কিয় লাগে নদীবান্ধ?
কোকিল শইকীয়া
১/ চুখাম্ফা বা খোৰা ৰজাৰ শাসনকালত অৰ্থাৎ ১৫৯৬ খ্ৰীষ্টাব্দত ধন জন ক্ষতি হোৱা এটা অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল। তাৰ আগতো উত্তৰ পূৰ্বাঞ্চলত হোৱা ভয়াবহ ভূমিকম্পৰ বিষয়ে বুৰঞ্জীৰ বিভিন্ন উৎসৰ পৰা পোৱা যায় । অসমত আকৌ এটা বৰ ভুইকঁপ হৈছিল ১৮৯৭ চনত । এই ভইকঁপেও কৰিছিল বিস্তৰ ক্ষতি সাধন। তাৰপিছত ১৯৫০ চনত হোৱা প্ৰায় ৮ ৰিখটাৰ স্কেলত হোৱা ভুইঁকপৰ ফলত পাহাৰ খহি তিনিদিনলৈ ৰুদ্ধ হৈ পৰিছিল উত্তৰ অসমৰ হৃদপিণ্ড নদী সোৱণশিৰি। তিনিদিন ধৰি পাহাৰৰ খহনীয়াই নদীখন ভেটি ৰখাৰ ফলত সোৱণশিৰিৰ পানীয়ে লৈছিল এক ভয়াৱহ জল বিস্ফোৰণৰ ৰূপ। যাৰ ফলত প্ৰায় এহেজাৰ মান লোক মৃত্যুমুখত পৰিছিল ।
২/ ভূ-বিজ্ঞানী সকলে কয়, এই অঞ্চলটো হৈছে ভূমিকম্পপ্ৰৱণ অঞ্চল । পৃথিৱীত নামৰ এই গোলকটো যি পাঁচটা টুকুৰা বা প্লেট লগ লাগি গঠিত হৈছে তাৰে দুখন প্লেট ভাৰতীয়-প্লেট আৰু ইউৰেছিয়ান-প্লেট । এই দুখন প্লেটৰ খুন্দাৰ ফলতে হিমালয় পৰ্বতটো সৃষ্টি হৈছিল। আৰু এই দুখন প্লেট এতিয়াও গতিশীল অৱস্থাত আৰু সেয়ে এই অঞ্চলটোত ভূমিকম্প অহাৰ সম্ভাৱনা পুৰামাত্ৰাই আছে। শেহতীয়াকৈ নেপালত হোৱা ৭.৬ ৰিখটাৰত হৈ যোৱা ক্ষয়ংকৰী ভূইকঁপ আৰু ধাৰা বৃষ্টিৰ ফলত অৰুণাচল প্ৰদেশৰ পাহাৰবোৰত হোৱা ভূমিস্খলনেৰ দৰে ঘটনাবোৰেই নামনি সোৱণশিৰি নদীবান্ধলৈ ভৱিষ্যৎ ভয়াৱহতাৰ ইংগিত সূচনা কৰে।
৩/ WAPCOS নামৰ ভাৰত চৰকাৰৰ এটা
সংস্থা । এই সংস্থাই এটা প্ৰতিবেদনত কৈছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ স্থান অতিশয় ভূমিকম্পপ্রৱণ
আৰু ই পৃথিৱীৰ ‘ভি’
(V) মণ্ডলত পৰ়ে, ইয়াৰ শিলাস্তৰ অতি কোমল হোৱা বাবে ভূস্খলনৰ
প্রৱণতা অতি বেছি৷ সংস্থাটোৱে কৈছে যে বান্ধটো ভাঙিলে প্রতি
ছেকেণ্ডত ২,৫৬,৪০২ ঘনমিটাৰ হিচাপত
ভৈয়ামলৈ পানী বৈ আহিব আৰু মাত্র ৩৫ মিনিটৰ ভিতৰত নামনি অঞ্চলত ৩০ ফুট
উচচতালৈ বানপানীৰ সৃষ্টি কৰিব৷ এনে হ’লে সম্পূৰ্ণ উত্তৰ অসমৰ লগত নদীদ্বীপ মাজুলীও চিৰদিনৰ বাবে নিশ্চিহ্ন হৈ পৰাৰ সম্ভাৱনা আছে।
৪/ ডিব্ৰুগড় বিশ্ববিদ্যালয়,
গুৱাহাটী বিশ্ববিদ্যালয়
আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ বিশেষজ্ঞৰ দ্বাৰা গঠিত বিশেষজ্ঞ
সমিতিৰ “Report On Downstream Impact Study Of The
Ongoing Subansiri Lower Hydroelectric Power Project At Gerukamukh Of National
Hydroelectric Power Corporation Limited” শীৰ্ষক প্ৰতিবেদনতো
পায় একেখিনি ভয়াৱহতাৰ সম্ভাৱনাৰ কথাই উল্লেখ আছে।
