মানুহৰ নেজৰ কাহিনী- কোকিল শইকীয়া
![]() |
১৯২৫ চনত ফিলিপিন দ্বীপত জন ফীমেনৰ লেন্সত পাঁচ ইঞ্চি এডোখৰ নেজৰ সৈতে এজন ট্ৰাইবেল পুৰুষৰ ছবি। |
এখন দেশত ৰাৱণ হুছেইন
নামৰ এজন গৰু মাংসৰ বেপাৰী আছিল । সি সদায় তাৰ দোকানত এটাকৈ গৰু কাটি বিক্ৰি কৰিছিল। গৰু বিক্ৰি কৰি সি ধুনীয়াকৈ তাৰ ঘৈণীয়েক আৰু ল’ৰা-ছোৱালী হালৰ লগত সুখে-সন্তোষেৰে খাই বৈ আছিল । এদিন সি কাটিবৰ বাবে যিটো গৰু কিনি আনিছিল সেই গৰুটোৰ নেজডাল আছিল বহুত দীঘল । সি যি ঘৰ মানুহৰ পৰা সি গৰুটো কিনি আনিছিল সেই মানুহ ঘৰত গৰুটোৰ দীঘল নেজডাল চাবলৈকে ওচৰৰ গাঁওবোৰৰ পৰা মানুহ আহিছিল । কিন্তু গিৰিহঁতৰ ঘৰৰ আৰ্থিক অনাটনৰ বাবে যেনিবা গৰুটো আহি এই গৰু বেপাৰী জনৰ হাতত পৰিলহি । গৰুটো বৰ ওখ পাখ পালোৱান নাছিল যদিও গৰুটোৰ নেজডাল গৰুটোতকৈ কেইবাগুণ দীঘল আছিল । নেজৰ আগত আছিল একোছা ফিৰফিৰিয়া বিশাল চুলি। গৰুটোৰ নেজডাল ইমানেই দীঘল আছিল যে গৰুটোৰ নেজডালৰ আগত খুঁটি
এটা বান্ধি গৰুটো এৰাল দিব পৰা গৈছিল ।
বেপাৰীয়া দোকানত গৰুটো কাটি নেজডাল ঘৰলৈ লৈ গুচি আহিল । নেজডাল আনি তাৰ ঘৰৰ ড্ৰয়িং ৰুমত ওলোমাই থ’লে । যেতিয়া সিহঁতৰ ঘৰলৈ কোনোবা আলহী আহে আৰু ড্ৰয়িং ৰুমৰ দেৱালত ওলমি থকা সেই প্ৰকাণ্ড নেজডাল দেখি আচৰিত হয় আৰু ভাবে - ইমান দীঘল নেজ কি জন্তুৰ
হ’ব পাৰে । আলহীয়ে তাক প্ৰশ্ন কৰে । সি কয়, সেইডাল তাৰ পূৰ্বপুৰুষৰ নেজ । মানুৱ জাতিৰ পূৰ্বপুৰুসকলৰ নেজ আছিল । বিৱৰ্তন হৈহে নেজডাল নোহোৱা হ’ল । সি মানুহক কয়- আজিৰ মানুহৰ যেনেকৈ হাতত দামী ঘড়ী, অলংকাৰ, মুখত গোঁফ, আদি সন্মানৰ বস্তু, ঠিক তেনেকৈয়ে আগৰ সেই নেজ থকা মানুহৰ নেজডালেই আছিল বিৰাট সন্মানৰ বস্তু । যাৰ নেজডাল দীঘল, নোমাল, শকত আছিল সিয়েই সন্মানীয়, বীৰ্য্যবান, বলবান । নেজেই আছিল ব্যক্তিত্বৰ পৰিচয় আৰু আধাৰ । নেজৰ গঠন ভাল হোৱা মানুহে সমাজত
সদায় আগস্থান পাইছিল । নেজ চুটি মানুহৰ সমাজত বৰ এটা সন্মান নাছিল । নেজ নাইকীয়া ল’ৰালৈ কোনো ছোৱালী নাহিছিল । নেজ নাইকীয়া সন্তান জন্ম হ’লে মাক-বাপেকে পূৰ্ব জন্মত কি পাপ কৰিছিলোঁ বুলি সন্তাপিত হৈছিল । মুঠৰ ওপৰত মানুহৰ মগজতকৈও নেগুৰডালৰ হে গুৰুত্ত্ব বেছি আছিল । সম্ভোগত পত্নীক সুখ দিব পাৰক নোৱাৰক কথা নাই, কেৱল নেজ ঠিক হ’লে পত্নী তাতেই সুখী আছিল ।
