কবিতা
এটা দুৰ্গন্ধ
ধোঁৱা জুই ধুমুহা গতি
পচা মঙহ পোৰা মঙহ
তেজ শৌচ বমি
মাখি শগুণ শিয়াল
তাৰ মাজেদি মই
শীতল মগজুটো লালন কৰি
গৈ আছোঁ
পানী নাই নদী শুকান
সাগৰ শুকান
কেৱল বালি আছে
বালিত পোত খাই আধা পোত খাই
জলজ জীৱবোৰ আছে
গছ গছ-গছনিবোৰ শুকান
শিলতো নাই শেলুৱৈ
মোৰ পেটত ভোক
কণ্ঠত পিয়াহ
শৰীৰত খঁজুৱতি
চকুৰ অসুখ
বমি বমি লাগিছে
অথচ বতিয়াব পৰা নাই
পোন্ধৰটা দিনৰ অগতে পৃথিৱী ধ্বংস হৈছে
কেৱল মই থাকি গৈছোঁ
আৰু মহা দুৰ্যোগৰ পাছতো
প্ৰচণ্ড ভোক ভয় আৰু নিসংগতাত
মই আত্মহত্যা নকৰি
বিচাৰি ফুৰিছোঁ
এতিয়াও মোৰ দৰে পৃথিৱীৰ ক’ৰবাত
জীৱন্তে থাকি গৈছে নেকি কোনো এগৰাকী নাৰী
0 Comments