কমল কুমাৰ তাঁতীৰ উত্তৰ ঔপনিৱেশিক কবিতা’ৰ জৰিয়তে এক সমাজ-ৰাজনৈতিক বিশ্লেষণ
- কোকিল শইকীয়া
প্ৰথমখন কাব্য সংকলন ‘মাৰাংবুৰু আমাৰ পিতা’( ২০০৭) প্ৰকাশ হোৱাৰ সময়ত কমল কুমাৰ তাঁতী আছিল অসমীয়া কাব্য জগতখনত এটা চিনাকী নাম , নতুনকৈ কবিতা পথাৰত ভৰি দিয়া এক প্ৰতিশ্ৰুতিপূৰ্ণ সম্ভাৱনাময় প্ৰতিভা । সুদীৰ্ঘ ১০ বছৰৰ পিছত এইখন তাঁতীৰ দ্বিতীয়খন কাব্য সংকলন – উত্তৰ ঔপনিৱেশিক কবিতা ।
উপনিৱেশিকতা কি সেয়া ভাৰতবাসীয়ে ভালকৈ জানে । ইতিহাসৰ গছডালে সামন্তবাদ, উপনিৱেশিকতাবাদ, পুৰুষতন্ত্ৰ আদি আজিৰ প্ৰজন্মৰ ডিঙিলৈকে শিপাই ৰখা শিকলিডাল একেই আছে । হয়তো কেতিয়াবা শিকলিৰ গৰাকী সলনি হৈছে, হয়তো কেতিয়াবা শিকলি পিন্ধা মানুহ সলনি হৈছে , তথাপি এই শিকলি এতিয়াও অক্ষয় । বৰঞ্চ ই তাৰ ৰূপ সলাই অধিক কৌশল আৰু শক্তিৰে তাৰ প্ৰভাৱ বিস্তাৰ কৰিছে । ১৮ শতিকাতে বৃটিছ উপনিৱেশিকে চলে বলে কৌশলেৰে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অসমত চাহ উদ্যোগৰ বাবে কাম কৰিবলৈ দুবেলা দুমুঠি খাবলৈ নোপোৱা কিছুমান আদিবাসী লোকক লৈ আনিছিল অসমলৈ । বৃটিছ যোৱাৰ পিছত স্বাধীন ভাৰত পৰিণত হ’ল অৰ্ধ পুঁজিবাদী, অৰ্ধ সামন্তবাদী ৰাষ্ট্ৰত । কিন্তু চাহ বাগান বোৰত উপনৱেশিকতা আগৰ দৰেই চলি থাকিল । ঠিক দাস প্ৰথাৰ দৰে মালিকে শ্ৰমিক সকলক খটুৱাবলৈ ধৰিলে । গণতান্ত্ৰিক দেশ এখনৰ ভিতৰতো কিছু অঞ্চলক মূল সমাজৰ পৰা আৰ্থিক, সামাজিক, শিক্ষা-দীক্ষা, ৰাজনীতি আদি দিশৰ পৰা বিচ্ছিন্ন কৰি বৰ্তাই ৰখা হয় উপনিৱেশবাদ ।
জেমছ স্ক’টৰ মতে এনে ব্যৱস্থাক Internal Colonialism বুলি কোৱা হয় । এইদৰে ইয়াত অতি বৰ্বৰতাৰে টিকাই ৰখা হয় পুঁজি/উদ্যোগভিত্তিক enclave economy, ঠিক লাতিন আমেৰিকাৰ সৰু সৰু উপনিৱেশিক পামবোৰৰ দৰে । অসমীয়া কবিতাক প্ৰতিনিধিত্ব কৰা এজন কবি হিচাপেই নহয় , চাহ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা এজন লেখক হিচাপেও আমি তাঁতীক লক্ষ্য কৰো বাবেই অসম