আত্মহত্যাৰ আগৰ পাছৰ আৰু সময়ৰ
![]() |
by Alexandre-Gabrie |
আমি এনেদৰে অভ্যস্ত হ'লো যে শান্তিৰ বাবেও বোমা
বনাবলৈ ল'লোঁ। লোহাৰে লোহাৰে
কাটিবা। পানীক পানীৰে । ওহো,পানীকো
কাটিবা লোহাৰে।
হঠাৎ জন্ম হওক কোনোবা
ক্ষণজন্মা। লিখক তাৎক্ষণিক বুৰঞ্জী । জিভাৰ বুৰঞ্জী। এইফালে পাৰ হৈ যোৱা
ধুমুহাজাকে সেইফালে কি খেদি লৈ গ'ল লিখক।
এনেকুৱা এটা অৱস্থাত
এনেকুৱা এটা অৱস্থাত ধীৰ
স্থিৰ সময়। লেহেমীয়া মৃত্যুৰ দৰে । কোনোবাই মতা যেন লাগিলেও আগবাঢ়ি নাযায়। বিতত।
তথাপি তীব্ৰ আকাংক্ষাৰে খিৰিকী কাষত - কোনোবাই মাতক। মাতক। সময় - ঘড়ীৰ হিচাপত ধীৰ স্থিৰ
লেহেমীয়া। ভৰহীন।
চুজি আছে নেকি? সিজাই খোৱা গলিত চুজিৰ দৰে
আধা সিজা লাওখোলাৰ পৰা পিৰপিৰকৈ জুইৰ আঙুলিবিন্যাসত চিন্তা চেতনা সমগ্ৰ। তুমি যদি
জীয়াই আছাই দুৰ্ভাগ্যক্ৰমে। তেন্তে গধূলি এপাক আহিবাচোন।
সংগমৰ পিছত যেতিয়া তুমি
শুই যোৱা আধুনিক বুৰ্বক শ্বেলীয়ে তোমাৰ টোপনিৰ পাৰত বহি কান্দে। সকলো পাহৰি যোৱা।
পৌৰাণিক লীলাভূমিত কোনোবা উন্মাদ কিশোৰৰ বীৰ্যৰ পৰা বৈ অহা নদী পুতি পেলোৱা। কিয়নো
বোমা নিৰ্মাণৰ প্ৰত্যক্ষ আৰু যথোচিত ভৱিষ্যত শান্তি।
যেতিয়া তোমালোকৰ অভিযোগত
ধৰাসায়ী কবি পৰি গৈছিল অপদাৰ্থ বিজ্ঞানৰ সাত্বিক কক্ষপথত। উল্কা নাই পিণ্ড নাই কেৱল
গতি গতি গতি আৰু অৱশেষ ধুমকেতুৰ দৰে পাপৰ সমস্ত অৰিহণা (আচলতে গৰিহণা)। যি কেৱল শেষতেই শেষ।
কোনো মাধ্যম নাই । বজাইছোঁ
বজাইছোঁ দেহ দোতোৰা। বাজিছে অথচ শুনা নাই । শুনা নাই অথাৎ বজা নাই।
দুঘন্টা ধৰি খালী মঞ্চৰ সমুখত বহি এজাক সৃষ্টিশীল দৰ্শকে কল্পনাৰে মঞ্চত ৰূপায়ন কৰি উপভোগ কৰিলে নিজৰ নিজৰ নৃত্য নাটিকা কাহিনী আৰু হাত তালি বজাই গুচি গ'ল। খালী মঞ্চত কল্পনাৰ চৰিত্ৰবোৰ উপঙি থাকিল । কোনো মাধ্যম নাই সিহঁতক উদ্ধাৰ কৰাৰ।
0 Comments