কবিতাৰ
প্ৰশ্নবোধক লেখা
কোকিল শইকীয়া
বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন কবিয়ে কবিতাৰ সম্পৰ্কে বিভিন্ন লেখা, সাক্ষাৎকাৰ বা কবিতাৰ মাধ্যমত আগবঢ়োৱা কবিতাৰ সংজ্ঞাবোৰে কেনেবাকৈ ক’ৰবাত ক্ষতি কৰিছে নেকি? আৰম্ভণিতেই এটা প্ৰশ্নৰ অৱতাৰণা হ’ল। লেখাটোত পিছলৈও আৰু অনেক প্ৰশ্নৰ অৱতাৰণা হ’ব পাৰে। সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ দায়িত্ব এই লেখকৰ নহয় আৰু এই লেখাৰো উদ্দেশ্য সেইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াটো নহয়। হয়তো প্ৰশ্নৰ মাজেৰে চিন্তাৰ চৰ্চা কৰা এক প্ৰয়াস ক’ৰবাত কেনেবাকৈ নিশ্চয় থাকিব পাৰে।
কবিতাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। এতেকে, কবিতা সংজ্ঞাত্মক নহয়। ধাৰণাত্মকহে।
সংজ্ঞা নাই বাবেই কবিতাৰ এটা নিৰ্দিষ্ট ধাৰণা থাকিব নোৱাৰিব নেকি? কবিসকলে দি যোৱা কবিতাৰ বেছিভাগ সংজ্ঞাই হৈছে ব্যঞ্জনাত্মক। এই ব্যঞ্জনাত্মক সংজ্ঞাবোৰৰ মাজেদিয়েই না না ৰোমান্টিক আলোচনাৰ নিষ্কাষণ হিচাপে মানুহৰ মনত কবিতা সম্পৰ্কে এক বদ্ধমূল ধাৰণা গঢ় লৈ চলি আহিছে। কবিতা সম্পৰ্কে এনে বদ্ধমূল ধাৰণা থকা উচিত নে অন্ততঃ সামগ্ৰিক কোণৰ পৰা হ’লেও?
কবিতা সমাজৰ বাবে অন্ত্যন্তই প্ৰয়োজনীয় বস্তু নেকি? নিশ্চয় নহয়। কবিতা নাথাকিলেও কাৰো একো ক্ষতি নহয়, দেশ-কাল চলি থাকিব,
সমাজ চলি থাকিব। মানুহৰ উত্থান পতন থাকিব। কবিতাই প্ৰকৃতাৰ্থত সমাজ সলনি কৰিব পাৰেনে? যদি নোৱাৰে তেন্তে কি কাৰণে কবিতাত সমাজ-বাস্তৱতা থকাটো কি
নিতান্ত্যই অপৰিহাৰ্য ? তেন্তে কবিতাৰ উদ্দেশ্য কি? কবিতাটো সমাজ বা ইতিহাসৰ এক বৈজ্ঞানিক দলিলো হ’ব নোৱাৰে। সমাজ-বাস্তৱতাক এৰাই চলি পণ্য হিচাপে কবিতাৰ মূল্য কোনখিনিত! কবিতা সম্পৰ্কে যিমানবোৰ প্ৰশ্ন থাকে সিমানবোৰ পোনপটীয়া উত্তৰ নাথাকে। বোধহয় নথকাই ভাল।
কবিতা কেৱল ভাষাৰ খেল নহয়। সুন্দৰ ভাষাই সদায় এটা সুন্দৰ পাঠ নিদিবও পাৰে। কবিতা বোধ আৰু বৌদ্ধিকতাৰো খেল। কবিতা এটা নিৰলস প্ৰেক্টিছ। কবিতাৰ কোনো নিৰ্দিষ্ট উৎস নাই। ক’ৰ পৰা কেনেকৈ কি আহৰিত বস্তুৱে কবিতাত কিদৰে ঠাই ল’ব তাৰো কোনো পাত্তা নাই। বহুতে ভবাৰ দৰে কবিতা আৱেগ আৰু কল্পনাৰ ভাবৰ শুৱলা শব্দৰ কাব্যিক শৰীৰ কবিতা নহয়। মানুহ আধুনিক হ’ব নোৱাৰিলে আধুনিক কবিতা লিখাটো সম্ভৱনে? আপুনি যদি জীৱন-সমাজ সম্পৰ্কে কিছুমান বদ্ধমূল আওপুৰণি ধাৰণাই মনত লৈ থাকে তেন্তে আপুনি আধুনিক কবিতা এটা কেনেকৈ লিখিব? মানুহৰ মন আধুনিক হ’ল বুলিও আধুনিক কবিতা ৰচনা সকলোৰে পক্ষে সম্ভৱ নহবও পাৰে। কিন্তু আধুনিক মানসিকতাৰ নহ’লে যে আধুনিক কবিতা লিখিব নোৱাৰি সি ধূৰূপ।