এজন ভাল নেজৰ গৰাকীক পাবলৈ আবিয়ৈ ছোৱালীবোৰে সোমবাৰে সোমবাৰে মন্দিৰত সেৱা সৎকাৰ কৰিছিল
। আনহাতে মহিলাৰ ক্ষেত্ৰত আকৌ নেজ চুটি বা নেজহীন মহিলাক হে বেছি মান্য বুলি গণ্য কৰা হৈছিল । নেজ দীঘল ছোৱালীৰ কাষ সাধাৰণতে কোনো ল’ৰা নাচাপিছিল । যিবোৰ ল’ৰা নেজহীন আছিল আৰু নেজৰ গঠন যিবোৰ ল’ৰাৰ একেবাৰে
চুটি আছিল সেইবোৰ ল’ৰাৰ ভাগত হে পৰিছিলগৈ নেজ দীঘল ছোৱালীবোৰ ।
নেজ আছিল পুৰুষৰ পুৰুষত্বৰ প্ৰতীক । সেয়ে মানুহে তেল টেঙা ঘঁহি নেজবোৰ বৰ প্ৰতিপাল কৈ ৰাখিছিল । নেজ চুটি পুৰুষসকল মনে মনে বেজ-কবিৰাজৰ ওচৰলৈ গৈছিল । ৰাস্তাৰ কিনাৰত
বহা আয়ুৰবেদিক ঔষধৰ দোকানৰ পৰা মনে মনে দৰৱ আনিছিল। কবিৰাজৰ দৰৱত কিছুমানৰ নেজৰ গঠন
ঠিক হৈছিল আৰু আন কিছুমানৰ হোৱা নাছিল । প্ৰতিবছৰে একোখন দেশত নেজৰ প্ৰতিযোগীতা হৈছিল । দেশৰ সবাতোকৈ নেজ দীঘল, শকত, নোমাল পুৰুষজনক মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ আমেৰিকা সন্মান প্ৰদান কৰা হৈছিল । মানুহৰ নেজকলৈ কোনোবাই কথা ক’লে বিৰাট হাই কাজিয়া হৈছিল । সভাই সমিতিয়ে এখন চাইন বোৰ্ডত ডাঙৰকৈ লিখা আছিল- ‘নিজৰ নেজৰ ওপৰত চকু দিব ’, ‘আপোনাৰ নেজৰ হানি-বিঘিনিৰ বাবে
কমিটি দায়ী নহয়’ । নেজ চুটি কিছুমান চকুচৰহা পুৰুষ নেজ দীঘল পুৰুষসকলক দেখি বিৰাট জ্বলিছিল আৰু তেওঁলোকৰ নেজ ধ্বংস কৰিবলৈ না না কৌশল ৰচনা কৰাত লাগিছিল । নেজ চুটি পুৰুষসকলে কিছুমান দল খুলি লৈছিল আৰু নেজ দীঘল ব্যক্তিক অকলে পালে অপহৰণ কৰি নি নেজডাল কাটি পঠাই দিছিল । নেজক লৈ চলিছিল
অসংখ্য লবী। নেজ কটা পুৰুষ লোকচক্ষুত হাঁহিয়াতৰ আৰু পুতৌৰ পাত্ৰ হৈ পৰিছিল । আকৌ কিছুমান নেজ চুটি আৰু নেজহীন মানুহে সমাজত তেওঁলোকৰ সমঅধিকাৰ আৰু সমমৰ্যদাৰ বাবে আন্দোলন চলাইছিল , সজাগতা সভা পাতিছিল । কিছুমান নেজ চুটি পুৰুষে নেজহীন আৰু নেজ চুটি পুৰুষৰ বাবে ‘ৰিজাৰ্ভেচন’ দাবী কৰইছিল । তেওঁলোকৰ লগত নেজ দীঘল মহিলা সকলেও যোগ দিছিল ।
নেজ দীঘল পুৰুষসকলৰ ঘৈণীবোৰে গিৰিয়েক ঘৰৰ পৰা ওলাই গ’লেই যাতে আকৌ কুশলে নেজ সহিতে ঘৰ আহি পায়হি তাৰ বাবে ঘৈণীয়েক বোৰে ঈশ্বৰক প্ৰাৰ্থনা জনাইছিল । গৰ্ভাৱস্থাত এটা লোক-উৎসৱৰ প্ৰচলন আছিল । সেই উৎসৱত গৰ্ভৱতী মহিলাই নেজ দীঘল পুৰুষ আৰু নেজহীন মহিলা সকলক আমন্ত্ৰণ কৰি দান-দক্ষিণা দি দীঘল নেজৰ ল’ৰা সন্তান বা নেজহীন ছোৱালী সন্তানৰ মনোকামনা কৰিছিল । ফলপ্ৰসু নেজৰ সন্তান পাবলৈ গৰ্ভৱতী সকলক সেই উৎসৱ দিনা বাঘৰ নেজ ভাজি খুওৱা হৈছিল । সেইবাবে সেই উৎসৱৰ কমেও তিনি চাৰি দিন আগে পৰা গাঁৱৰ ডেকাবোৰ মিলি হাবিলৈ বাঘ চিকাৰ কৰিবলৈ গৈছিল । বাঘৰ নেগুৰ খালে সন্তানৰ নেজ ভাল হয় বুলি এটা লোক বিশ্বাস প্ৰচলিত আছিল ।
