ভিতৰত
নিৰাসক্ত ৰাতিৰ এন্ধাৰবোৰ চাকি চাকি মই
ভালপাবলৈ শিকিলোঁ

 

যমুনাৰ আধালৈকে সাকোঁডাল
সিপাৰে আছিল সৰিয়হ সাগৰ
সিপাৰৰো সিপাৰত আছিল পাৰাপাৰ নোহোৱা বহুতো সিপাৰ

 

কাজু কাই, বাকীনো আৰু কি
কি আছে এই অসাৰ জীৱনত
কিনো নাই
মই যে আছোঁ বা তুমিও যে আছাঁ
আৰু আছে তৰু-তৃণ পশু-পক্ষী মৈথুন আৰু ভোক
মায়াশৰ্যা মাজে আছয় ঘূমতি যায়

Post a Comment

0 Comments