অসমীয়া অনুবাদত কেইজনমান বিদেশী বিপ্লৱীৰ কবিতা

অসমীয়া অনুবাদত কেইজনমান বিদেশী বিপ্লৱীৰ কবিতা
 কোকিল শইকীয়া

আধুনিক কবিতাৰ এটা লক্ষণ হল সমাজ বাস্তৱতা আৰু মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ । এই ভাবাদৰ্শৰ প্ৰভাৱত বিশ্বৰ বিভিন্ন দেশৰ কবিয়ে কেৱল কবিতাই লিখা নাছিল । কবিতাৰ লগতে বাস্তৱিকভাৱে বিপ্লৱৰ পথাৰতো নামিছিল । এহাতে কাগজ কলম লৈ মানু্হৰ মুক্তিৰ কবিতা লিখিছিল আৰু প্ৰয়োজনত মানুহৰ মুক্তিৰ বাবে আন হাতত তুলি লৈছিল বন্দুক অথবা বিপ্লৱৰ পাতাকা । এনে কবি আমাৰ অসমতো আছে । বিষ্ণু ৰাভা, মেগন কছাৰী, কবৰঞ্জন শইকীয়া, উদ্দীপ্ত হাজৰিকা আদি কবিয়ে দেশ, মাটি আৰু মানুহৰ মুক্তিৰ বাবে বিপ্লৱৰ পথাৰত নামিছিল । বিশ্বত এনে বহু কবি আছে যিসকলক গণ সংগ্ৰামত গ্ৰেপ্তাৰ কৰা হৈছিল, হত্যা কৰা হৈছিল, নিৰ্বাসন দিয়া হৈছিল আৰু না না শাস্তি বিহা হৈছিল । এনে বহু জনপ্ৰিয় কবিৰ কথা আমি জানোঁ যি সকলৰ কবিতাই সকলো বিপ্লৱীক প্ৰেৰণা দিয়ে , তেওঁলোকৰ সংগ্ৰামী আদৰ্শই বিপ্লৱী আৰু কবিসকলক উৎসাহিত কৰি তুলে । এনে কেইজনমান বিদেশী কবিৰ পৰিচয় আৰু কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াৰ এক প্ৰয়াস কৰিলোঁ ।


 

হো চি মিন

ভিয়েটনাম মুক্তিযুদ্ধৰ মহানায়ক হো চি মিনৰ জন্ম হয় ১৮৯০ চনৰ ১৯ মেত এজন সফল বিপ্লৱী হিচাপে সমগ্ৰ বিশ্বতে হো চি মিন জনপ্ৰিয় আৰু আদৰ্শ ভিয়েটনাম প্ৰথমে ফৰাচী আৰু পিছলৈ মাৰ্কিন সাম্ৰাজ্যবাদৰ দ্বাৰা চৰমভাবে নিষ্পেষিত হৈছিল কিন্তু হো চি মিনৰ নেতৃত্বত চলা 'ভিয়েটনাম কমিউনিষ্ট পাৰ্টি' মুক্তি সংগ্ৰামৰ ফলত স্বাধীন ভিয়েটনাম প্ৰজাতন্ত্ৰ জন্ম হয় আৰু হো চি মিন ৰাষ্ট্ৰপ্ৰধান হয় ১৯৬৯চনৰ অক্টোবৰত এইজনা মহান বিপ্লৱীৰ মৃত্যু হয় বিপ্লৱৰ সময়ত  তেওঁ বহুবাৰ জেললৈ যাবলগীয়া হৈছিল ১৯৪২ চনত জাপানে ভিয়েটনাম আৰু চীন আক্ৰমণ কৰাৰ সময়তে হো চি মিন চীনলৈ যাওতে বাটতে জাপানী সৈন্যই গ্ৰেপ্তাৰ কৰে কাৰাগাৰলৈ নিক্ষেপ কৰে কাৰাগাৰত থকা সময়তে হো চি মিনে বহুকেইটা কবিতা লিখে তাৰে এটা কবিতা অনুবাদ কৰিবলৈ চেষ্টা কৰিলো

