কোনোবাই ক’ৰবাত উচুপি থাকে
কোকিল শইকীয়া
কেতিয়াবা দেউতাৰ লগত বিবাদ লাগি
ঘৰৰ পৰা উলাই যাওঁ
কোনোবাই ক’ৰবাত উচুপি থাকে
এটা সমদলত যোগ দি
শ্লোগান চিঞৰো
কোনোবাই ক’ৰবাত উচুপি থাকে
প্ৰেমত পৰোঁ
বাৰে বাৰে পৰোঁ
মাজনিশা পাখি কটালি ওলাই যাওঁ পোচাকী শৰীৰৰ পৰা
কোনোবাই ক’ৰবাত উচুপি থাকে
দুজনে প্ৰেম কৰিলে তৃতীয়জনে কান্দে
মুঠৰ ওপৰত কোনোবাই ক’ৰবাত গোপনে উচুপি থাকে
গোপন উচুপনিৰ কাষ চাপি গ’লেই খিলখিলাই
হাঁহে
0 Comments