পাহৰণি

পাহৰণি

কোকিল শইকীয়া



সদায় মনত পেলাই থকা কথাবোৰ অথবা স্মৃতিত সজীৱ হৈ থকা কথাবোৰ

যিমান পুৰণি হলেও পুৰণি যেন নালাগে

 

পাহৰণিতেই বেছিভাগ দুখ সাম কাটে

পাহৰণিতেই ভুলৰ ওপৰত ভুল হয়

ভুল হলে অনুশোচনা হয়, শাস্তি হয়

তেতিয়া স্মৃতিৰ বাৰ বাজে

 

মানুহৰ স্মৃতি ক্ষণস্থায়ী

মানুহৰ স্মৃতি স্থায়ী

 

মানুহৰ স্মৃতি তেজত থাকে, জিনত থাকে

মনত থাকে মগজত থাকে

সামাজিক স্মৃতি বোলা বস্তুকণ সমজুৱা শোক দিৱসৰ দৰে

ঘৰা-ঘৰি গুচি যায়

আৰু ঘৰা-ঘৰি গুচি যোৱাৰ পিছত

শেষ হৈ যায় বন্ধন বেংকৰ সূদত

শেষ হৈ যায় বাচ্চাৰ টিফিন বক্সত

শেষ হৈ যায় নতুন খবৰত

আৱেগিক ভাষণত, প্ৰলোভনত আৰু নাটকত

তেনেকৈয়ে শেষ হৈ হৈ নোহোৱা হৈ পৰে স্মৃতি

 

যি স্মৃতিয়ে এদিন তোমাক শুবলৈ দিয়া নাছিল

মদাহী কৰি তুলিছিল

অস্হিৰ অশান্ত বদনামী কৰি তুলিছিল

যি স্মৃতিয়ে তোমাৰ চকুলো শুহি শুকান কৰিছিল

কাঢ়ি নিছিল তোমাক তোমাৰ পৰা

যি স্মৃতিৰ কাৰণে তুমি মৰিবলৈ ওলাইছিলা

সেই স্মৃতি এদিন হেৰাই যায়

যায় যায় ৰিণিকি ৰিণিকি

 

এদিন তুমিও ভোগা স্মৃতিহীনতাত

আৰু সেই স্মৃতিৰ বাবে কান্দা

পাহৰি যোৱাৰ পিছত ৰুক্ষ হৈ যোৱা তোমাৰ মনে

মনত পেলাবলৈ যত্ন কৰে

পুৰণি কথাবোৰ চকুৰ সমুখলৈ ঘুৰি আহক কল্পনাৰ চিনেমা হৈ

কিন্তু নাহে নাহে নাহে

মৰি যোৱা অতবোৰ বস্তু তুমি কেৱল

তোমাৰ স্মৃতিতেই জীয়াই ৰাখা

 

স্মৃতিবোৰ থকালৈকে অন্যথা স্মৃতিবোৰ থকালৈকে তুমি হাহাকাৰ কৰি থাকা

তাৰপিছত কোনেও মুৰ তুলি নোচোৱা ঘড়ী এটাৰ দৰে

চলি থাকে

তাৰ শব্দও শুনিবলৈ সময় নাথাকে

স্মৃতিও স্মৃতিহীনতাত ভোগে

 

অতবোৰ স্মৃতি তোমাক কেলৈ

কিয়নো

মৰি যোৱা বহু বস্তুৱেই তুমি তোমাৰ স্মৃতিত জীয়াই ৰাখিছা

স্মৃতিয়েই তোমাক জীয়াই ৰাখিছে

আনকি তুমিও জীয়া আছা স্মৃতিতেই

অন্যথা তুমি মৃত

Post a Comment

0 Comments