অসমত
কবিতা চৰ্চাৰ সাম্প্ৰতিক পৰিৱেশ
কোকিল
শইকীয়া
কোকিল শইকীয়া
কবি, পাঠক আৰু সমালোচক মিলিহে
কবিতাৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় বুলি ধৰা হয় । বিশ্বৰ খ্যাতনামা কবিতাৰ সমালোচকসকল আৰু কবিৰ
ঐকান্তিক প্ৰচেষ্টাত হে একো একোটা মহৎ ধাৰা, একো একোটা কাব্য আন্দোলন গঢ়ি উঠিছে । আকৌ
কেতিয়াবা কোনো এজন কবিয়ে লিখা কবিতাই পাঠক বা সমালোচকৰ বাবে যুগ যুগ ধৰি ৰ’ব
লগাও হ’ব পাৰে । অৰ্থাৎ কবিজনে জীৱন কালত যি
ধাৰাত বা যি ধৰণৰ কবিতা লিখিলে সেই ধৰণৰ কবিতাৰ পাঠক বা সমালোচক সেই সময়ত নাথাকিব
পাৰে, সেই সময়ৰ বাবে সেইবোৰ কবিতা প্ৰাসংগিক নোহোৱাৰ বাবে পাঠক আৰু সমালোচক সেই সময়ত
নাথাকিব পাৰে । সেই সময়ৰ পাঠক বা সমালোচকে জাৱৰ বুলি ভবা লেখাও
পৰৱৰ্তী যুগৰ পাঠক-সমালোচকৰ বাবে পৰম পাঠেয় বা নতুন কিবা এটা হ’ব
পাৰে । বিশ্ব কবিতাৰ প্ৰেক্ষাপটত যিদৰে সমালোচনাই
কবিতাৰ অভেদ্য অংশস্বৰূপে কবিতাৰ স্বৰূপ নিৰ্ধাৰণ কৰিছে তেনেদৰে অসমীয়া আধুনিক
কবিতাটো কবিতাৰ এচাম সমালোচকে অসমীয়া কবিতা আৰু কবিসকলক নিৰ্ধাৰণ কৰি তেওঁলোকৰ
কবিতাৰ স্বৰূপ সম্পৰ্কে পৰ্যালোচনা কবি আৰু পাঠকলৈ আগবঢ়াইছে । কোনো কোনো সময়ত
কবিতাত সমালোচকৰ ভূমিকা ইমানেই শক্তিশালী আছিল যে কোনো বিখ্যাত সমালোচকে কোনো এজন
কবিৰ কবিতাৰ বিষয়ে ভাল বুলি লিখি দিলেই তেখেতৰ কবিতাৰ কিতাপ সাংঘাতিক ধৰণে জনপ্ৰিয়
আৰু বিক্ৰী হৈছিল । আনহাতে, তেওঁলোকৰ দৰে কোনো সমালোচকে কোনো কবিৰ কবিতা সম্পৰ্কে নিন্দাসূচক বা
নেতিবাচক মন্তব্য দিলেই সেইজন কবিৰ ফালে আধ্যা পৰিছিল । অৰ্থাৎ, কবিতাই অথবা পাঠকে নহয়, সমালোচনাই হে কবিতাৰ মাত্ৰা
নিৰূপনত মুখ্য ভুমিকা গ্ৰহণ কৰিছিল । এনে ক্ষেত্ৰত সমালোচকৰ নিৰ্মোহ সমালোচনাই
