বুদ্ধ

বুদ্ধ

কোকিল শইকীয়া

 

ভাই বুদ্ধ, বাস্তু শাস্ত্ৰৰ বিশ্বাস হৈ থমথমকৈ বহি আছানে শ্ব’কেচত?
ভাই বুদ্ধ, হাঁহি হাঁহি হৈ যেতিয়া পৰিছিলা পাৰমাণৱিক পৰীক্ষাৰ গোপন বাৰ্তা
ভাই বুদ্ধ, কেনে মজা!

 











আচলতে তুমি কান্দিছানে হাঁহিছা?
জোৰকৈ হাঁহিটো ৰখাবলৈ চেষ্টা কৰিছানে কান্দোনটো?
হাঁহিৰে ঢাকিব খুজিছানে কান্দোনক নে কান্দোনে ঢাকিব খুজিছে তোমাৰ হাঁহিটো?


বুদ্ধ, মোৰ ভাই, মোক শিকাই দিয়াচোন
মোক শিকাই দিয়াচোন
নিদ্ৰাৰত যশোধৰা আৰু ৰাহুলক এৰি মাজনিশা
মনে মনে তুমি তোমাৰ বাটেৰে গুচি যোৱাৰ সময়ত
মায়া আৰু স্মৃতিৰ চকুপানীৰে গলাব নোৱাৰা
সেই কঠিন শিলটো তুমি কিদৰে নিৰ্মাণ কৰিছিলা?

 



Post a Comment

0 Comments