আধা প্ৰেমৰ
আধা আন কিহবা
কোকিল শইকীয়া
বেলি ডুবকেই বা নুডুবক মইতো
ডুবিমেই হে কাব্যা
মোক গভীৰতা দিয়া
মই গভীৰ পানীৰ উল্লসিত উপৰুৱা ঢৌত মাৰ যাব নোখোজো
মোক ডুবিবলৈ গভীৰতা দিয়া
প্ৰেমৰ কবিতা মোৰ কলমেৰে একেবাৰেই সম্ভৱ নহয়
হয়তো মাটি খান্দি খান্দি পানীলৈ দু আঙুল থকাৰ
অথবা তেনেই
পানীতকৈও পেনপেনীয়া ( যদিও পানীয়েই একমাত্ৰ পেনপেনীয়া নহয় )
তুমি ভাবা যে পানী পোহনীয়া
পোহনীয়া পানীৰ অৱয়ৱ
কিন্তু সেয়া নহয়
পানীৰ ধৰ্ম প্ৰেম , দানৱৰ দৰে
মোৰ নিটোল উৰুত একেলগে বহি আছে
এটা মহ আৰু এটা পখিলা
মই যদি প্ৰেমিক তেন্তে
(সকলো অনিচ্ছাই ইচ্ছাকৃত )
ৰাতি ৰাতি ভাঁহি আহে মাদলৰ মাত
হঠাৎ উঠি যাওঁ
মোৰ বাৰু কি হৈছে
হঠাৎ খুব বেছিকৈ ভাবি দিওঁ
অথবা একেবাৰেই নাভাবো
চিনেমা খনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৃশ্যটো চলি থাকোতেই
হঠাৎ বাহিৰলৈ উঠি যাওঁ
পকেটত হাত ভৰাই চিগাৰেট খুঁচৰো
আইনাৰ সমুখত থিয় হৈ আন এজনক দেখা পাওঁ
কাৰো একো হোৱা নাই
তুমি কিমান দেখিছা আহত বসন্ত আৰু পৰাহত শিমলু
তুমি কিমান দেখিছা স্থিতিশূন্য উৎসৱৰ সংগীতৰ পাৰাস্তম্ভ
ডুবি-ডুবি ডুবি যোৱা পিছত
তুমি কেৱল পানীৰ ওপৰৰ বুৰবুৰণি দেখিছা
0 Comments