গল্প

 গল্প

 - কোকিল শইকীয়া



অতপৰে বহিলোঁ
গল্প  এটাকে কোৱা

 

দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি
তুমি এটা গল্পৰ কথা লা

 

ময়ো দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি

 

গল্পটো আছিল কাঁচৰ
তেনেই থুনুকা

 

কাঁচৰ গল্পটোত আবদ্ধ মাছটোৱে ফিচা লৰাই লৰাই
তেনেতে তোমাৰ কন্ধত আহি পৰিলহি এটা মাছৰোকা চৰাই

 

সিও দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি
ডেউকাত ঠোঁট  গুঁজি

 

তুমি মোলৈ গল্পটো নিক্ষেপ কৰিছা ধোঁৱাৰ মাজেৰে
ময়ো সেৱন কৰি আছোঁ নিৰ্বিকাৰ

 

তেনেতে মাছৰোকাই লে-
জাহ্নু বৰুৱাৰ কোনোবা এখন চিনেমাৰ
শেষৰ দৃশ্যটোৰ লগত গল্পটোৰ মিল আছে

 

মই লো-
সৌৰভ চলিহাই খোৱা জীৱনৰ শেষৰটো
চিগাৰেটৰ লগতহে ইয়াৰ কিছু মিল

 

কৈ শেষ নহওঁতেই দেখিলোঁ
পানীবোৰ ঘোলা কৰি মাছটো নাই

 

আচৰিত হৈ মই তোমাৰ মুখলৈ চালোঁ
হে গল্পৰ কথক, তোমাক মই চিনি নাপাওঁ

Post a Comment

0 Comments