একমাত্ৰ সৰ্বহাৰা শ্ৰেণী চাহ জনগোষ্ঠীটোৰ কথা আমি বেছিকৈ পাতিম । এই কথাটোৰ বাবেই আমি তাঁতীৰ কবিতাত দেখিবলৈ পাওঁ উপনিৱেশিক শাসন শোষণ, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক অগ্ৰাসনৰ এক ছবি । ইয়াৰ বিৰুদ্ধে এক শ্লেষ, ক্ষোভ আৰু প্ৰতিবাদ । সম্পূৰ্ণ ৰাজনৈতিক চেতনা সমৃদ্ধ তাঁতীৰ কবিতাসমূহৰ ভাষা- শোষিত মানুহৰ চকুলোৰ গাঁথা ।
কমল কুমাৰ তাঁতী এজন আধুনিক কবি । সচেতন বৌদ্ধিক চিন্তা আৰু সমাজ বিশ্লেষণক সচেতনভাৱে বা অসচেতনভাৱেই অনূভূত শব্দৰ আধুনিক কাব্য প্ৰাবল্যলৈ লৈ অনা কবি । ভাষা আৰু দেহৰ এটা ৰূপগত ভিজুৱেল নিৰ্মিতি আছে । ই কবিতাৰ কলিজাৰ পৰা স্বতঃস্ফূৰ্তভাবে ওলাই অহা এক সমাহিত ৰূপ । আমি কথা এটা কিহেৰে ভাবো ? ভাষাৰে ভাবো । ভাষা কি ? ভাষা হ’ল বিমূৰ্ত চিন্তাক মূৰ্ত ৰূপ প্ৰদান কৰা আহিলা । ভাষাৰ প্ৰয়োগ হ’ল কলা । কলাটো যিমানেই আয়ত্ত্বলৈ আহে , সিমানেই চিন্তাৰ ঢৌ বিমূৰ্ত হৈ সাৰি যোৱাৰ অৱকাশ নাথাকে । অৱশ্যে কবিয়ে কেতিয়াবা মূৰ্ত ভাব এটাক সচেতন ভাবেই পাঠকৰ বাবে বিমূৰ্ত কৰি পলাই দিয়ে । ভাষা আৰু বোধৰ, বৌদ্ধিকতাৰ সহাৱস্থাৰ কলাত্মক ৰূপটো কমল কুমাৰ তাঁতীৰ কবিতাত হৈ উঠিছে বাংময় । ইয়াৰ বাবে কৰা শ্ৰম খিনি, দীৰ্ঘকালীন অহৰহ প্ৰচেষ্টাৰ সম্ভেদ দেখা যায় সংকলন খনৰ মাজতেই ।
কবিতাত খুবেই বুনিয়াদী কথাটো হ’ল – সৌন্দৰ্য ( Beauty) । তাৰ পিছত আহে দৰ্শন, ইতিহাস, সমাজ বাস্তৱতা প্ৰভৃতি । সেয়া লাগিলে ভাবৰ ক্ষোভ, দুখ, অপেক্ষা, হতাশা, প্ৰতিবাদ, ব্যংগ আদি যিয়েই হওক, কাব্যত সৌন্দৰ্যই মূল বস্তু । প্ৰকাশত পাঠত সৌন্দৰ্য থাকিবই লাগিব । এটা পৰ্যায়লৈ এই সৌন্দৰ্য নিৰ্মাণ কৰিব ভাব বস্তুৱে নিজেই । ই ভাবৰ লগতে আহিব যঁজা ভাতৃৰ দৰে । তাৰ পিছৰ পৰ্যায়ত এই সৌন্দৰ্য নিমাণ কৰিব কবিয়ে খুব সচেতনভাৱে । তাৰ বাবে কবিক লাগিব কল্পনা শক্তি আৰু তাৰ ব্যৱহাৰ, ভাষা ব্যৱহাৰ, অধ্যয়ন, অভিজ্ঞতা, কৰ্ষণ আৰু শিল্পবোধ । কাৰণ কবিতা কেৱল লিখিব লগা এটা বিষয় নহয় । ই নিৰ্মাণ কৰিব লগা এটা শিল্প । এই নিৰ্মাণ ক’ৰ পৰা কেনেকৈ হ’ব , ইয়াৰ উপাদানবোৰ কি ধৰণৰ হ’ব, কিমান স্তৰৰ হ’ব সেয়াও নিৰ্ভৰ কৰিব ।
