লিংগ পৰিচয় আৰু যৌন মনঃস্তত্বৰ প্ৰসংগ –
কোকিল শইকীয়া
![]() |
অসমতে নহয় সমগ্ৰ ভাৰততেই লিংগ পৰিচয় (Gender identity) আৰু বিভিন্ন
বৈশিষ্ট্যৰ যৌন আকাংক্ষা(Sexual orientation) সম্পৰ্কে থিয়ৰীটিকেল আলোচনা বিষয়গত আৰু সংখ্যাগত
দুইটা দিশৰ পৰা তেনেই নিম্নতৰ । লিংগ বৈষম্য, লিংগ পৰিচয় সম্পৰ্কে সাধাৰণতে যিখিনি
কথা পতা হয় সেয়া কেৱল পৰম্পৰাগত নাৰীবাদী দৃষ্টিৰে পুৰুষ আৰু মহিলাৰ সামাজিক, অৰ্থনৈতিক
আৰু ৰাজনৈতিক অসমতাৰ কথাকে আলোচনা কৰি আৰু কেতিয়াবা আলোচনাৰ শেষৰ ফালে অলপমান তৃতীয় লিংগৰ অধিকাৰৰ কথা তৰাংকৈ আলোচনা
কৰি সামৰণি মৰা হয়
। লিংগ বৈষম্য অধিকাৰৰ কথাৰ লগত যৌন সমতাৰ
সমস্যাবোৰৰ কথা পতাই নহয় । নিজকে প্ৰগতিশীল, নাৰীবাদী বুলি পৰিচয় দিব খোজা লোকৰেই বুজন
সংখ্যকে মনৰ ভিতৰত ক’ৰবাত ট্ৰেন্সজেণ্ডাৰ, সমকামী, দ্বিকামী অন্যান্য সকলৰ প্ৰতি এক ৰক্ষণশীল
মনোভাৱ পুহি ৰখা দেখা যায় ।
প্ৰথমতেই কিছু স্পষ্ট হৈ লোৱা যাওক Gender আৰু Sex সম্পৰ্কে । আচলতে অসমীয়াত ‘চেক্স’ আৰু ‘জেণ্ডাৰ’ দুয়োটা শব্দৰ প্ৰতিশব্দ অসমীয়াত ‘লিংগ’ হিচাপে জ্ঞাত বাবে দুয়োটাকে একাকাৰ আৰু সৰলীকৰণ কৰি পেলোৱা দেখা যায় । কিন্তু দুয়োটাৰ মাজত প্ৰভেদ আছে । লিংগৰ শাৰীৰিক অৱস্থানৰ লগত জড়িত এক সমাজ-ৰাজনৈতিক প্ৰয়োজনৰ মাজেদি লিংগ পৰিচয়ৰ বিকাশ হয় । ইয়াৰ লগত সাংস্কৃতিক পৰিকাঠামৰ দিশটোও জড়িত হৈ থাকে । গতিকে লিংগভিত্তিক অন্যায়পূৰ্ণ সামাজিক বৈষম্যসমূহ দূৰীকৰণৰ আধাৰত লিংগ পৰিচয়ৰ প্ৰয়োজনীয়তা প্ৰাসংগিক হৈ পৰে; ইয়াৰ ৰূপ আৰু পথ নিৰ্ণয় হয় । আমি এতিয়া কথা পাতিম ভাৰতীয় সমাজে অমান্য আৰু পৃথক দৃষ্টিৰে চোৱা, ব্যক্তি স্বাধীনতাহাৰা, পৰিচয়ৰ সংকটত ভোগা তৃতীয় লিংগৰ সমুদায় আৰু সমকামী তথা দ্বিকামী সকলৰ অধিকাৰ, সমস্যা আদি কেতবোৰ দিশৰ বিষয়ে । এইখিনিতে মনত ৰাখিবলগীয়া কথা হ’ল যে sex orientation আৰু gender identity দুইটা একে নহয় । ই কেতিয়াবা উভয় আৰু পাৰস্পৰিকভাৱে সম্পৰ্কিত হ’লেও সি ব্যাকৰণগত নহয় । এনে আলোচনাত দুয়োটাই অতি সংবেদনশীল আৰু জটিল বিষয় ।
