হেমাংগ কুমাৰ দত্ত

 হেমাংগ কুমাৰ দত্ত

 

হেমাংগ দত্ত এতিয়া ক’ত আছে
কোনেও নাজানে

সেই সমুজ্জ্বল নায়ক । গীতিকাৰ আৰু গায়ক ।
কবিতা যে লেখিছিল । পাহোৱালকৈ ।
নম্ৰ । মুখত দাড়ি আৰু হাঁহি একেলগে ।
গোলাকাৰ মুখ । ওখকৈ । সেইজন ।

 

যাক মই দেখা নাই কেতিয়াও
কেৱল বৰ্ণনা শুনিছোঁ

-   ‘হেমাংগ এনে আছিল

হেমাংগ তেনে আছিল

কাৰ প্ৰেমত পাগল আছিল জধলা হেমাংগ

হেমাংগ এজন ভাল কবি আছিল’

 

কেৱল কবিয়েই আছিলনে হেমাংগ
যদি এটা কবিতা নাছিল


হেমাংগ হেৰাই যোৱাটো আপোনাৰ বাবে সিমান গুৰুত্বপূৰ্ণ কথা নহয়
যিমান গুৰুত্বপূৰ্ণ আপোনাৰ চাদাৰ টেমা হেৰাই যোৱাটো

 

দেশত দিনে প্ৰতি হেৰাই আছে মানুহ
মানুহৰ মাটি মানুহৰ মমতা মানুহৰ..
কিমান অপচয় হৈ আছে তেল গছ নদী পথাৰ কবিতাৰ
তাৰ মাজতে এই হেমাংগ হেৰাই যোৱাটো উদ্বিগ্নতাহীন কথা
নহয়নে?

 

হেমাংগ দত্তক মই মাজে মাজে লগ পাওঁ
আৰু লগ পালেই সোধোঁ- হেমাংদা, ক’ত আছিল ইমান দিনে ?

হেমাংগই মোক্ মাত নিদিয়ে
নিৰুত্তৰ হেমাংগ আকৌ হেৰাই যায়

 

এদিন লগ পাইছিলোঁ এটা মাওবাদী শিবিৰত
কমৰেড হেমাংগই ঘন জংঘলত পৰিচালনা কৰি আছে
এটা গেৰিলা দল

 

এদিন হেমাংগক লগ পাইছিলোঁ ভাৰতবৰ্ষৰ বাহিৰৰ
এটি প্ৰতিষ্ঠানৰ ব্যস্ত অফিচাৰ হিচাপে

 

আন এদিন লগ পাইছিলোঁ
এখন বিলাসী হোটেলত থাইলেণ্ডীয় ৰমণীৰ সৈতে
ড্ৰিম লাইটৰ পোহৰত হেমাংগই ৰচি আছে
এটা উদাৰ কবিতা

 

আন এদিন দুখজনকভাবে এক গোপন ঠাইত
মই লগ পালোঁ তাক
ক’ৰবাত অৰ্ধগলিত এটা মৃতদেহ হৈ শুই আছে হেমাংগ কুমাৰ দত্ত
মূৰৰ ওপৰত তাৰ বিয়লীৰ ৰ’দ

 

কেৱল সপোনত
কেৱল সপোনত
মাজে মাজে মই এনেদৰে হেমাংগ দত্তক লগ পাওঁ




Post a Comment

0 Comments