কবিতা চিৰকালীন নহয়। কবিতা সমকালীনহে। সমকালীন কবিতা ক’ৰপৰা আহিছে, কেনেদৰে আহিছে সেই বিষয়ে জানিবলৈ , আধুনিকতাবাদী কবিতাই কি কথা ক’ব কেনেধৰণে ক’ব সেই কথাবোৰৰ বাবে এজন কবিতা লেখকৰ প্ৰচুৰ পৰিমাণে সাহিত্য, বিজ্ঞান, পৰিৱেশ, কলা, বিভিন্ন তত্ব সম্পৰ্কে বিস্তৃত অধ্যয়ন থকাটো ভাল। কবিতা লেখক এজনে কবিতাৰ চৰিত্ৰটো দীৰ্ঘকাল ধৰি পঢ়া-লেখাৰ লগতে না না সম্পৰীক্ষা, অভিজ্ঞতাৰ মাজেৰে আহৰণ কৰে। গতিকে অধ্যয়ন সেইবাবেই লাগে।
এজন লেখকে কিবা এটা লিখে। গতিকে এটা লেখাৰ প্ৰথমজন পাঠক হয় লেখক নিজে। লেখাটোৰ প্ৰথম সম্পাদকজন হয় লেখক নিজেই। লেখাটোৰ প্ৰথম সমালোচকজনো হয় লেখক নিজেই । গতিকে এজন ভাল সম্পাদক, সমালোচক, আৰু পাঠক হ’বৰ বাবেই কবি এজনক যথেষ্ট অভিজ্ঞতা আৰু অধ্যয়নৰ প্ৰয়োজন হয়। কবিতা
এটা লিখা বা নিৰ্মাণ কৰাৰ সময়ত ভাব প্ৰকাশক এক আচৰিত ধৰণৰ বুদ্ধিমত্তাই কাম কৰে। সেই
বুদ্ধিমত্তাও অভিজ্ঞতা আৰু উত্তৰণৰ সংগ্ৰামৰ মাজেদি বিকাশ হয়।এই বুদ্ধিমতা কেৱল চতুৰালিয়েই
নহয় ইয়াত নন্দনতাত্বিক এক চাৰু-কাৰুৱে অৱস্থান গ্ৰহণ কৰে। এইবোৰ জন্মগত প্ৰতিভা নহয়।
এইবোৰ হৈছে আয়ত্ব। এই বুদ্ধিমত্তা লাহে লাহে এটা উত্তৰোত্তৰ অভ্যাসলৈ পৰিণত হৈ পৰে
আৰু এজন লেখকৰ কবিতাত এটা ৰূপৰ প্ৰস্থিতি গঢ়ে।
কবিতাৰ পাঠ কি? আধুনিকতাবাদী বা ইয়াৰ পৰৱৰ্তী
পৰ্যায়ৰ কবিতাৰ কথা কৈছোঁ। কবিতাৰ পাঠো এক দীৰ্ঘকালীন ৰুচি-অভিৰুচি, অভিজ্ঞতা আৰু আয়ত্বকৰণৰ
ফলত লাহে লাহে উত্তৰণ কৰিবলগা এক বিষয়। কবিতাৰ পাঠ আয়ত্বকৰণৰ বাবেও প্ৰায় একেখিনি বস্তুৱেই
আয়ত্বৰ দৰকাৰ যিখিনি কবিতা লেখক হোৱাৰ বাবে প্ৰয়োজনীয়। কবিতা পাঠ যেনেকৈ অনিৰ্দিষ্ট
আৰু অ নিৰ্ণেয় তেনেকৈ কবিতাৰ লেখন ক্ৰিয়াও অনিদিৰ্ষ্ট অনিৰ্ণেয় এটি বিষয়। কবিতাৰ পাঠ
স্থিতিস্থাপক?
লিখিবলৈ নতুন একৱেই নাই। এই শতিকাত ‘মৌলিক
কবিতা’ৰ কথা পতাটোও কিমান ফলপ্ৰসু সেয়াও এক প্ৰশ্নবোধক।ভাঙি-চিঙি তাকেই পুনঃনিৰ্মাণে
কৰাটোও মৌলিক কবিতাৰ বিকল্প হ’ব পাৰে। এক সীমাবদ্ধতা আৰু গণ্ডীৰ পৰা ওলাই যোৱাৰ হাবিয়াস,
আৰু প্ৰচলিত ধাৰাক আওকাণ কৰি যোৱাটোও বৰ্তমান সময়ৰ কবিতা চৰ্চাৰ পদ্ধতি হ’ব পাৰে বা
পুৰণি কোনো এটা কাব্যৰীতিত নতুন বিষয় চৰ্চা হ’ব পাৰে। এনেদৰে কবিতাৰ গদ্যৰ ভাষা সলনি
কৰাৰো এক নিৰন্তৰ প্ৰচেষ্টা।
0 Comments