সাধাৰণতে
চেক্সুৱেলিটি দুই প্ৰকাৰৰ বুলি জনা যায় - Heterosexual আৰু Homosexual । অৱশ্যে এই
দুই প্ৰকাৰৰ যৌনাকাংক্ষাৰ ভিতৰত বিভিন্ন চৰিত্ৰৰ যৌনাচাৰ আৰু মনঃস্তত্ব বিভক্ত হৈ আছে
। আমাৰ পুৰুষতান্ত্ৰিক সমাজত Homosexuality ক সদায় অপৰাধ অথবা শাৰীৰিক মানসিক বিকাৰগ্ৰস্ততা বুলি গণ্য কৰা হয়
। কিন্তু
সমকামিতা আৰু দ্বিকামিতা বিকৃত মানসিকতা বা কোনো ৰোগ নহয় । ইয়াক চিকিৎসা
বিজ্ঞানেও স্বাভাৱিক বুলি গণ্য কৰিছে । আমি সততে দেখোঁ আমাৰ মাজৰ উচ্চ শিক্ষিত ব্যক্তিয়েও গে’,
লেছবিয়ান, হিজৰা বুলিলে ক'লে ইতিকিং আৰু অস্পৃশ্য
জ্ঞান কৰে । ই আচলতে ভুল আৰু পৰম্পৰাগত ধাৰণা । জেণ্ডাৰ পৰিচয়,
যৌনতা , ব্যক্তিত্ব, শাৰীৰিক-মানসিক যৌন আকাংক্ষা , মন , শৰীৰ এইবোৰ প্ৰাকৃতিক কথাক সমাজে ৰক্ষণশীলতাৰ শিকলিৰে বান্ধিব নালাগে ।
আমি গে’,
লেচবিয়ান, বাইচেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ সকলক ঘৃণা নকৰি, বিসংগতিপূৰ্ণ
বুলি নাভাবি তেওঁলোকক সমমৰ্যদা, সমঅধিকাৰ, সাহস আৰু উৎসাহ প্ৰদান কৰি মুক্তভাবে স্বাভাৱিক জীৱন যাপনৰ সুবিধা কৰি দিয়া উচিত ।
ৰক্ষণশীলতা, পুৰুষতন্ত্ৰ, পৰম্পৰাগত সমাজ মনোভংগীতাই ব্যক্তি
স্বাধীনতা আৰু মানৱ অধিকাৰ খৰ্ব কৰা কিছুমান চূড়ান্ত বৰ্বৰ কাৰ্য-কলাপ সংঘটিত কৰা দেখা
যায় । সজাগতা
আৰু সচেতনাৰ অভাৱ, প্ৰগতিশীল
শিক্ষা, মুক্ত চিন্তা আদিৰ অভাৱে আমাক আধুনিক যুগতো অন্ধ কৰি ৰাখিছে । গে’সকলক সমনীয়া সকলে গে’ বুলি উপলুঙা
কৰে, গে’ বুলি তেওঁলোকৰ লগত বন্ধুত্ব গঢ়াৰ পৰা বিৰত থাকে
। এনে অত্যাচাৰৰ ফলত তেওঁলোকে হীনমান্যতাত ভোগে, সমাজত
মৰ্যাদাসম্পন্নভাবে জীয়াই থাকিব নোৱাৰে । তেনেদৰে, হিজৰাসকলক
মানুহে গালি দিয়ে, ৰাজহুৱা স্থানত
শাৰীৰিক মানসিক অত্যাচাৰ কৰে। তদুপৰি নিজৰ সন্তানক গে’ বুলি জনাৰ পিছতো অভিভাৱকে সমাজৰ ভয়ত অথবা ইয়াক মানসিক বিসংগতি
বুলি ভাবি এজনী ছোৱালীৰ লগত জোৰকৈ বিয়া পাতি দিয়া দেখা যায়,
যাৰ ফলত দুটা মূল্যবান জীৱন বৰবাদ হৈ যায় । আনকি
বহুতে আত্মহত্যা কৰিবলৈও বাধ্য হয়
পৰে ।
আকৌ এনে ৰক্ষণশীলতা আৰু জ্ঞানৰ অভাৱৰ