যদিও কবিতাক নিৰ্ণয় কৰাৰ এক প্ৰয়াস বা সেৱা চলিছিল কিন্তু তাৰ বিপৰীতে কিছু কবিয়ে
উৎসাহ-উদ্দীপনা হেৰুৱাই কলম সামৰি থৈছিল । সমালোচকৰ পক্ষপাতিত্বমূলক আক্ৰমণ অথবা
প্ৰশস্তি , কবিৰ লগত
ব্যক্তিগত সম্পৰ্ক, ৰাজনৈতিক মতভেদ, চিপৰাং মৰা নীতি আদিৰ ফলত কবিতাত এক
নৈৰাজ্যৰ সৃষ্টি হৈছিল । ফলত কিছু কবিয়ে সমালোচকৰ নেগুৰত ধৰিয়েই ওপৰলৈ উঠিছিল ।
আকৌ কিছু কবিয়ে সমালোচকক আগত ৰাখি কবিতা ৰচনা কৰাৰ ফলত কবিজনৰ আচল কাব্য-ৰীতি
ধ্বংস হৈ পৰিছিল । তিষ্ঠি থাকিবলৈ আন উপায়ো নাছিল, বা তিষ্ঠি থাকিবলৈ যিমান খিনি
সাহস, আত্মবিশ্বাস, পৰিৱেশ, প্ৰত্যয় আৰু প্ৰতিভাৰ প্ৰয়োজন আছিল তাৰো হয়তো অভাৱ আছিল । কেতিয়াবা
সমালোচনাত সততাৰ অভাৱ আছিল । তেনে এক অৱস্থাত এচাম কবিয়ে নিজক বুজি, আত্মসমালোচনা আৰু সমালোচকৰ গ্ৰহণ-বৰ্জনৰ যতি-চিহ্ন বুজি লিখি যোৱাৰ
বিপৰীতে আন এচামে সমালোচকক শত্ৰু জ্ঞান কৰি সমালোচকক তিলমানো ভ্ৰুক্ষেপ নকৰি
সমালোচনা মাত্ৰেই আক্ৰমণ বুলি ভাবি কবিতা লিখি গৈছিল । ই কিছুমান কবিৰ বাবে শুভ
আৰু আন কিছুমান কবিৰ বাবে অশুভ কাৰকৰূপে পৰিগণিত পৰিছিল । অসমীয়া কবিতাৰ ইতিহাস আৰু সাম্প্ৰতিক সময়ৰ
কাব্য চৰ্চাৰ পৰিৱেশতো এনে কিছুমান সমস্যাই গা কৰি আছে আৰু ই সাহিত্যৰ আলোচনাযোগ্য
বিষয় হয় নে নহয় সেই সম্পৰ্কে আলোচনা কৰাৰ থল আছে । এই কথাটো আন এক ধৰণেও স্বাভাৱিকভাবে চাব পাৰি । কবি নেৰুদাই এটা কথা কৈছিল যে ‘‘মোৰ মনেৰে গোটেই পৃথিৱীতেই
লেখকসকলৰ মাজত ডাঙৰ সৰু বিবাদ সদায় আছিল আৰু থাকিব ।”
এতিয়া এইখিনি কথাৰ লগত সংগতি
ৰাখিয়েই আন দুটামান প্ৰসংগ আলোচনা কৰিম । কিছু্দিন আগতে এজন যুৱকে ফেচবুকত এটা আপডেট
দিলে যে – ‘নতুন
কবিসকলক পুৰণি কবিসকলে গুৰুত্ব নিদিয়ে, নতুন কবিসকলৰ কবিতা পুৰণিসকলে নপঢ়ে তথা
