মাইকেল জেকচন

মাইকেল জেকচন
কোকিল শইকীয়া


তিনিদিনীয়া জ্বৰখন কমাৰ পিছত
আজি ইমান ভোক লাগিল যে
আলমিৰাটো খুলি এফালৰ পৰা কিতাপবোৰ উলিয়ালোঁ
এখনৰ পিছত এখনকৈ
পাতবোৰ এটি এটিকৈ চিঙি
চোবাই চোবাই মুখৰ পৰা উলিয়ায়
মজিয়াত দমালোঁ

 

কিছু সময়ৰ পাছত
দমটোৰ পৰা এহাল পাৰ
ধপ-ধপাই উৰি গ’ল

 

ক্ৰমশঃ উৎকণ্ঠময় নীৰৱতাৰ দুটি পল পাৰ কৰি
নিজে নিজে জাপ খাই গ’ল
মুখ মেলি থকা কোঠাৰ দূৱাৰ খিৰিকীবোৰ
নুমি গ’ল বিজুলী বাল্বৰ চকু

 

কাগজৰ দমটোৰ পৰা এখন উৰ্ধমুখী হাত
হাতত মাইক্ৰ’ফোন

 

তাৰপিছত  দুই চেকেণ্ড নীৰৱতা
তাৰপিছত খিৰিং কৈ ভাঙি গল খিৰিকীৰ এখন কাঁচ
বিজুলী গতিৰে জ্বলি নুমি জ্বলি নুমি বিজুলী বাল্ব
কিৰিলি, দৰ পোহৰ, জলপ্ৰপাতৰ চিটিকনি মোৰ কোঠাত

 

তাৰপিছত আলনাডালত থকা জোতাযোৰ নিজে নিজে
ইফালৰ পৰা সিফাললৈ
মুনৱাককৰিবলৈ লাগিল

 

প্ৰতিটো শব্দ সংগীতলৈ ৰূপান্তৰিত হ’ল
নিশ্চুপ হৈ কোঠাটোৱে কান্দিবলৈ ধৰিলে

 

তিনিদিনীয়া জ্বৰখন কমাৰ পিছত আজি
ইমান ভোক লাগিল....

Post a Comment

0 Comments