৫/ উল্লেখযোগ্য যে সিদিনাখন অৰ্থাৎ ২০২০ চনৰ ২৭ মে তাৰিখৰ পৰা হোৱা ধাৰা বৃষ্টিৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠ ওফন্দি প্ৰকল্পটোৰ মূল বান্ধৰ দুই ফুট ওপৰেৰে পানী বাগৰি আহিছিল । যাৰ ফলত প্ৰকল্পলৈ যোৱা মূল পথটো বিধস্ত হয় আৰু প্ৰকল্পৰ গাৰ্ড ৱাল খনৰ যথেষ্ট অংশ খহি পৰে।
৬/ কেন্দীয় জল আয়োগৰ তথ্য অনুসৰি সোৱণশিৰি নদীয়ে প্ৰায় ৯ হেজাৰ টন পলস কঢ়িয়াই আনে । এই পলসৰ পৰিমাণ আহি বান্ধটোত জমা হ’ব। জানিবলৈ পোৱা মতে এতিয়ালৈকে এই পলস উলিয়াই পঠাবলৈ এতিয়ালৈকে কোনো কাৰিকৰী ব্যৱস্থা লোৱা হোৱা নাই।
৭/ আমাৰ দেশৰ গুজৰাটৰ উকাই বান্ধ নিৰ্মাণৰ ফলত
১৮৫০০ পৰিয়াল উচ্ছেদ কৰিব লগা হৈছিল। তাৰ ভিতৰত ৩৫০০ পৰিয়ালহে সংস্থাপিত হৈছিল, বাকী ১২০০০ পৰিয়াল গৃহহাৰা হৈছিল। আনহাতে কইনাধৰা বান্ধ
নিৰ্মাণ কৰোঁতে মাত্ৰ ১২ টা পৰিয়ালকহে সংস্থাপিত কৰা হৈছিল। ইয়াৰ পাছত এই
বান্ধসমূহৰ ক্ষতিগ্ৰস্থ পৰিয়ালসমূহে কোনো ধৰণৰ ক্ষতিপূৰণ নাপালে, তেওঁলোকৰ সংস্থাপনো নহ’ল । তেনেস্থলত অসমত সোৱণশিৰি বান্ধৰ পৰা লাখ লাখ পৰিয়াল আৰু হেজাৰ হেজাৰ বিঘা কৃষিভূমিৰ যি বিস্তৰ ক্ষতি সাধন হ’ব তাৰ ক্ষতিপূৰণ বা পুনৰ সংস্থাপন দিবলৈ চৰকাৰ বা এন এইচ পি চি সক্ষম হ’ব বুলি ভাবিব পাৰিনে ?
৮/ সোৱণশিৰিৰ তুলনাত তেনেই সৰু ৰঙা নদীৰ বান্ধ নিৰ্মাণৰ পিছত দুই বছৰলৈ ৰঙা নদীৰ পানী শুকাই অঞ্চলটো মৰুভূমি সদৃশ হৈ পৰিছিল । ২০০৮ চনৰ ১৪ জুলাইৰ দিনা ৰাতি ৰঙানদী প্ৰকল্পৰ পানী ৰঙানদী আৰু দিক্ৰঙেৰে আহি
লখিমপুৰ, বিহপুৰীয়া আৰু নাওবৈচাৰ কেইবাশ গাঁও জলমগ্ন হোৱাৰ ফলত ২২জন লোক মৃত্যুমুখত পৰিছিল। কেৱল এয়াই নহয় নেপকো আৰু ডিক্ৰঙৰ পানী এই দিয়াৰ ফলত উত্তৰ অসমৰ লোকে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে।
৯/ ইয়াৰ উপৰি মেঘালয়স্থিত শক্তি উৎপাদন
প্রকল্পই এৰি দিয়া পানীয়ে ২০০৪ চনত গোৱালপাৰা আৰু ধুবুৰী জিলাত সংঘটিত হোৱা বানে কিমান ক্ষতি কৰিলে, ২০০৭ চনত ভূটানৰ কুৰিশ্ব’ নদী বান্ধৰ পানীয়ে নামনি অসমত কিমান ক্ষতি কৰিছিল সেয়া সকলোৱে জনা কথা ।
১০/ ইয়াৰ পিছতে আহে পৰিৱেশৰ কথাটো । নামনি সোৱণশিৰি নদীবান্ধৰ বাবে ইয়াৰ দুয়োপাৰে থকা বনাঞ্চলৰ গছ গছনি আৰু জীৱকূলৰ ওপৰত সাংঘাতিক কু প্ৰভাৱ পৰিব । হাতী, মেথোন, হৰিণ আদি ভালে সংখ্যক জীৱ জন্তুৱে বাস কৰে এই অঞ্চলসমূহত । নদীবান্ধে এই জীৱ কূললৈ যে ভাবুকি কঢ়িয়াই আনিব এইটো সকলোৱে জনা কথা। তদুপৰি নদীবান্ধৰ ফলত নদীখনৰ গতি বিধি কৃত্ৰিম কৰি পেলোৱাৰ বাবে খৰালি নদীখন শুকাই যাব আৰু বাৰিষা হোৱাৰ লগে লগে ওফন্দি পৰিব। এনে অপ্ৰাকৃতিক অৱস্থাই নদীৰ মাছ-কাছৰ বংশ বৃদ্ধি হ্ৰাস কৰিব। বাৰিষা বান্ধৰ অতিৰিক্ত পানী এৰি দিয়া পানী সমূহ হ’ব অতি চেঁচা । কাৰণ Reservoir তলৰ অংশৰ পানীৰ উত্তাপ অতি কম। ই জলজ জীৱনৰ প্ৰচুৰ ক্ষতি কৰিব।
0 Comments