অসহ্যকৰ- কোকিল শইকীয়া
অসহ্যকৰ/
১
ইমান
ওচৰতে আছোঁ
তথাপি
স্পৰ্শ নাই
ইমান
সংগম
তথাপি তৃপ্তি নাই
ইমান
শুইছোঁ
তথাপি
নিদ্ৰা নাই
ইমান
নিদ্ৰা
তথাপি
স্বপ্ন নাই
এন্ধাৰ থাকিলেও ৰাতি নাই
গধূলি
এটাৰ ওৰণি তলত
দীঘলীয়া এটা চুমাৰ স্মৃতি নাই
![]() |
by LydiaCecilia |
অসহ্যকৰ/২
তোমাৰ
নদীখনত মাজনিশা
ধপংকৈ
শব্দ এটা হয় নেকি গৰাখহাৰ
মাছে
মৰাৰ
সৰি পৰিব
নেকি
আকাশৰ
পৰা এটা তৰা
তোমাৰ
নদীত এটা চৰায়ে বুৰিয়াই
লৈ যাব
নেকি এঠোঁট স্বপ্ন
আমে ৰমলিয়ালে
কাউৰীয়ে
মলিয়ালে
সৌৱা
কুলি কুলি কুলি
ইমান
সুন্দৰ গান
আগচোতালত
তোমাৰ খেলা-ধূলা, কিৰিলি
বাহী
বন সামৰি
বাথৰুমত
তোমাৰ অস্বত্বিকৰ নগ্নতা
তোমাৰ
নদী জল নাই
অথচ উভৈনদী বসন্ত
2 Comments
পঢ়িলোঁ। ʼভাল লাগিলʼ বোলা comment টোৰ ওপৰত বহুত টিপ্পনী চলি থাকিলেও কʼবই লাগিব, ভাল লাগিল। ১টো বেছি।
ReplyDeleteঅশেষ ধন্যবাদ
Delete