বাবেই লেছবিয়ান বুলি জানিও অভিভাৱকে নিজৰ ছোৱালীজনীক কাজিন,
ককায়েক, খুৰাক আদিৰ দ্বাৰা ধৰ্ষণ কৰোৱাই দিয়ে । তেওঁলোকে ভাবে যে পুৰুষৰ লগত শাৰীৰিক সংস্পৰ্শ নোপোৱাৰ বাবে তাই লেছবিয়ান হৈছে, পুৰুষৰ
লগত যৌন অভিজ্ঞতা হ'লহে তাই
heterosexual (পৰম্পৰাগত স্বাভাৱিক যৌনাকাংক্ষী) লৈ পৰিবৰ্তন
হ'ব । কিন্তু ই অতি ভুল ধাৰণা । Homosexual
হৰমনৰ প্ৰভাৱতহে হয়, ই হ'ল প্ৰাকৃতিক । গে’ , লেচবিয়ান, বাইছেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ হোৱাটো কোনো বেমাৰ বা শাৰীৰিক-মানসিক
বিসংগতি নহয় । তেওঁলোকৰ আকাংক্ষাৰ বিপৰীতে গৈ তেওঁলোকৰ যৌনকাংক্ষাক
বেমাৰ বুলি ভাবি এনেধৰণৰ জোৰ-জবৰদস্তিৰ পৰিণাম অতি ভয়াবহ হ’ব পাৰে ।
ইয়াৰ সামাজিক মান্যতা, বৈষম্য দূৰীকৰণৰ , সমঅধিকাৰৰ বাবে প্ৰতিবছৰে
বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন সংগঠনে Qureer pride rally অনুষ্ঠিত কৰে । ইয়াত LGBTQAI ++ ৰ
বাহিৰেও সকলো সচেতন লোকে অংশগ্ৰহণ কৰে । অসমত ‘Xukia’ নামৰ এটি স্বেচ্ছাসেৱী গোট আৰু কিছু
সচেতন লোকৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে ২০১৪ চনত এই ৰেলী গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল
। এই ৰেলীলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা যথেষ্ট LGBTQAI++ সমুদায়ৰ ব্যক্তি মুকলিকৈ পোন প্ৰথমবাৰৰ
বাবে ওলাই আহি সচেতনতা আৰু অধিকাৰৰ বাবে এক আৱাজ দিছিল । তেতিয়াৰে পৰা প্ৰতিবছৰে অসমতো
এই ৰেলী অনুষ্ঠিত হৈ আহিছে । এতিয়া LGBTQAI++ মানে কি?
L
মানে Lesbian - ছোৱালী এগৰাকী ছোৱালীৰ প্ৰতি শাৰীৰিক আৰু মানসিকভাৱে আকৰ্ষিত হ'লে তাক
Lesbian বুলি কয়।
G মানে Gay- ল'ৰা এজন অন্য এজন ল'ৰাৰ প্ৰতি শাৰীৰিক আৰু মানসিকভাৱে আকৰ্ষিত হ'লে তাক Gay বুলি কোৱা হয়।
B
মানে Bisexual - ইয়াত এজন ল'ৰা ল'ৰা আৰু ছোৱালী উভয়ৰে প্ৰতি আকৰ্ষিত হয়। অথবা ছোৱালী এগৰাকী ল'ৰা আৰু ছোৱালী উভয়ৰে প্রতি আকৰ্ষিত হয়।