 

শৰতৰ নিশা

চেলৰ বাহিৰত এজন প্ৰহৰী
কান্ধত ৰাইফল 

আকাশত জোনটো লুকাই গৈছে
মেঘৰ আঁৰত

আন্ধাৰত মিলিবযোৱা কলা আৰ্মীবোৰ
বিছনাত অলসভাবে বাগৰ দি আছে

মহৰ জাক
যেন আতংকময় আক্ৰমণকাৰী বিমান

মই চেলৰ ভিতৰত ভাবিছোঁ মাতৃভূমিৰ কথা
মোৰ স্বপ্নৰ ভিতৰত মনটো বহু দূৰণিলৈ উৰি গৈছে

সপোনৰ বাট হেৰুৱাই মই
আটক হৈছোঁ বেদনাৰ জালত

ইয়াত মোৰ এবছৰেই পাৰ '
কি দোষ আছিল মোৰ ?

চকুৰ পানীৰে লিখিছো
আৰু এটা কাৰাগাৰৰ কবিতা

 


ৰোকে
ডালতন

১৯৩৫ চনত চালভাদৰ চহৰত জন্ম হোৱা কবি ৰোকে ডালতনৰ বিষয়ে বলৈ ওলাইছোঁ এটা ধনী পৰিয়ালত জন্মগ্ৰহণ কৰা ডালতনে উচ্চ শিক্ষাৰ University of Chile পঢ়িবলৈ যা্য আৰু তাতে তেওঁ মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হৈ মাৰ্ক্সবাদ আৰু সমাজ বিপ্লৱ সম্পৰ্কে প্ৰচুৰ অধ্যয়ন কৰে তাতে তেওঁ কবিতা চৰ্চাও আৰম্ভ কৰে গৃ্হ চহৰ চালভাদৰলৈ ঘুৰি আহি ডালতনে ১৯৫৬ চনত Communist Party of El Salvador যোগদান কৰে ১৯৫৯-৬০ লৈ হোৱা কৃষক অভ্যুত্থানত সক্ৰিয় অংশ গ্ৰহণ কৰি Jose Maria Lemus শাসন কালত সামৰিক বাহিনীৰ হাতত গ্ৰেপ্তাৰ হয় আৰু মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়া হয় কিন্তু আচৰিতভাবে নিৰ্ধাৰিত ফাঁচীৰ দিনাই সেই স্বৈৰ শাসকৰ পতন হয় আৰু ডালতন সাৰি যায়

        ১৯৬১ চনত ডালতন মেক্সিকোলৈ যায় তাতেই তেওঁৰ কাব্য প্ৰতিভাৰ বিকাশ ঘটে তাৰপিছত তেওঁ কিউবালৈ যায় আৰু তাত প্ৰচুৰ পৰিমাণে কবিতা আৰু বিভিন্ন ৰাজনৈতিক প্ৰৱন্ধ প্ৰকাশ কৰি সুনাম অৰ্জন কৰে কিউবাৰ পৰা প্যাৰাগুলৈ যায় আৰু তাত তেওঁৰ ৰাজনৈতিক বক্তৃতাই বহুতকে মোহিত কৰে