কবিতাখিনি পঢ়ি ভাল বেয়া আঙুলিয়াই দিবলৈ নাহে ।’ কথাটো আচলতে দলিয়াই দিব নোৱাৰি । এবাৰ গুৱাহাটীত হোৱা এখন কবিতাৰ সভাত এনে
এটা নিয়ম কৰা হ’ল যে জ্যেষ্ঠ কবিসকলে আগত কবিতা মাতিব আৰু
তেওঁলোকৰ কবিতা মাতি হোৱাৰ পিছত নতুন কবিসকলে কবিতা মাতিব । যেতিয়া জ্যেষ্ঠ কবিসকলে মঞ্চত বহি কবিতা মাতি
আছিল তেতিয়া দৰ্শকৰ চকীত বহি থকা তৰুণ কবিসকলে খুব মনোযোগেৰে তেওঁলোকৰ কবিতা
শুনিলে, জাউৰিয়ে জাউৰিয়ে হাত তালি বজালে । কিন্তু যেতিয়া জ্যেষ্ঠসকলৰ কবিতা পাঠ শেষ হোৱাৰ
পিছত নতুনসকলে কবিতা পঢ়িবলৈ আৰম্ভ কৰিলে তেতিয়া এজন এজনকৈ না না কামৰ বাহানা
দেখুৱাই জ্যেষ্ঠ কবিসকলে সভা এৰি গুচি গ’ল । নতুনৰ
কবিতাৰ প্ৰতি কোনো আগ্ৰহ নাই তেওঁলোকৰ। কিন্তু তাৰে বহু কবিৰ ভিতৰতে যেনিবা আমাৰ দৰে একেবাৰে কমবয়সীয়া
কবিসকলৰ শেষৰজন কবিৰ কবিতা পাঠলৈকে দৰ্শকৰ শাৰীত বহি মনোযোগেৰে কবিতা শুনি বহি
থাকিল কেৱল বিপুলজ্যোতি শইকীয়াই । হয়তো, গুচি যোৱা জ্যেষ্ঠ কবিসকলে নতুন কবিৰ কবিতা
শুনিব নোৱাৰাকৈ শোচনীয় বুলি পূৰ্ব অভিজ্ঞতাৰ পৰা নিৰাশাৰ ভাব মনত পুহি ৰাখিছিল, অথবা নতুন কবিৰ প্ৰতি কোনো
ধৰণৰ দায়বদ্ধ অনুভৱ কৰা নাছিল । উক্ত সভাখনৰ ঘটনাৰ পৰা আঁতৰি
উপৰোক্ত ফেচবুকৰ আপডেটোৰ সম্পৰ্কে অন্যধৰণে চালেও আন কিছুমান প্ৰসংগ আনি আলোচনা
কৰিব পাৰি । ফেচবুকত, কাকত আলোচনীত অসমীয়া কবিতাৰ এক নৈৰাজ্য চলি
থকাৰ সময়ত নীলিম কুমাৰে ফেচবুকত অকবিতা সম্পৰ্কে চিধা চিধিকৈ যি কথা অৱতাৰণা
কৰিছিল সেই কথা নিশ্চয় নতুন কবিতা লেখাৰু আৰু অসমীয়া কবিতাৰ শুভ হওঁক বুলিয়েই
কৈছিল। ইয়াৰ ইতিবাচক গ্ৰহণ আৰু আলোচনাই অসমীয়া কবিতাত
চলি থকা অৰ্থাৎ কাকতে পত্ৰই কবিতাৰ নামত ছপা হৈ থকা অধ্যয়নবিৰাগী কবিতা লেখকৰ অগণন
দুৰ্বল কবিতা, কবিতাৰ লবীচক্ৰ আৰু দৈনিক যি হাৰত অপৰিপক্ক
