দুটি দৃশ্যাংশ
কোকিল শইকীয়া
প্ৰথম দৃশ্য - কোনে আনি দিলে পানী
তোমাক কোনে আনি দিলে পানী
অ' অৰ্ধমৃত চৰাই
ৰ'দ পাই জিলিকিছে তোমাৰ সোণৰ দুভৰি
পৰিবলৈ বাকী আছিল আধা পোহৰ
আধা ভগা আইনাৰে ভগাংকুশ
ফালি চিৰা-চিৰি
তোমাক কোনে আনি দিলে পানী
তুমি কি দেখিছা
একো দেখা নাই
যি দেখিছা সেয়া অদেখা স্বপ্নভংগ
ল’ৰ মাৰি আহিছিল এইফালেদি
দুজনী ছোৱালী
চকুৰ পটাত গধূলিটো সানি
ধান কটা গ'ল
পানী কটা গ'ল
মাটি কটা গ'ল
ভঙা আইনাৰে কটা গ'ল বেলি
বৰষুণৰ কটাৰীৰে কটা গ'ল বতাহৰ ধূূলি
মধ্যাকৰ্ষণ শকতি
পানীকো টানে তললৈ
তুমিহে উৰিব পাৰিছিলা
তোমাৰ চুকত পানী
অ' অৰ্ধমৃত চৰাই
তোমাক কোনে আনি দিলে পানী
দ্বিতীয় দৃশ্য - মোৰ বাৰু কিয় ইমান টোপনি
কেনে যো-জা চলিছে
ধৰাইছানে দা গঢ়াইছানে হাতুৰী
কেনে যো-জা চলিছে
আঠুকাঢ়ি চেলেকিবলৈ শিকিছানে শেলুৱৈ
মই বাৰু কিমান জগৰ লগালোঁ
কিমানবাৰ শুই দিলো আধা বাটত
লেটি ল'লো ধূলি
মোৰ বাৰু কিয় ইমান টোপনি
তোমালোকৰ হাতুৰীৰ শব্দত মোৰ সপোন ভাগে
কেনে চলিছে যো-জা
কেনে চলিছে আখৰা
''তুমি আহিম বুলিও নাহিলা
শিমলু ফুলিলে আহিবানে''
চৰাই পুহিবলৈ দি ক'লৈ পলালা
ইমান অভিযোগ !
যুগৰ অভিযোগ
বিয়োগ কৰিম আজি
0 Comments