        ১৯৬৫ তেওঁ চালভাদৰলৈ ঘুৰি আহে আৰু সেই সময়ত তাত চলি থকা সশস্ত্ৰ সংগ্ৰামত যোগ দিয়ে প্ৰথমে তেওঁক বিপ্লৱীসকলে সামৰিক বাহিনীত ৰাখিবলৈ অস্বীকাৰ কৰিছিল যদিও ডালতনে প্ৰমাণ কৰি দিয়ে যে কবি হৈ কলম ধৰিলেও তেওঁ প্ৰয়োজনত বন্দুক ধৰিবলৈও সক্ষম ইয়াৰ আগতে কিউবাত ডালতনে কিছুদিন সশস্ত্ৰ সংগ্ৰামৰ প্ৰশিক্ষণ লৈছিল সেই বিপ্লৱতে ডালতোন আকৌ গ্ৰেপ্তাৰ হয় আৰু তেখেতক ফাঁচিৰ নিৰ্দেশ দি্যা হয় কিন্তু আচৰিত ধৰণে ফাঁচিৰ নিৰ্ধাৰিত তাৰিখৰ কিছু আগতেই এটা ডাঙৰ ভুমিকম্প আহে আৰু কাৰাগাৰৰ দেৱাল খহি পৰে তেনেকৈয়ে ডালতোনে মৃত্যুৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় তাৰ পৰা ছদ্মবেশ ধৰি আহি তেওঁ পুনৰ বিপ্লৱী সতীৰ্থসকলৰ লগত যোগাযোগ কৰি সশস্ত্ৰ সংগ্ৰামত যোগ দিয়ে কিন্তু দুখৰ কথা এয়ে যে Peoples’s Revolutionary Army মাজত হোৱা এক অৰ্ন্তসংঘৰ্ষত ডালতনৰ মৃত্যু হয় এইজনা বিপ্লৱী কবি তেখেতৰ ব্যক্তিত্ব , লিখনি, বিপ্লৱী সত্ত্বা আৰু বহেমিয়ান জীৱন শৈলীৰ বাবে সদায় সকলো কবি-বিপ্লৱীৰ আদৰ্শ হৈ থাকিব। ডালতনৰ এটা জনপ্ৰিয় কবিতা অনুবাদ কৰিবলৈ চেষ্টা কৰিলোঁ-

তোমাক ভাল পাও এই জীৱনৰ দৰে
গোলাপৰ গোন্ধৰ দৰে, নীল আকাশৰ দৰে
হাগৰ মনোৰম সেউজীয়াবোৰৰ দৰে

মোৰ তেজ উথলি উঠিছে
চকুহালে মিছিকিয়াইছে
যদিও ইয়াৰ আঁৰত আছে অনন্ত চকুলো 

মই বিশ্বাস কৰোঁ পৃথিৱীখন সুন্দৰ
আৰু কবিতাও, ৰুটিৰ দৰেই সকলোৰে বাবে

মোৰ সিৰাবোৰ মোৰ মাজতে শেষ হৈ যোৱা নাই
বৈ আছে, প্ৰসাৰিত হৈছে সেই সকলৰ মাজলৈ
যিসকলে জীৱনৰ বাবে যুঁজিছে
ভালপোৱাৰ বাবে যুঁজিছে
ৰমণীয় প্ৰকৃতিৰ বাবে
আৰু এটা কবিতাৰ বাবে, যি কবিতা সকলোৰে বাবে

 


আৰ্মান্দু ওৰোজকে তোভাৰ

আৰ্মান্দু ওৰোজকে তোভাৰৰ জন্ম হৈছিল ১৯৪৩ চনত কলম্বিয়াত তেওঁ একাধাৰে কবি আৰু চিত্ৰশিল্পী আছিল তেওঁ কিউবাৰ হাভানা বিশ্ববিদ্যালয়ত সাংবাদিকতা বিষয় লৈ পঢ়ে প্ৰথমে সাংবাদিকতা আৰু তাৰপিছত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয় কিউবাৰ বিপ্লৱৰ সময়ত তেওঁ কিউবাতে থাকি যথেষ্ট লিখা মেলা কৰে আৰু সশস্ত্ৰ সংগ্ৰাম কৰাৰ পৰিকল্পনা কৰেঅৱশেষত তেওঁ সশস্ত্ৰ বিপ্লৱৰ পৰা আঁতৰি লিখা মেলাতে মনযোগ দিয়ে তেওঁ আদৰ্শ আৰু বৈপ্লৱিক লিখা মেলাৰ বাবে বহুবাৰ কাৰাবাস খাটিবলগীয়া হৈছিল ২০১৭ চনত এইজনা বিপ্লৱী কবিৰ দেহাৱসান ঘটে তেখেতৰ এটা কবিতা অনুবাদ কৰিবলৈ চেষ্টা কৰিলোঁ

 