T মানে Transgender - অৰ্থাৎ ৰূপান্তৰকামী । ই জিন তথা ক্ৰ’ম’জমৰ ক্ৰিয়াৰ ফলত হোৱা এক অৱস্থা । ইয়াত এনে হয় যে এজন পুৰুষ শৰীৰ ভিতৰত থকা মনটোৱে নিজে ছোৱালী হিচাপে অনুভৱে অথবা এগৰাকী মহিলা শৰীৰৰ ব্যক্তিয়ে নিজকে পুৰুষ হিচাপে অনুভৱ কৰে । তেতিয়া তেওঁলোকে কেতিয়াবা সাজ পোছাক নিজৰ মানসিক অনুভৱ অনুসৰি পৰিধান কৰে । তেতিয়া তাক cross dresser বোলে । আকৌ কিছুমানে চিকিৎসাৰ জৰিয়তে অস্ত্ৰোপচাৰ বা অন্য মেডিকেল উপায়েৰে sex change কৰি শৰীৰ পৰিৱৰ্তন কৰে তেতিয়া তাক trans sexual বোলে । Transgender ৰ এনেকিছুমান ব্যক্তি থাকে যাৰ শৰীৰ জননাংগ বা প্ৰজনন তন্ত্ৰ বিকাশৰ প্ৰক্ৰিয়া অনুসৰি সম্পূৰ্ণ পুৰুষো নহয় বা সম্পূৰ্ণ মহিলাও নহয় । তাৰ মাজৰ অৱস্থাটোও বুলিব নোৱাৰি । জিনীয় দিশ, শাৰীৰিক গঠন, সামাজিক চেতনা, নিজৰ মানসিক স্থিতি বা লিংগ চেতনাৰ ফালৰ পৰা ইয়াৰ বিভিন্ন ৰূপ বা চৰিত্ৰ থাকে । অৱশ্যে এই সম্পৰ্কে সংজ্ঞা সুস্পষ্ট নহয় । এই সকলৰ যৌন মনস্তত্বও বিভিন্ন চৰিত্ৰৰ হ’ব পাৰে । এই ধাৰণা অতি আপেক্ষিক, জটিল, আভ্যন্তৰীণ আৰু ব্যক্তিনিষ্ঠ ।
হিজৰা কি ?
হিজৰা ভাৰতীয় এক পৰম্পৰাগত ট্ৰেন্সজেণ্ডাৰৰ সমুদায় । ট্ৰেন্সজেণ্ডাৰ সম্পৰ্কে ভাৰতত এক জনশ্ৰুতি পোৱা যায় । বনবাসলৈ যোৱাৰ আগতে অৰ্থাৎ অযোধ্যা এৰাৰ আগতে আগবঢ়াবলৈ অহা সন্তাপিত ৰাজ্যবাসীক শান্তনা দি পুৰুষ সকল আৰু মহিলাসকলক নিজৰ নিজৰ কামত যাবলৈ কৈ ৰাম বনলৈ গুচি গৈছিল ।
১৪ বছৰ বনবাস খাটি ৰামে উভটি আহি দেখে যে কিছুমান লোক তেতিয়াও ৰৈ
আছে ।
তেতিয়া ৰামে কি হ'ল সোধাত তেওঁলোকে কয় যে -"প্ৰভু,
আপুনি পুৰুষ আৰু মহিলাসকলক হে
কাজে কাজে যাবলৈ ক'লে । আমাকতো একো নোকোৱাকৈ গুচি গ'ল । সেয়ে আমি আপোনাৰ আদেশৰ বাবে এনেদৰেই ৰৈ আছোঁ"
। তেতিয়া সেই ব্যক্তিসকলৰ ভক্তিত
ৰাম সন্তুষ্ট হৈ তেওঁলোকক বৰ
দান কৰিলে । সেই কাহিনী
অনুসৰি মানুহে বিশ্বাস কৰে যে
হিজৰা সকলে দিয়া আশীৰ্বাদ বা
শাওপাত ফলিয়ায় ।
যিহেতু আমাৰ পুৰুষতান্ত্ৰিক সমাজে ট্ৰেন্সজেণ্ডাৰ সকলক সমাজৰ অংগ বুলি স্বাভাৱিকভাবে আৰু সম সন্মানেৰে গ্ৰহণ কৰিবলৈ নিশিকিলে সেয়ে এই লিংগৰ লোকে যুগ যুগ ধৰি এই সমাজৰ পৰা আঁতৰত নিজস্ব কিছু ৰীতি-পৰম্পৰাৰ
