হৃদয়নো কাৰ ভগা নাই


হৃদয়নো কাৰ ভগা নাই

কোকিল শইকীয়া

by Salvador Dali


নীলাচলত চলি আছিল এটি ঘড়ী । অসময়ত।

হৃদয় কাৰনো ভগা নাই ? ৰাইজ আহিল । খালে বলে । গ’ল।

কাৰনো ছিগা নাই ভগা বেৰৰ বাঁহ বেতৰ গাঁঠি ?


বদঅভ্যাস। বিৰাট বদভ্যাস। কাৰনো নাই?

অভ্যাসৰ দৰে কঠোৰ আয়ত্ব ভাঙিবলৈ নীলমনি ফুকন থাকিলেও

সাৰি নাযায় বদ্যভাস।

তোমাৰ কথা ভাবিলেই কিশোৰ কুমাৰ ভাঁহি আহে

নাহেনো কি ভাঁহি ।

ভাঁহি আছে এতিয়াও চুচুৰ ৰঙা পৰা চাঁহি।


বেয়া কবিতা লিখিবলৈ মন নাযায়।

জীৱন দুকঠা মাটিৰ পানী। দুকঠা মাটিৰ খেতি । দুকঠা মাটিৰ হাঁহি।

ধাননিতো অন্ধকাৰ। ৰৈ ৰৈ ৰৈ চমৎকাৰ। মোৰ সৰু মামী।


অহা দেওবাৰেই হ’ব খাটাং। আহিবনে অহাটো দেওবাৰ ?

দেওবাৰে কাফকাই শনিবাৰৰ সপোনটোৰ পিছৰখিনি দেখে

মই দেখো কি

ট্ৰেফিকজামত ৰ’দে পাই ৰবাব টেঙা কৰা

মোৰ প্ৰেম , অহ মোৰ প্ৰেম


তুমি ক’ৰ হাঁহি তুমি ক’ৰ হাঁহি!

অৰ্ধানুলুপ্ত আলোচনীত মই মৃত লেখকৰ পাণ্ডিত্য পঢ়ি আছোঁ

তুমি ক’ৰ হাঁহি
কবিতাৰ শেষৰ শাৰী বিচাৰি

দীঘলীয়া শাৰীৰ
যাত্ৰাৰ মই শেষৰজন যাত্ৰী । তোমাৰ কবিতাৰ শেষৰজন কবি।

Post a Comment

0 Comments