![]() |
গৰু মাংসৰ বেপাৰীৰ মুখত এই কথা শুনি বহুতে বিশ্বাস কৰিছিল আৰু বহুতে বিশ্বাস কৰা নাছিল । তথাপি ইমান দীঘল এদাল নেজ চাবলৈ দৈনিক গৰু বেপাৰীৰ ঘৰত দূৰ দূৰণি মানুহে ভিৰ কৰিছিলহি যে বেপাৰী এক প্ৰকাৰৰ চৰ্চিত আৰু জনপ্ৰিয় মানুহ হৈ পৰিছিল সেই নেজদালৰ বাবেই । বহু লোকে পইচা দি নেজ ডাল কিনিবলৈ বিচাৰিছিল । কিন্তু বেপাৰিয়ে কোনো মূল্যৰ বিনিময়ত সেই নেজডাল বিক্ৰী কৰিবলৈ ৰাজী নাছিল । সজাই
পৰা কোৱা নেজৰ সেই কাল্পনিক বুৰঞ্জী মানুহক দৃঢ়তাৰে কওতে কওতে সঁচাকৈয়ে বেপাৰীৰ সেই কাহিনীবোৰ সঁচা সঁচা যেন লগা হৈছিল । সি তাৰ
নিজৰ ফাঁকিটোক নিজেই ফাঁকি বুলি বিশ্বাস কৰিব নোৱাৰা হৈ পৰিছিল । মাজে মাজে বেপাৰীয়ে এক অদ্ভুত মানসিক দ্বন্দত ভুগিছিল , হাঁহি উঠি গৈছিল তাৰ । সি মাজে মাজে দ্বিধাগ্ৰস্ততাত ভুগিছিল এইবাবে যে সি সঁচাকৈয়ে
বাস্তৱত বাস কৰি আছে নে এয়া সি তাৰ কল্পনাত মজি আছে ।
এদিন বেপাৰী ৰাতি দুৰ্ঘোৰ টোপনিত । সপোনত সি দেখিলে হাজাৰ হাজাৰ বান্দৰ সদৃশ আদিম মানুহে তাক বেৰি বেৰি ধৰিছে । তাৰ কাণৰ কাষত টেটুফালি চিঞৰিছে । তাক আঁচুৰিছে । খাওঁ খাওঁ মূৰ্তিকে বেৰি ধৰিছে । তাৰ ওপৰত চলিছে নিৰ্মম অত্যাচাৰ । ৰাতিপুৱা সাৰ পাই সি বিছনাৰ পৰা উঠিব খুজি সি তাৰ পায়ু পথৰ ওপৰৰ হাড় টুকুৰাত এক অসহ্য বিষ । এটা টেমুনা বাহিৰ হৈছে পায়ু পথৰ ওচৰত । সন্ধিয়ালৈ টেমুনাটো ফুটি ঘাঁ এডোখৰ হৈছে । যেন এটা কেঁচা ফোঁহা । পিছদিনা ৰাতিপুৱা আকৌ বিছনাৰ পৰা উঠিবলৈ লৈ ৰাৱণ হুছেইনে অনুভৱ কৰিছে তাৰ এডাল নেজ গজি উঠিছে। নেজৰ এই কথকজনে এতিয়া চুটুকাটো পাইছে।
10 Comments
বঢ়িয়া লাগিল পঢ়ি।
ReplyDeleteব্যতিক্ৰমী লেখা!ভাল লাগিল।
ReplyDeleteবাপৰে
ReplyDeleteধন্যবাদ
Deleteবঢ়িয়া কোকিল।
ReplyDeleteধন্যবাদ
ReplyDeleteসাংঘাতিক লিখিলি দেই৷ বৰ ভাল পালোঁ পঢ়ি৷
ReplyDeletethank you
Deleteনেজৰ বিষয়ে ইমান কথা আজিহে পঢ়িলোঁ। আমোদ পালোঁ
ReplyDeleteThank you so much
Delete