মাজেৰে নিলগে সমাজ এখন পাতি থাকিবলগা হৈছে। হিজৰা পৰম্পৰাত এখন হিজৰা সমাজত এগৰাকী গুৰুজী থাকে । হিজৰা সমুদায়ৰ
সদস্য হোৱা ব্যক্তিসকলে সেই সমাজৰ গুৰুজীৰ ওচৰত দীক্ষা লয় আৰু হিজৰা সমুদায়ৰ
নিয়ম মতে পৰম্পৰাগত
জীৱন জীৱিকা,
সাজ পাৰ আদি অনুসৰণ কৰে । হিজৰাসকলৰ সেই পৰম্পৰাত বিভিন্ন উৎসৱ পাৰ্বন আৰু পূজা
পাতল কৰা হয় । সেই সমাজতে
তেওঁলোকৰ শিক্ষা দীক্ষা আদি পাৰ্য্যমানে হয় । কেনেকৈ বাদ্য
বজাব লাগে, কেনেকৈ নাচিব লাগে, কেনেকৈ হাত তালি বজাব লাগে, কেনেকৈ গালি পাৰিব বা আশীৰ্বাদ
দিব লাগে, কেনেকৈ ৰে’ল বা বাছত পইচা তুলিব লাগে সেইবোৰকে ধৰি বিভিন্ন কথা শিকোৱা হয়
।হিজৰাসকলে প্ৰথমে ঘৰত, তাৰপিছত সমাজত না না লঞ্চনা, ঘৃণা আৰু তিৰষ্কাৰৰ সন্মুখীন হয়
। মানুহৰ মৰমৰ অভাৱ আৰু নিৰ্মম অত্যাচাৰত তেওঁলোকৰ আচৰণ কেতিয়াবা ৰুক্ষ আৰু অসামাজিক
হৈ পৰে । সমাজ আৰু পৰিয়ালে গ্ৰ্হণ নকৰাৰ বাবে তেওঁলোক আনুষ্ঠানিক শিক্ষা-দীক্ষাৰ সুবিধাৰ
পৰা বঞ্চিত হয় । তেওঁলোকৰ জীৱনৰ কোনো প্ৰমূল্য নোহোৱা হৈ পৰে ।
আমাৰ সমাজত যৌনতা বুলিলে কেৱল পুৰুষ মহিলাৰ দ্বাৰা তথা পুৰুষাংগ যোনিৰ ভিতৰত সুমুৱাই
(Vaginal intercourse) কৰাকেই
একমাত্ৰ সমাজ স্বীকৃত আৰু স্বাভাৱিক যৌনতা বুলি গণ্য কৰা হয় ।
কিন্তু ইয়াত বাহিৰেও oral sex, anal sex, হাতৰ আদিৰ দ্বাৰা লাভ কৰা যৌনতাইও শাৰীৰিক বাসনাৰ ক্ষুধা পূৰণ কৰিব পাৰে । ভাৰতীয় সংবিধানে ২০১৪ চনত ট্ৰেন্সজেণ্ডাৰ সকলক তৃতীয় লিংগ বা অন্যান্য লিংগ সমুদায়
হিচাপে সাংবিধানিক পৰিচয় আৰু অধিকাৰ প্ৰদান কৰে যদিও সম লিংগৰ মাজত হোৱা এই ধৰণৰ যৌনতাক ভাৰতীয় আইনে ধাৰা IPC ৩৭৭ মতে স্বীকৃতি দিয়া নাই । এই ধাৰাত লিখা আছে এই বুলি –
“ Unnatural offences: Whoever voluntarily has carnal
intercourse against the order of nature with any man, woman or animal shall be
punished with imprisonment for life, or with imprisonment of either description
for a term which may extend to ten years, and shall also be liable to fine.”