উদাহৰণ

সংগ্ৰামৰ ভিতৰত বিজয়
লুকাই থাকে ৰূপকৰ দৰে
ঠিক আইনাৰ পিছফালে থকা
মুখনিৰ দৰেই

যুদ্ধ যেতিয়াই তেতিয়াই হৈ যাব পাৰে 
আৰু প্ৰতিটো কোণত এটা স্বপ্ন
অথবা এডাল অস্ত্ৰ ৰৈ থাকিব থাকিব পাৰে তোমাৰ প্ৰতীক্ষাত

পৰাজয়ৰ আশা নকৰিবা
যদি এতিয়া তুমি নিশ্চিহ্ন হৈ যোৱা
মৃত্যুৰ আশা নকৰিবা
মৃত্যুৰ বাবে এটা উদাহৰণ দৰকাৰ

 

জাভিয়াৰ হেৰাউড

জাভিয়াৰ হেৰাউড আমাৰ কবিৰঞ্জন শইকীয়াৰ দৰেই নিচেই কম বয়সতে দেশ আৰু জনতাৰ বাবে শ্বহীদ হোৱা এজন কবি পেৰুৰ কবি হেৰাউডৰ জন্ম হয় ১৯৪২ চনত অল্প বয়সতে তেওঁ 'পেৰু লিবাৰেচন আৰ্মি' যোগ দিয়ে আৰু বলিভিয়ালৈ গৈ সশস্ত্ৰ বিপ্লৱৰ প্ৰশিক্ষণ লয় এটা গেৰিলা বাহিনীক নেতৃত্ব দি পেৰুলৈ আহি থকা অৱস্থাতে সীমান্তৱৰ্তী অঞ্চলত তেওঁ একধৰণৰ বেক্টেৰীয়াৰ আক্ৰমণত অসুস্থ হৈ পৰে আৰু চিকিৎসাৰ বাবে ওচৰৰ চহৰলৈ যাবলৈ চেষ্টা কৰোতেই পুলিচৰ মুখা মুখি হয় ১৯৬৩ চনত মাত্ৰ ২১ বছৰ বয়সতে এই বিপ্লৱী কবিগৰাকীক নিৰ্মমভাবে হত্যা কৰা হয়। হোৰাউডৰ এটা কবিতা অনুবাদ কৰিবলৈ চেষ্টা কৰিলোঁ

 

গেৰিলাৰ গান


মোৰ
দেশখন সুন্দৰ
যেন ওখ আকাশলৈ মুখ কৰি থকা এখন তৰোৱাল
আজিয়েই নহয় মোৰ দেশ চিৰকাল সুন্দৰ
মই এইটোৱেই মাথোঁ 'লো
জীৱনৰ বিনিময়ত ৰক্ষা কৰিম দেশ
বিশ্বাসঘাতক সকলক 'লোঁ
আমি সিহঁতক পৰোৱা নকৰোঁ
অতীতবোৰ পুহি ৰাখিছো ইস্পাত গাঢ় অশ্ৰুত

আমাৰ সৰগ,
আমাৰ প্ৰতিদিনৰ ভাত
আমি ৰুইছোঁ, আমি তুলিছো
এই ধান, এই মাটি আমাৰ ' লাগিব
এই সমুদ্ৰ, পাহাৰ আৰু চৰাইবোৰ 
চিৰদিনৰ বাবেই আমাৰ ' লাগিব

  

জোভালদো

পেৰুৰ কবি জোভালদোৰ জন্ম হৈছিল ১৯৫১ চনত তেওঁ পেৰুৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰি বিপ্লৱৰ পথাৰলৈ আহিছিল তাৰপিছত সেই সময়ত চলি থকা পেৰুৰ গণযুদ্ধৰ এজন সৈনিক হিচাপে তেখেতে যোগদান কৰে এইখিনি সময়তে তেওঁৰ বিপ্লৱী কবিতাসমূহে অধিক জনপ্ৰিয়তা লাভ কৰেতাতে তেওঁ গ্ৰেপ্তাৰ হয় আৰু এল ফৰন্টন নামৰ এটা দ্বীপত তেওঁক বন্দী কৰি ৰখা হয় ১৯৮৬ চনত জেলবিদ্ৰোহৰ আছিলা লৈ পেৰুৰ ফেচিষ্ট শাসকে ৩০০ জন বন্দীৰ সৈতে জোভালদোক হত্যা কৰে   তেখেতৰ এটা কবিতাৰ অনুবাদ

