কিহে পাইছিল

 কিহে পাইছিল
কোকিল শইকীয়া

by salvador dali

তোমাৰ কবিতা পঢ়াত কেৱল আনন্দই নাই

যাতনাও কিছু আছে

তালৈ টানি টানি নিব খোজে তোমাৰ কবিতাই

'ৰ পৰা বাৰে বাৰে উঠি আহি মই হ'ব খোজো স্থিত

 

অস্থিৰ কৰে
মোক তোমাৰ কবিতাই বাৰে বাৰে আৱিষ্কাৰ কৰে

মোৰ গোপন কুঠৰী বাৰে বাৰে স্পৰ্শ কৰে

তোমাৰ কবিতাই বেদনা যাচে

 

আৰু কি

একে সময়তে তুমি কিদৰে হব পাৰা ৰোমান্টিক আৰু প্ৰতিৰোমান্টিক

একে সময়তে তুমি সুখী আৰু দুখী

তোমাৰ কবিতাই পাগল কৰে

 

কিমান দিন হল নিজৰ আত্মাৰ সতে মাত-বোল নোহোৱা

কিমান দিন হল শূন্যতাৰ পৰিধি নগণা

তুমি কোন কোন তুমি অপদাৰ্থ নিদাৰুণ কবি

মোৰ আৰু আত্মাৰ মাজত মধ্যস্থতাকাৰী হবলৈ কোন তুমি

কি পৰিকল্পিত তোমাৰ কবিতা

 

অকপট বীস্কাৰোক্তি নিৰাভৰণ বোধ

প্ৰতিবাদৰ জুই দুখৰ অভিব্যক্তি

কি হব কি হব তোমাৰ কবিতা পঢ়ি

যি আনন্দ পোৱা তুমি কবিতা লিখি

ই মুঠেই অমানৱীয়

 

হায় ! ইমান তৰল ভাবনা মোৰ

আৰু ইমান সৰল তোমাৰ কাব্যভাবনা

যিবোৰ কবিতা তুমি ক্ষোভ আৰু চকুলোৰে লিখা

হায় ! সেইবোৰ কবিতা পঢ়ি মই লাভ কৰোঁ আমোঘ তৃপ্তি

কবিতাই আমাক দুয়োকে কৰি পেলাইছে মুঠেই অমানৱীয়

 

কিহে পাইছিল কিহে পাইছিল যে তুমি কবি হলা

আৰু কিহে পাইছিল মোক যে মই তোমাৰ কবিতাৰ একান্ত পাঠক...

Post a Comment

1 Comments