Explanation: Penetration is sufficient to
constitute the carnal intercourse necessary to the offence described in this
section “ অৰ্থাৎ vaginal intercourse ৰ বাহিৰে
বাকী সকলো যৌনাচাৰক এই আইনে অবৈধ ঘোষণা কৰিছে । মুক্ত আৰু লিৱৰেল দৃষ্টিৰে চাবলৈ গ’লে-
Homosexuality কোনোধৰণৰ অপৰাধ নহয় , যদি ই দুজনৰ পাৰস্পৰিক ঈচ্ছানুসৰি সম্পন্ন হয় । ১৮৬২ চনতে ইংৰাজে সেই সময়ৰ মানসিকতা
অনুসৰি সংবিধানত এই IPC ৩৭৭ ধাৰাটো প্ৰচলন কৰিছিল । কিন্তু বৰ্তমানৰ বাবে এই তথাকথিত
আৰু ভ্ৰান্ত আইনখনক কি কাৰণে প্ৰচলন কৰি ৰখা হৈছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ।
কিয়নো ইতিমধ্যে বিশ্বৰ খ্যাতনামা মনোবিজ্ঞানী আৰু শৰীৰবিদৰ লগতে ভাৰতীয় মনোবিজ্ঞানী
আাৰু শৰীৰবিদ্সকলেও ঘোষণা জাৰি কৰিছে যে সমকামী আৰু দ্বিকামী যৌনাকাংক্ষা কোনো বিসংগতি
নহয়, প্ৰাকৃতিক আৰু জিনীয় । অৱশ্যে বহুকেইটা সংগঠন আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ নেৰা-নেপেৰা
প্ৰচেষ্টাত এই আইনৰ বিৰোধিতা আইনী প্ৰক্ৰিয়াৰে চলি আছে আৰু শেহতীয়াকৈ এই আইন বাতিল
কৰি সমকামীসকলৰ সমঅধিকাৰৰ বাবে নতুন আইন প্ৰণয়ণৰ চেষ্টাৰে আৰু বিভিন্ন শুনানী চলি আছে
। ইতিমধ্যে আৰ্জেন্টিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফিনলেণ্ড, ইংলেণ্ড,
আয়াৰলেণ্ড, ব্ৰাজিল, ফ্ৰান্স, চুইদেন, দক্ষিণ আফ্ৰিকা, স্পেইন, কানাডা, বেলজিয়াম, নেডাৰলেণ্ড, মেক্সিকো
আদি দেশত সমলিংগীয় বিবাহ আৰু যৌনতাক আইন আৰু সমাজে স্বীকৃতি দিছে ।
আমি এনে এটা পৰিৱেশ ৰচনা কৰিব লাগিব যাতে ট্ৰেন্সজেণ্ডাৰ সকলে হিজৰা কমিউনিটিত থকাৰ সলনি আমাৰ লগত একেলগে একেখন সমাজৰ অংশীদাৰ হৈ খোৱা-বোৱা পঢ়া শুনা কৰিব পাৰে । কাৰণ তেওঁলোক
পৃথক অথবা অস্বাভাৱিক নহয় । আমাৰ ধাৰণাই
হে তেওঁলোকক পৃথক কৰি ৰাখিছে । শৰীৰৰ স্বাধীনতা, প্ৰেমৰ
স্বাধীনতা আৰু প্ৰাকৃতিক আৱেগ আৰু সম্পৰ্কক মুক্তভাৱে গ্ৰহণ কৰা উচিত । আপোনাৰ ঘৰত, চুবুৰীত যদি LGBT ব্যক্তি থাকে, তেনে
শিশু জন্ম হয় তেতিয়া তাক আৱৰ্জনা বুলি নাভাবিব । বৰঞ্চ গৌৰৱ কৰক । মৰম চেনেহেৰে লালন
কৰক, বন্ধুত্ব স্থাপন কৰক । শিক্ষা দীক্ষাৰে আন শিশুৰ দৰে সাহসেৰে সমাজত আগবঢ়াই নিয়ক
। সমলিংগীয় আৰু ট্ৰেন্সজেণ্ডাৰৰ অধিকাৰ আৰু সামাজিক মান্যতাৰ বাবে সাহসেৰে সিহঁতক যুঁজিবলৈ
প্ৰেৰণা দিয়ক , আপুনিও সিহঁতৰ হৈ মাত মাতক । এই সমাজত মুক্তভাৱে জীৱন যাপন কৰা অধিকাৰ
সকলোৰে আছে । মনত ৰাখিব আমি আধুনিক পৃথিৱীৰ বাসিন্দা; পুৰণি নিয়মৰ শিকলি ভাঙি নতুন
সমাজ এখন গঢ়াৰ দায়িত্ব আমাৰ ।
পূৰ্ব প্ৰকাশ - জনমভূমি
0 Comments