তোমালোকে মোক কেনে আছোঁ সুধিছা

তোমালোকে মোক কেনে আছোঁ সুধিছা


কোকিল শইকীয়া


 

(এক)

তোমালোকে মোক কেনে আছোঁ সুধিছা
চলি আছোঁ
এটি শিশুৰ দৰেই চাই আছোঁ
পৃথিৱীৰ নাচোন
মাছৰ ঢৌ-বৰষুণ
চাই আছোঁ তমানে নিজৰেই অব্যাপ্তি

মই জানো বতাহত বিয়পি ফুৰা
সকলোবোৰ দুৰ্গন্ধময় খবৰ কিদৰে হজম কৰি লাগে
আৰু মই জানো তোমাৰ এই সকলোবোৰ শোক
ময়েই কিনিব লাগিব
তেনেই সস্তাত
কাৰণ ইয়াৰ চাহিদা কেৱল মোৰ ওচৰতেহে আছে


(
দুই)

তোমালোকে মোক কেনে আছোঁ সুধিছা
মৰা মানুহবোৰকে চাই আছোঁ
মৃতদেহবোৰে ইমান জীৱন্ত হাঁহি মাৰিব জানে
জীৱিতসকলে নাজানে


যি ঠাইত মই মোক এৰি থৈ তোমালোকৰ ওচৰলৈ আহিছিলোঁ
উভতি গৈ মই দেখিলোঁ মই তাত নাই
আকৌ তোমালোকৰ ওচৰলৈ ঘুৰি আহি দেখিলোঁইয়াতো নাই
মই সজাত বন্দী লোঁ নে
সজাৰ পৰা মুকলি লোঁ নাজানিলোঁ

 

(তিনি)

এতিয়া তোমালোকে মোৰ প্ৰেমৰ কাহিনী শুনিবা ?

মোৰ কোনো প্ৰেমৰ কাহিনী নাই
সকলো কাহিনী মাথোঁ বিচ্ছেদৰ ; পৰাজয় আৰু বিদ্ৰোহৰ

 

বৰফৰ দৰে গলি গলি যেতিয়া মই পানী হৈ যাওঁ
তেতিয়া তাই পাত্ৰত পেলাই মোক আকাৰ দিয়ে
জুই তুলি শুকুৱাই
ধোৱা হওঁ
আৰু দুখৰ দিনবোৰত ময়েই সৰি পৰোঁ তাইৰ চকুৱেদি

 

দয়া আৰু কৰুণাই উপছাই তাই মোক
উৰিবলৈ মনোনীত কৰিলে
মই যে শেষ হৈ লোঁ ৰাতি এটাৰ অলৌকিক পোহৰত
আৰু তাই ভালপোৱা সকলোবোৰ বস্তুৱেই মই পৰিত্যাগ কৰিলোঁ
আনকি মোৰ স্মৃতিৰ পৰাও

(চাৰি)
মই বৃত্ত এটাৰ পৰিধি আৰু ব্যাসৰ অনুপাত
যিহেতু তোমালোকে সুধিছা
অপৰিমেয় অসন্তুষ্টি আৰু উত্তৰৰ বাটে নগৈ
সহজেই কওঁ
-
খুবেই সন্তুষ্ট মই চলি আছোঁ

Post a Comment

0 Comments