পগলা চাহ
{আমাৰ কল্পনাৰ চাহ দোকানখন}
কোকিল শইকীয়া
চচপেনত উতলিব মেজিকেল
ভাবনা
আৰু গলি গলি শেষ হৈ যাব
চালভাদৰ দালিৰ বিগলিত সময় ভেন গখ সন্ধিয়াৰ 'পগলা চাহ'ত ।
পগলা চাহ- মাত্ৰ পাঁচ টকা
বাকী নচলিব । কেৱল নগদ
কিনিব পাৰিব
একাপ চাহ আৰু এদাল
চাৰমিনাৰ মাত্ৰ ন টকাত
দহ টকা দিলে এটকা ঘূৰাই
দিয়া নহব
পগলা চাহৰ লগত থাকিব
কৈলাশৰ বিনামূলীয়া ফিলচফি, হিমুবাদ, মাক্সবাদ, বাউল
অনেক গল্প অনেক কবিতা
ফুটপাথ হৈ উঠিব পগলা পগলা
ইংৰাজৰ শোষণৰ নলীয়েদি
বগীধলাৰ তেজেৰে সেউজীয়া হোৱা চাহত গাখীৰ ঢালি
তিতা চাহ মিঠা কৰি পাঁচ
টকাত তৃপ্ত হৈ আপুনি ঘৰলৈ ঘূৰিলে নহ'ব
পগলা চাহত চুমুক দি আপুনি
ভাবিব লাগিব
পগলা চাহত হ'ব লাগিব মুক্তি আৰু
সৃষ্টিৰ চিন্তা
পগলা চাহলৈ পগলা আহিব, প্ৰেমিক আহিব
আৰু আহিব বিপ্লৱী কবি গায়ক
গল্পকাৰ পৰিব্ৰাজক নৈৰাজ্যবাদী অজ্ঞাতবাসী পলাতক
পগলা চাহ হৈ উঠিব চহৰৰ
অটাইতকৈ ওখ টাৱাৰটোত উঠি তললৈ চালে দেখা পোৱা আটাইতকৈ জকমকাই থকা সেই দৃশ্যটো - এটা চচপেনত উতলি থকা মেজিকেল
ভাবনা
আৰু গলি গলি শেষ হৈ যোৱা
চালভাদৰ দালিৰ বিগলিত সময় ভেন গখ সন্ধিয়াটোত ।
0 Comments