ইতিহাসৰ দ্বন্দ, অগ্ৰাসনৰ ভয়াবহতা, প্ৰৱঞ্চনাৰ যন্ত্ৰণাই কাতৰ কৰা মানুহৰ কাতৰতাময় জীৱন, সমাজৰ বিধ্বস্ত প্ৰতিৰূপ, পুৰুষতন্ত্ৰ, সামন্তবাদ আদিৰ বিৰুদ্ধে কবিতা এক প্ৰতিবাদ । মানুহৰ পক্ষত, প্ৰেম আৰু প্ৰকৃতিৰ পক্ষত কবিতা এক আহ্বান । কবিতাই শুনে কালৰ উচুপনি । নীলমণি ফুকন সমাজ বাস্তৱতা আৰু ইতহাস চেতনা , সমীৰ তাঁতীৰ কবিতাৰ ভাষাগত বৈশিষ্ট্য আৰু সামগ্ৰিকতা, নক্সালবাদী আন্দোলনৰ উষ্ণতাৰ পৰা পইত্ৰিশ বছৰ কমিউনিষ্ট শাসনৰ বতাহ খাই বাঢ়ি অহা বঙালী কবিতাৰ ধাৰাটোৱে কমল তাঁতীক সাৰ-পানী যোগাইছে । লাতিন আমেৰিকাৰ আৰ্থ-সামাজিক ছবিখন অসমৰ আদিবাসী সকলৰ আৰ্থ-সামাজিক ছবিখনৰ লগত মিল আছে বাবেই মাক্সীয় আদৰ্শক নিজৰ মাজত জীণ নিয়াই বিশিষ্ট গুণ লাভ কৰা লাতিন এমেৰিকাৰ কবিতাৰ সুৰটোও কমল কুমাৰ তাঁতীৰ কবিতাৰ চিনাকী । ঠিক তেনেকৈ ভাষাৰ মৌলিক ব্যৱহাৰ, পৰিৱেশৰ মৌলিক বৰ্ণনা, লোক-জীৱন, লোক সংস্কৃতি আদিৰ সুৰেৰে কমল কুমাৰ তাঁতীয়ে কবিতাক কৰি তুলিছে নান্দনিক আৰু ৰসাল । ভিতৰত পৰা এনে এটা ক্ষীণকায় আৰু তীক্ষ্ন চেতনা বাহিৰ কৰি দিছে যি পঢ়াৰ পিছত সেই চেতনা পাঠকৰ ভাবৰ আকাশত ফুলজাৰি হৈ ফুলে , পাঠকক সমাজৰ ৰূঢ় প্ৰতিচ্ছবিখন দাঙি ধৰে । সমাজৰ কথা বাদ দি কেতিয়াও কবিতা হ’ব নোৱৰে
। কবিতা বুলিয়েই নহয়, সমাজ অবিহনে কোনো শিল্পই সৃষ্টি হ’ব নোৱাৰে । ই সদায় সমাজৰ বাবে , মানুহৰ বাবে ।
বৰ্তমানৰ পুজিতান্ত্ৰিক
ব্যৱস্থাত বৰ্তি আছে । পুঁজি ইমানেই শক্তিশালী হৈ পৰিছে , বজাৰ অৰ্থনীতি মাতাল বন্য হাতীৰ দৰে হৈ পৰিছে । এফালৰ পৰা প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই গৈছে । বিগত পাঁচ হেজাৰ বছৰতো মানৱ জাতিয়ে প্ৰকৃতিৰ সিমান ক্ষতি কৰা নাছিল , যিমান ক্ষতি শেহতীয়া ডেৰশ বছৰত বিকশিত পুঁজিবাদে কৰিছে । গতিকে