এখন দীঘল উপন্যাস
কোকিল শইকীয়া
কোকিল শইকীয়া
১
তাইৰ এখন গুলপীয়া বাগিছা আছিল যদিও
তাত কোনো গোলাপ ফুলি থকা নাছিল
তাইৰ বাগিছাত গোলাপৰ গছ আছিল যদিও
ফুলবোৰ ফুটিবলৈ ৰৈ আছিল
এটা ভাল মুহূৰ্তৰ বাবে
কোনোবা এটা মুকলিমূৰীয়া গধুলীত
জোনৰ পোহৰ পাই এপাহি দুপাহিকৈ ফুলি ফুলি
অমাৱশ্যাৰ দিনালৈকে তাইৰ বাগিছাৰ গোলাপৰ পাহিবোৰে
মনত পেলাবলৈ নিদিব আকাশত জোন নোহোৱাৰ কথা
মানুহে কিছুমান কাম কৰিবলৈ ৰৈ
থাকে
আটাইতকৈ ভাল মুহূৰ্তটোলৈ । এনেয়ে কৰি নেপেলায়।
কিয়নো, এটা কাম সম্পন্ন কৰি পেলালেই
সদায়ে ধুনীয়া হৈ নুঠে গোটেইটো মুহূৰ্তটো
কেৱল কামটোৰ বাবেই
২
ইমান অলপ গছতে জানোঁ অৰণ্য হয়
ইমান অলপ পানীৰে জানোঁ হয় সাগৰ
এক মিনিট মৌন প্ৰাৰ্থনাই এটা কবিতা হয়
ৰৈ ৰৈ একে থিৰে ক’ৰবালৈ চাই থাকিলে উপন্যাসো হ’ব পাৰে
অলপ প্ৰেমতে মৰা মানুহ জী উঠিব পাৰে
মই গৈ থাকোঁ
ৰৈ ৰৈ অথবা কেতিয়াবা নোৰোৱাকৈয়ে মই গৈ থাকোঁ
ছাতিৰ তলৰ পৰা ওলাই আহে এজাক বৰষুণ
বতাহ পাৰ হৈ যোৱাৰ দৰে
তেনেই সাধাৰণ কথাৰ দৰে
মোক খুন্দিয়াই থৈ যায় অনেক কাহিনীয়ে
কেতিয়াবা বন্দী হওঁ কোনোবা কাহিনীত
আৰু আৱদ্ধ হৈ থাকোঁ কাহিনীৰ ম্যাদ থকালৈকে
আন কেতিয়াবা কাহিনীৰ সুৰুঙাইদি আৰু
আন কেতিয়াবা বিজ্ঞাপন দিয়াৰ সময়তে সাউতকৈ ওলাই আহোঁ
কাৰেন্ট যোৱাৰ সময়ত মই একোকে দেখা নাপাওঁ
কাহিনী অংশ ফাটি মোৰ লগতে যায়
কাহিনীটো কেতিয়াবা হেৰাই যায়
অথবা আন কোনো কাহিনী লগ পালে তাৰ লগত মিলি যায়
কেতিয়াবা মই হেৰাই যাও কাহিনীৰ মাজত
তেতিয়া কাণতলীয়া চৰ এটা সোধাই কাণত ধৰি কাহিনীৰ মাজৰ পৰা টানি টানি
বাজ কৰি আনিবলৈ মই মোক চিনি নাপাওঁ
মই কেতিয়া মোক চিনি উলিয়াম সেইটো কেতিয়াবা কেৱল কাহিনীয়ে জানে
আৰু আন কেতিয়াবা কেৱল মই জানো।
কাহিনীৰ মাজতে মুখা-মুখি হৈও কেতিয়াবা মই মোক চিনিব নোৱাৰো
পিছ মুহূৰ্ততে যেতিয়া মনত পৰে ক্ষন্তেক আগতেই মোক অবিবাদন জনাই বিদায় লোৱাজন আছিলো
ময়েই
তেতিয়াই কাহিনীয়ে বাগি দিব খোজে
৩
এই নিৰ্মল পানী দেখা পাই
মই ধুবলৈ আৱিস্কাৰ কৰিছোঁ
শাস্তিযোগ্য মোৰ দুখন হাত
নেদেখা হৈ যোৱা দূৰৈৰ চৰাইজনীক মাতি মাতি
শুকুৱাই লৈছোঁ কন্ঠ ( কাৰণ মই জানো যি মোৰ মাত কাহানিও শুনা নাপাব )
যি হাতেৰে
ঢুকিছোঁ চালাম, আদায় কৰিছোঁ আদৰ
কবিতা লিখিছোঁ
উমনিৰ সাপৰ পৰা মনে মনে লৈ আনিছোঁ কণী
পানী দেখিয়েই সেই হাত ধুবলৈ মই তৎপৰ
যি আছিল পানী , সি তেজ হ’ল
যি নদীত দেখা পাইছিলোঁ পানীৰ তলৰ তৰা জোন বেলি
সি বোকাময় হ’ল
মোৰ দুহাত শিল হ’ল
মোৰ প্ৰিয়জনক হত্যা কৰিবলৈ অহা ঘাতকে
মোৰ শিল দুহাতত বন্দুক থৈ
মোৰ কোমল কোলাত শুলে
মোৰ শিল দুহাতত ধৰালে চুৰি
আৰু মোৰ শিল দুহাতত মৃতদেহ থৈ গুচি গ’ল
৪
প্ৰদক্ষিণেই হওক বা ভ্ৰমণ
অতীতে এই কামটো অহৰহ কৰি থাকে
৫
তোমাৰ কামনা অস্পষ্ট
তোমাৰ ভাবনা অস্পষ্ট
তুমি স্পষ্ট
মই অস্পষ্ট
৬
ইয়াৰ পৰা উভটি যাব পাৰিলে তুমি কি বুলি ক’বাগৈ
ক’বাগৈনে যে মানুহ এন্ধাৰতে আছে
কোনোবাই ঘোঁৰাবোৰ মুকলি কৰি দিয়ে
আৰু বন্দী কৰি ৰাখে ভালপোৱাবোৰ
৭
তাইৰ নীলাভ মুখাবয়ৱ এন্ধাৰে খান্দিব নোৱাৰিলে
খান্দিব নোৱাৰিলে বতাহে
খান্দিলে অতীতে
৮
অৰণ্যৰ মাজেৰে মই লাহে লাহে গৈ থাকোঁ
শহাৰ মাতবোৰে মোৰ বুকুখন খান্দি থাকে
উমাল গাঁত এটা কৰি মোকেই কবৰ দিয়ে
0 Comments