কুকুৰ
কোকিল শইকীয়া
মই এটা কুকুৰ পুহিম
তাক নিমখ খোৱাম
চেনী খুৱাম
একদশীবোৰত লঘোণে থাকিম
সন্ধিয়া সাত বজাত তাক বাতৰি দেখুৱাম চেলেনত
তাৰ পিছত টক শ্ব’
মোৰ গিলাচৰ পৰা প্লেট এখনত তাকো অলপ বাকি দিম সন্ধিয়াৰ সুধা
চিনেমা দেখুৱাম,
ধ্ৰুপদী শুনাম
সি মোৰ প্ৰাতঃ ভ্ৰমণৰ সংগী হ’ব নিতৌ
মাজে মাজে সি
মোক কামুৰিব
মাজে মাজে মই তাক কামুৰিম
পগলা হ’ব সি
পগলা হ’ম মই
দুখৰ দিনত মই
যেতিয়া উদযাপন কৰিম দুখ
কোঠাৰ কোনোবা কোণত সি জোপোকা লাগিব
কাতৰেৰে চাই থাকিব মোলৈ
তাকে দেখি দুখ মোৰ আৰু গধুৰ হ’ব
সুখৰ দিনত সি
জপিয়াই জপিয়াই মোৰ
কোলালৈ আহিব খুজিব মৰম বিচাৰিব
আৰু মই
তাক উপেক্ষা কৰি
সুখ উদযাপন কৰিম
পগলা হ’ব সি
পগলা হ’ম মই
আৰু যদি সি
মোক কামুৰি দিয়ে
মই হ’বলা নাকামোৰাকৈ থাকিম তাক !
0 Comments