প্ৰকৃতিৰ হৈ জীয়াই থকা মাটিৰ মানুহখিনিৰ জীৱন অত্যাচাৰৰ প্ৰকোপত নৰকৰ দৰে হৈছে । যিসকল জনজাতীয় মানুহে জংঘলত বাস কৰি জংঘলসমূহ ৰক্ষা কৰি আছিল তেওঁলোকৰ পৰা মাটিসমূহ কাঢ়ি লোৱা হৈছে । মানুহৰ আৱেগ অনুভূতিৰ কোনো গুৰুত্ব নোহোৱা হৈ আহিছে । ভোগবাদে যান্ত্ৰিক কৰি
তোলা মানুহৰ জীৱনৰ অৱস্থা ভয়ানক হৈ পৰিছে । এই ভোগবাদ হৈছে ব্যক্তিবাদ আৰু মধ্যবিত্তীয় স্বাৰ্থৰ জড়িয়তে চাহিদা বৃদ্ধিৰ এটা পৰিকল্পিত মানসিক ভংগীৰ নিৰ্মিতি । পুঁজিবাদে সোনকালেই পৃথিৱীখন নিঃশেষ কৰি দিব বুলি ভয় হৈছে । শ্ৰেণী সংগ্ৰামৰ জুই উঁহতে আছে । তাৰ মাজতে আকৌ ধৰ্মৰ নামত পৃথিৱীখন
উন্মাদ হৈ পৰিছে । বিশ্ব অৰ্থনৈতিক ব্যৱস্থাই এটা বস্তু ক্ৰয় কৰাৰ অধিকাৰ
সকলোকে প্ৰদান কৰিছে কিন্তু সেই বস্তু ক্ৰয় কৰাৰ সামৰ্থ সকলোকে প্ৰদান কৰা নাই । বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিয়ে সংকটাপন্ন বহুজাতিক কোম্পানীবোৰৰ সম্প্ৰসাৰিত বজাৰৰ চাহিদা পূৰ কৰিবলৈ যিকোনো কামেই কৰিব পাৰে । তাৰ বাবে তৃতীয় বিশ্বৰ দেশ সমূহক বিভিন্ন চৰ্ত জাপি দি ঋণ প্ৰদান কৰি অৰ্থনৈতিকভাৱে গ্ৰাস কৰি খিৰতী গাইৰ দৰে কৰি পেলাইছে । তাৰ পৰাই আৰম্ভ হৈছে ৰাষ্ট্ৰ তন্ত্ৰৰ শোষণ নিষ্পেষণ আৰু চৰম দূৰ্নীতি । গতিকে গৈ-থৈ ইয়াৰ বলি হয় শ্ৰমিকসকল । শ্ৰমিকৰ শ্ৰেণী দ্বন্দই লৈ আনে আন কিছু সমস্যা । তাঁতীৰ পানীঘোঁৰা নিৰ্মাণ , বজাৰৰ শামুক, সদাগৰৰ আঙুলী আদি কবিতাত বজাৰ অৰ্থনীতিৰ আচল ছবিখন সুন্দৰকৈ ফুটি উঠিছে । দুখনকৈ বিশ্ব-যুদ্ধ হৈ যোৱাৰ পিছতো
মানুহে মানুহ আৰু পৃথিৱীৰ উত্তৰণ বাবে শিকিবলগীয়া কথা বিশেষ নিশিকিলে । আনকি পুঁজিবাদৰ প্ৰলোভনে, ভোগবাদ বিশাল শিপাই আধুনিক শিল্পী সকলকো গ্ৰাস কৰিবলৈ এৰা নাই । মানুহৰ এই মুমুৰ্ষ অৱস্থা আৰু শ্ৰেণী দ্বন্দৰ কথা কোৱা কবি কমল কুমাৰ তাঁতীৰ কবিতাই পাঠকক জগাই তুলিব পাৰে । মুঠৰ ওপৰত সমাজ বাস্তৱতাই তাঁতীৰ কবিতাৰ প্ৰেৰণা । তাঁতী মানুহৰ প্ৰতি দায়বদ্ধ কবি । কেতিয়াবা কমল তাঁতীৰ কবিতাত ক্ষোভ আৰু প্ৰতিবাদ স্বৰূপে কিছু কথাক শ্লেষ বা ব্যংগভাবে বিদ্ৰুপ কৰে । যথা-