কবিতাৰ সংকলন প্ৰকাশ হৈ আছে তাক নিয়ন্ত্ৰনৰ অৰ্থে কামত অহাৰ থল আছিল । কিন্তু জ্যেষ্ঠ কবি নীলিম কুমাৰৰ এই কথা গাত
লাগি তাৰ প্ৰতিবাদ কৰিবলৈ নতুন কবি এচামে বিভিন্ন মাধ্যমত কবিগৰাকীক যিধৰণৰ
অৱমাননা কৰিলে, কবিৰ প্ৰতি আক্ষেপপূৰ্ণ আক্ৰমণৰ শৰ বৰষিল, কবিৰ যোগ্যতাক লৈও প্ৰশ্ন
আহিল, না না ধৰণে এচাম ৰক্ষণশীল অল্পশিক্ষিত পাঠকে আকৌ এবাৰ নীলিম কুমাৰক অশ্লীলতাৰ
দায়ত অভিযুক্ত কৰিলে , সজৰ বাবে কথা এটা কওতে কবি
যিধৰণে হেয়প্ৰতিপন্ন হ’ল; সেইবোৰ ৰূপ দেখাৰ পিছত বাৰু কোন জ্যেষ্ঠ কবিয়ে
নতুন কবিতা লেখাৰুৰ দোষ দেখুৱাই গোৱাল গালি খোৱাৰ বাটটো মোকলাই ল’ব ? এইখিনিতে আৰু এটা ক’বলৈ
মন গৈছে ( হয়তো প্ৰসংগৰ বাহিৰত) । কবি নীলিম কুমাৰে উক্ত বিতৰ্কটোত কোৱা এটা
জনপ্ৰিয় যুক্তি আছিল যে- হাজাৰ হাজাৰ অকবিতাবোৰ ভাল কবিতাৰ বাবে অপতৃণ । কেৱল এইটো কথাক লৈয়ে আন এটা কথা থোৰতে কৈ থ’ব
পাৰি যে দিনে নিশাই আপোনাৰ গাঁৱৰ পথাৰ খনত ক্ৰিকেট খেলি থকা এজাক ল’ৰা
আছে, আপোনাৰ ঘৰৰ ওচৰৰ হাইস্কুলৰ খেলপথাৰ খনতো দৈনিক ক্ৰিকেট খেলি থকা ল’ৰা
এজাক আছে । প্ৰতিখন গাঁও বা প্ৰতিটো চুবুৰীতে দৈনিক এজাক ল’ৰাই
ক্ৰিকেট খেলে । সিহঁতৰ মাজতে কোনোবা দুজনে ভাল খেলে, ৰঞ্জিত ট্ৰফী খেলাৰ সপোন
দেখে । এতিয়া কথাটো হ’ল
গাঁৱে-ভূঞে হেজাৰ ল’ৰাই কাঠৰ তক্তাৰ বেট ,বাঁহৰ
খুঁটিৰে ষ্টাম্প বনাই ক্ৰিকেট খেলি থাকিলেও আন্তজাৰ্তিক পৰ্যায়ত জানো ক’হলি
বা আফ্ৰিদিয়ে খেলি থকা নাই ? তেনেকৈ অলেখ বেয়া কবিতা
লেখকে কবিতা লিখি থাকিলেও জানো বৌদ্ধিক মঞ্চখনত, ভাল আলোচনীৰ পাতত অনুভৱ তুলসী, ৰাজীৱ বৰুৱা, কুশল দত্ত আদিয়ে জানো ভাল কবিতা কবিতা লিখি থকা নাই ? সেই অলেখ কবিৰ মাজৰ পৰাই জানো নতুন নতুন কবি
ওলাই অহা নাই ?
