হৃদয়নো কাৰ ভগা নাই
হৃদয়নো কাৰ ভগা নাই
নীলাচলত চলি আছিল এটি ঘড়ী ।
অসময়ত।
হৃদয় কাৰনো ভগা নাই ? ৰাইজ আহিল । খালে বলে । গ’ল।
কাৰনো ছিগা নাই ভগা বেৰৰ বাঁহ বেতৰ গাঁঠি ?
বদঅভ্যাস। বিৰাট বদভ্যাস। কাৰনো নাই?
অভ্যাসৰ দৰে কঠোৰ আয়ত্ব ভাঙিবলৈ নীলমনি ফুকন থাকিলেও
সাৰি নাযায় বদ্যভাস।
তোমাৰ কথা ভাবিলেই কিশোৰ কুমাৰ ভাঁহি আহে
নাহেনো কি ভাঁহি ।
ভাঁহি আছে এতিয়াও চুচুৰ ৰঙা পৰা চাঁহি।
বেয়া কবিতা লিখিবলৈ মন নাযায়।
জীৱন দুকঠা মাটিৰ পানী। দুকঠা মাটিৰ খেতি ।
দুকঠা মাটিৰ হাঁহি।
ধাননিতো অন্ধকাৰ। ৰৈ
ৰৈ ৰৈ
চমৎকাৰ। মোৰ সৰু মামী।
অহা দেওবাৰেই হ’ব খাটাং। আহিবনে অহাটো দেওবাৰ ?
দেওবাৰে কাফকাই শনিবাৰৰ সপোনটোৰ পিছৰখিনি দেখে
মই দেখো কি
ট্ৰেফিকজামত ৰ’দে পাই ৰবাব টেঙা কৰা
মোৰ প্ৰেম , অহ মোৰ প্ৰেম
তুমি ক’ৰ হাঁহি তুমি ক’ৰ হাঁহি!
অৰ্ধানুলুপ্ত আলোচনীত মই
মৃত লেখকৰ পাণ্ডিত্য পঢ়ি আছোঁ
তুমি ক’ৰ হাঁহি
কবিতাৰ শেষৰ শাৰী বিচাৰি
দীঘলীয়া শাৰীৰ
যাত্ৰাৰ মই
শেষৰজন যাত্ৰী । তোমাৰ কবিতাৰ
শেষৰজন কবি।
0 Comments