প্ৰলয়ৰ মুহূৰ্তবোৰত সকলোৰে (যেন) ভাব হ’ল,
পৃথিৱীৰ বুদ্ধিমান সকলৰ বাট লৈ
মগজুবোৰ তৰপে তৰপে
বিক্ৰী কৰি দিয়াটোৱেই (যেন)
পৰম বুদ্ধিমানৰ কাম হ’ব
![]() |
kamal kumar tanti |
মাৰ্ক্সে এটা কথা কৈছিল –‘ ধৰ্ম তথা ঈশ্বৰ হৈছে শোষিত মানুহৰ হুমুনিয়াহ । ই কানি সদৃশ । ’ কমল কুমাৰ তাঁতীৰ কবিতাত কৃষক-শ্ৰমিক শ্ৰেণীৰ জীয়া যন্ত্ৰণা আৰু ৰাষ্ট্ৰ শোষণে কৰা চহা জীৱনক বিধ্বস্ত ৰূপ দেখি মাৰ্ক্সৰ এই শাৰীটো কিবাকৈ মনত পৰি গ’ল । ব্ৰহ্মপুত্ৰ বৰ্ডে , চৰকাৰে গৰাখহনীয়া ৰোধ কৰিম, ব্ৰহ্মপুত্ৰ খান্দিম বুলি প্ৰতিশ্ৰুতি দি সামৰে, মথাউৰিৰ নামত কোটি টকাৰ কেলেংকাৰী । তাৰপিছত যেতিয়া বাৰিষা ব্ৰহ্মপুত্ৰৰ খহনীয়াই গাঁৱৰ পিছত গাঁও খহাই নিয়ে , তেতিয়া গঞাই উপায়হীন হৈ নদীৰ পাৰত বহি নদী দেৱতাক সন্তুষ্ট কৰিবলৈ ধূপ-ধূনা জ্বলাই হৰি নাম লৈ পৰিত্ৰাণৰ বাট বিচাৰে । গতিকে মাক্সৰ কথাটো এনেকৈয়ে খাটে । তেনেকৈয়ে, ধৰ্মৰ কানি খোৱাই ৰাষ্ট্ৰই এক উন্মাদ বাহিনী তৈয়াৰ কৰিছে আৰু সিহঁতৰ সহায়ত গৰু-গাহৰিৰ ৰাজনীতিৰ
দ্বাৰা শক্তি আহৰণ কৰিছে ।
ঘৰত যেতিয়া চৌকা নজ্বলে
দেশৰ শাসকে কয়
এই নৰাধমে চাগে গৰু বা গাহৰি খাইছে
মাৰি পেলোৱা হওক এই নৰাধমক ( ঘৰত যেতিয়া চৌকা নজ্বলে )
বিশ্বায়নৰ পিছৰ সময়চোৱাত পুঁজি, প্ৰযুক্তি আৰু মাৰ্কেটৰ শক্তি আৰু মানুহৰ জীৱনত ইয়াৰ প্ৰভাৱ ইমানেই বেছি যে যিকোনো ৰাজনৈতিক বিপ্লৱ অথবা শ্ৰেণী সংগ্ৰামৰ সফলতা কল্পনাতীত হৈ পৰে । এই শ্ৰমিক আন্দোলবোৰ বন্ধ কৰিবৰ বাবে ৰাষ্ট্ৰতন্ত্ৰ আক্ৰমণাত্মক হৈ উঠে । পুঁজিৰ কোম্পানীৰ ওচৰত ৰাষ্ট্ৰতন্ত্ৰই নিষ্ঠুৰ ৰজাৰ প্ৰভুভক্ত সেনাপতিৰ দৰে অৱস্থান কৰে । কৃষক শ্ৰমিকৰ ভূমিৰ অধিকাৰ, , স্বাস্থ্য, শিক্ষা আদি কাঢ়ি লোৱা হয় । ক্ষুদ্ৰ জাতি
সত্তাসমূহে পৰিচয়ৰ সংকটত ভুগে ।
শুকান মাটি সেমেকি গৈছিল কেঁচা তেজৰ চেকুৰাবোৰেৰে