 

প্ৰিয় জনতাৰ বাবে


মোক ক্ষমা কৰি দিবা
যদি মই গোলাপৰ বাবে কবিতা লিখিব নোৱাৰোঁ
অথবা মোৰ অৱচেতনাৰ পৰা নাহে,
যদি মোৰ হাতত নাথাকে কোনো ৰত্ন বা সুগন্ধ
হে জনতা ক্ষমা কৰিবা
 

ঘৰৰ কামত যদি লাগি থাকোঁ
ক্ষমা কৰিবা , কিন্তু এইটো ঠিক যে
মই কেতিয়াও এইবোৰ কৰি থাকিব নোৱাৰিম
জঞ্জাল আৰু একাকিত্বৰে ভৰা প্ৰাচীন পথত
যাযাবৰৰ দৰে ঘুৰি ফুৰিব নোৱাৰিম মই
 

মই কেতিয়াও সেই নিষ্কৰ্মা ৰাটোৰ দৰে নোখোজোঁ
অথবা সেই প্ৰতিবেশীসকলৰ দৰে
যি ভোকৰ সময়ত এখন ৰুটি কেতিয়া পাম কেতিয়া পাম বুলি
হুমুনিয়াহ কাঢ়ি বাট চাই থাকে

মোৰ দূৱাৰ খুলি যিমান দূৰলৈকে যাওঁ
যিমান দূৰলৈকে তেজৰেই দাগ
 

ক্ষমা কৰিবা হে জীৱন,
এটা শিশুৰ দৰে নাভাবো যে
মই তোমাক লৈ যাম এটা বিলাসী ঘৰলৈ
আৰু তোমাক সজাই তুলিম সোণৰ স্বপ্নেৰে

 

মোৰ তেজ আকৌ উথলি উঠে আশাৰ পোহৰত
নতুন স্বদেশৰ স্বপ্নত
মোৰ অশ্ৰুৰ উজ্জ্বল ৰঙা চিহ্ন জাগি আছে বতাহত
চেতনাৰে মোৰ দুভৰি থিয়হি থকা দৰে
মোৰ তেজত জ্বলি থকা জোঁৰ আৰু বাজি থকা গানৰ তাল ৰাখি
মাটিক চুমা খাই মোৰ দুহাতে

মোৰ গান ধুমুহাৰ গান
মোৰ গান মালভূমিৰ গান
গমখেতিৰ ভাষা
মোৰ ভাষা
নিচলা মানুহৰ সৰল ভাষা


ইয়াৰ
বাবে মোক ক্ষমা কৰি দিবা হে জনতা
মই লিখিব নোৱাৰোঁ যি তুমি ভালপোৱা
তুমি যি ভালপোৱা সেয়া মোৰ বাবে অৰুচিকৰ
মই নোৱাৰিছোঁ, কাৰণ পৃথিৱী কঁপিছে
ধ্বংসত পৰিণত হৈছে পুৰাতন পৃথিৱী
আৰু শুনা গৈছে নদীৰ গৰ্জন
বিদ্যুৎ তৰংগই ভাঙি পেলাইছে দেৱাল


কিন্তু
এয়া আমাৰ কথা নহয়
এই কথা ইতিহাসৰ কথা
মেহনতি জনতাৰ কথা
সেয়ে আমিও বিচাৰো


আহা
, চকু মেলি চোৱা
গম খেতিবোৰৰ জয় হৈছে
ধ্বংস হৈছে ভয়
জনতাৰ দীপ্ত পদযাত্ৰা আগুৱাই আহিছে
সিঁহতে দেখিছে গঁজালি মেলা নতুন পৃথিৱী


ক্ষমা
কৰিবা
কাৰন আমাৰ দেশৰ মানুহে যুঁজিছে খেতি আৰু কাৰাখানাত 



Post a Comment

0 Comments