এতিয়া আকৌ পূৰ্ব আলোচিত
প্ৰসংগলৈ ঘুৰি আহিছোঁ । ফেচবুকৰ কবিতাই অসমীয়া কবিতা চৰ্চাৰ পৰিৱেশ
বিনষ্ট কৰিছে বুলি এচাম কবি-পাঠকে চিঞৰি থকাৰ সময়তে
সমুদ্ৰ কাজল শইকীয়াই জ্যেষ্ঠ লেখকলৈ লিখা এটা প্ৰৱন্ধত এই সম্পৰ্কে লিখিছিল এইদৰে -
‘‘ নব্যমাধ্যমত অসমীয়া কবিতাৰ (অথবা লেখা মেলাৰ) নিম্নগামী ছবিখন দেখা গৈছে ন
লেখাৰু সকলৰ অপৈণত লেখাৰ কাৰণে নহয়, বৰঞ্চ পৈণত লেখকসকলৰ উচাত্মিকা অথবা
উন্নাসিকতাৰ ফলতহে ।” আচলতে, সাধাৰণতেই জ্যেষ্ঠ কবিসকলে ‘য’তে-ত’তে’ নিলিখে । পপুলাৰ মাধ্যমসমূহৰ পৰা তেওঁলোকে নিজকে এক
নিৰাপদ দূৰত্বত ৰাখি চাৰি-পাঁচখন নিৰ্দিষ্ট আলোচনীতহে লিখা মেলা কৰে । সমুদ্ৰ কাজল শইকীয়াৰ এই উক্তিটোৰ বিষয়ে বিভিন্ন
দিশৰ পৰা আলোচনা বিলোচনা কৰিলে আৰু বহুত কথা ওলাব । এতিয়া এই চাৰি-পাঁচখন
আলোচনীৰ কবিতা চৰ্চাৰ বিষয়ে আমাৰ ক’বলগা কিছু কথা কওঁ ।
ফেচবুকৰ কবিতা চৰ্চাই অসমীয়া কবিতা চৰ্চাৰ চিৰিয়াছ পৰিৱেশক ব্যাঘাত জন্মাইছে বুলি মানি লৈও ইয়াক মানি নলও । অসমত বৌদ্ধিক পাঠক বুলি ভবা পাঠকসকল আৰু সমালোচকসকলে পোনতেই সেই চাৰি পাঁচখন চিৰিয়াছ আলোচনীত কবিতা প্ৰকাশ হোৱা লেখকসকলক হে কবি বুলি স্বীকৃতি দিয়ে । প্ৰতিষ্ঠিত তথা নিৰ্দ্ধাৰিত স্বীকৃতি অনুসৰি পাঠকসকলেও মানি লয় যে এইকেইখন আলোচনীত প্ৰকাশিত কবিতাই অসমীয়া কবিতাৰ প্ৰতিনিধিত্বমূলক কবিতা আৰু এইসমূহ আলোচনীত প্ৰকাশিত কবিতা মানেই ভাল কবিতা । গতিকে সম্ভাৱনাময় আৰু চিৰিয়াছ নতুন কবিৰ লক্ষ্য হৈ পৰে সেই নিৰ্দিষ্ট আলোচনীকেইখনত কবিতা প্ৰকাশ কৰা । দুই একৰ বাদে তেওঁলোকেও সাধাৰণ আলোচনী, বাতৰি কাকত, ফেচবুক আদিত কবিতা প্ৰ্কাশৰ পৰা আঁতৰি নিজকে বৌদ্ধিক সমাজত প্ৰতিষ্ঠিত কৰিবলৈ সেইকেইখন আলোচনীত কবিতা প্ৰকাশ হ’লেহে উচ্চ পৰ্যায়ৰ কবি বোলা ধাৰণাটোক বিশ্বাস কৰি এক নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰিবলৈ পতিয়ন যায় । অসমীয়া সাহিত্য আগৰে পৰাই আলোচনীকেন্দ্ৰিক । আলোচনীক ভিত্তি কৰিও অসমত সাহিত্যৰ যুগ নিৰ্ধাৰন কৰা হয় । ইয়াৰ বিপৰীতে কিন্তু বাহিৰৰ বেছিভাগ দেশৰ সাহিত্যৰ ক্ষেত্ৰত বাতৰি কাকতত কবিতা প্ৰকাশ বাবে ঠাই নাই। সেইবোৰ দেশত সাহিত্য আলোচনীকেন্দ্ৰিক নহয়, গ্ৰন্থকেন্দ্ৰিকহে । (ইও অসমত গ্ৰন্থ বিক্ৰী নিম্ন হোৱাৰ এটা কাৰণ।) সেইবোৰ দেশত লেখকৰ মান নিৰ্ধাৰণ আলোচনীয়ে নকৰে, গ্ৰন্থইহে কৰে । অসমত যিদৰে আলোচনীসমূহৰ নিৰ্দিষ্ট মতাদৰ্শ, মনোভংগী আৰু লবীচক্ৰৰ পাকত প্ৰায়ে ভাল লেখকে মাধমাৰ খাই, আৰু নিম্নমানৰ কিছুমান লেখকো প্ৰতিষ্ঠিত হৈ পৰে, সেইদৰে তেনে ঠাইত লেখকসকল এই ধৰণৰ সোঁতত পৰি ডুবি যোৱা বা উঠি যোৱাৰ অৱকাশ নাথাকে । ‘প্ৰান্তিক’ত প্ৰকাশিত কবিতাৰ ধৰণ যেনেকুৱা, আকৌ গৰিয়সীত প্ৰকাশিত কবিতাৰ ধৰণ বেলেগ । আলোচনীবোৰত প্ৰকাশ পোৱা কবিতাসমূ্হৰ গতি বিধি প্ৰকৃতি সেই আলোচনীখনৰ নিৰ্দিষ্ট চৰিত্ৰৰ লগত খাপ খালেহে প্ৰকাশ পায় । যিহেতু এই সূত্ৰে বৰ্তমান অসমীয়া কবিতাৰ বৌদ্ধিক মান, কবিৰ প্ৰতিষ্ঠা, সামগ্ৰিক কবিতাৰ গতি বিধি, সমালোচনা আদি নিৰ্ণয় হয় চাৰি পাঁচখন আলোচনীত প্ৰকাশিত কবিতাৰ ভিত্তিত। গতিকে চাৰি-পাঁচজন সম্পাদক তথা চাৰি পাঁচজন মানুহেই হৈ পৰে অসমীয়া কবিতাৰ নিৰ্ণায়ক । অথচ বাহিৰৰ কবিতা গ্ৰন্থকেন্দ্ৰিক হোৱাৰ বাবে সেইবোৰ কবিতাৰ নিৰ্ণায়ক হয় বৃহত্তৰ পাঠক । শেষত আৰু এটা কথাৰে খোঁচ মাৰি দিও যে যদি এই চাৰি-পাঁচখন আলোচনীয়েই অসমীয়া কবিতাক প্ৰতিনিধিত্ব কৰে, যদি এই চাৰিখন আলোচনীৰ কবিতা মানেই ভাল কবিতা, এইকেইখন আলোচনীতেই যদি ভাল কবিৰ কবিতা প্ৰকাশ হয়, যদি মাত্ৰ এইকেইখন আলোচনীয়েই অসমীয়া কবিতাৰ স্বৰূপ নিয়ন্ত্ৰা , তেনেহ’লে ফেচবুক বা কাকত আলোচনীত অসংখ্য ‘অকবিতা’ বা বেয়া কবিতা প্ৰকাশ হৈ থাকিলেনো অসমীয়া কবিতাত কি ক্ষতি হ’ব । কাৰণ লুটুকণ পুতুকণে হাইস্কুলৰ ফিল্ডতহে ‘ৱাইট বল’ কৰিছে ; তেণ্ডুলকাৰে খেলি থকা ফিল্ডত গৈতো কৰা নাই ! আৰু তেণ্ডুলকাৰেও এদিন লুটুকণহঁতৰ ফিল্ডখনতে খেলিছিল।
8 Comments
ভাল পালোঁ
ReplyDeleteধন্যবাদ
Deleteভাল
ReplyDeleteধন্যবাদ জনালো
Deleteকিছুমান সঁচা কথা বৰ নিৰ্মোহ ভাৱে আলোচনা কৰা হৈছে ৷ মনৰ ভিতৰত গুজৰি থকা বহু কথা আপুনি লিখিছে ৷ আপোনাৰ কথাবোৰৰ সৈতে একমত ৷
ReplyDeleteধন্যবাদ
Deleteকোকিল,ভাবি থকা কথা কিছু ইমান সাৱলীল উপস্থাপন কৰিলা,কৃতজ্ঞ
ReplyDelete্ধন্যবাদ
Delete