শাৰী পাতি দল বান্ধি আগুৱাই যোৱা কঠিন মাংসপেশীৰ মানুহবোৰে
পিছলৈ উলটি চাওতে দেখিলে, একো একোটা গুলী
তেওঁলোকৰ বুকুৰ কোণেৰে মগজুলৈ সোমাই গৈছে ( তেজৰ চেকুৰাবোৰ )
মই সেই মানুহবোৰক চিনি পাওঁ, যিসকলে আগবাঢ়ি গৈ
বুকুত পাতি লয় গুলী, তেজৰ নিচান পুতি থয় কেঁচাপাতবোৰত ( তেজৰ চেকুৰাবোৰ )
আন্তৰ্জাতিক বিত্ত পুঁজিয়ে চৰকাৰৰ স্বাধীনতা হৰণ কৰিছে । তাৰ ফলত হৈছে কি যে তৃতীয় বিশ্বৰ দেশ সমূহৰ স্বাস্থ্য, শিক্ষা, বেংক, টেলিকম আদি বিভিন্ন খণ্ডসমূহ ব্যক্তিগতকৰণ হৈ গৈছে । ভোকাতুৰ শিয়ালে মাংস খোৱাৰ দৰে কোম্পানী সমূহে চৰকাৰৰ সুবিধা লৈ পইচা উচুল কৰাত লাগিছে । শেহতীয়াভাবে বেংক ব্যৱস্থাটোকো শোষণৰ আহিলা কৰি তোলা হৈছে । ষ্টেট বেংকৰ একাউন্টত নুন্যতম ৩০০০ টকা নাথাকিলে জৰিমনা ভৰিব লগা হয় । তাৰ মানে কথাটো এনেকুৱা যে আপুনি কাৰোবাক তিনি হেজাৰ টকা দি দিলে যিটো কাহানিও ঘুৰাই নাপায় । ঘুৰাই বিচাৰিলেও জৰিমণা ভৰিব লাগিব । একাউন্টত পইচা সোমালেও পইচা লয়, উলিয়ালেও পইচা লয় । বেংক ব্যৱস্থাটোৰ দ্বাৰা মুদ্ৰা চলাচল সকলোৰে বাবে বাধ্যতামূলক হৈ পৰাৰ বাবে আটাইতকৈ নিম্ন শ্ৰেণীৰ শ্ৰমিক, ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ কুফল বেয়াকৈ ভুগিছে । আগতে মানুহে বেংকত টকা থ’লে সূদ পাইছিল । আজিকআলি বেংকত পইচা থ’লে সূদ দিবহে লাগে । অৰ্থাৎ মুকেশ আম্বানী তথা আম্বানীৰ দৰে পুঁজিপতিৰ নখ কটা ব্লেডখনৰ পৰা চেক্স কৰা কণ্ডোমটোলৈকে, নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ পৰা মোডীয়ে খোৱা লাখটকীয়া কাঠফুলালৈকে খৰচ হোৱা পইচা ভৰি আছে খাটি খোৱা জণগণে ।
অলপতে উচ্চতম ন্যায়ালয়ে সংবিধানৰ ৩৭৭ আৰু ৪৯৭ ধাৰা দুটা বিলোপ কৰিলে । তাৰ ফলত ৰক্ষণশীল শিক্ষিত মানুহ চামৰ মাজত হৈ চৈ আৰম্ভ হৈ গ’ল । কিয়নো এই দুটা ধাৰাৰ বিলোপকৰণে হেজাৰ বছৰীয়া পুৰুষতন্ত্ৰ আৰু সামন্তবাদক অৱলম্বন কৰি চলি থকা ভাৰতীয় নৈতিকতাবাদী সমাজ ব্যৱস্থাৰ মূৰত এটা হাতুৰিৰ কোব মাৰিলে । লিংগ সংবেদনশীলতা ভাৰতীয় সামগ্ৰিক সমাজত দেখা নাযায় । মানুহৰ তেজত সোমাই থকা পৰম্পৰাগত সামন্তবাদ আৰু পুৰুষতন্ত্ৰৰ বাবেই লিংগভিত্তিক ব্যক্তি স্বাধীনতা হৰণৰ লগতে লিংগভিত্তিক আৰ্থ-ৰাজনৈতিক শোষণ চলি আছে । ক’বলৈ ওলোৱা কথাটো হ’ল কমল তাঁতীৰ কবিতাৰ মাজত দেখা যায় নাৰী জীৱনৰ বেথা আৰু পুৰুষতন্ত্ৰৰ প্ৰতি প্ৰতিবাদ । নাৰীবাদৰ বক্তব্য দেখা যায় এনেদৰে -
অন্যায়ৰ দিনবোৰত যেনেদৰে পুৰুষ হৈ পৰে কোনোবা এটা পক্ষৰ প্ৰতীক
নাৰীয়ে কোন পক্ষ ল’ব সেয়া বিচাৰ কৰে নিজৰ দুখৰ ৰাতিবোৰত (পক্ষ)
কোনোবা নহয় কোনোবা দিনাতো আমি ল’বই লাগিব কাৰোবাৰ পক্ষ
নাৰীয়ে পুৰুষৰ, পুৰুষে নাৰীৰ (পক্ষ)
ঘৰলৈ উভতিলোঁ । কিছুপৰ পাছতেবাথৰুমলৈ গ’লোঁ ।
বাথৰুমৰ মজিয়া তেজেৰে ৰঙা । ক’ৰবাৰ পৰা কেঁচা তেজৰ
সুঁতি এটা বৈ আহিছে । আঙুলিৰে চুই চালোঁ ।
এয়াইচোন অনাদি কালৰে পৰা নাৰীৰ গোপন তেজৰ সুঁতি !
মোৰ ভিতৰৰ মানুহটো জোকাৰ খাই উঠিল।
( অযৌন – ১ )
বাকী উপনিৱেশবাদৰ বিকাশ আৰু বিৱৰ্তন, ইয়াৰ ইতিহাস আৰু ভৱিষ্যত সম্পৰ্কে ‘উত্তৰ ঔপনিৱেশিক কবিতা’টো বাস্তৱ কাহিনীক লৈ লিখা উপন্যাস এখনৰ দৰে । কমল কুমাৰ তাঁতীৰ এই কবিতা পুথিখন কেৱল কবিতা পুথিয়েই নহয়, ই বাস্তৱ সমাজ আৰু ইতিহাসৰ এক দলিল স্বৰূপ । কবিতাসমূহ কল্পনানিৰ্ভৰ আৰু বাস্তৱ বৰ্জিত নহয় ; জীয়া বাস্তৱৰ সাইলাখ ছবি । সমাজ-ৰাজনীতি-অৰ্থনীতিক কবিতাৰ প্ৰাণ হিচাপে লৈ মানুহৰ কবি হিচাপে পৰিচয় দিয়া খুব কম সংখ্যক অসমীয়া কবিৰ ভিতৰত কমল কুমাৰ তাঁতী এজন। কমল তাঁতীৰ কবিতাৰ বিষয়ে কৈ থাকোতে এইখিনিতে পেৰুৰ গণকবি, ছহিদ বিপ্লৱী জোভালদোৰ এটা কবিতাৰ দুটামান শাৰী মনলৈ আহিছে – ‘‘মোৰ গান ধুমুহাৰ গান/ মোৰ গান মালভূমিৰ গান/ মোৰ ভাষা / নিচলা মানুহৰ সৰল ভাষা /এই কথা ইতিহাসৰ কথা /মেহনতি জনতাৰ কথা/ মোক ক্ষমা কৰি দিবা হে প্ৰিয় জনতা/ তুমি যি ভাল পোৱা মই লিখিব নোৱাৰো/ কাৰণ আমাৰ দেশৰ মানুহে যুঁজিছে খেতি আৰু কাৰাখানাত ।”
0 Comments