প্ৰসংগ : সমকাম
কোকিল শইকীয়া
কিছুমান হিন্দী বা অসমীয়া চিনেমাত সাধাৰণতে নাৰীসুলভ আচৰণৰ কৰা ল’ৰাৰ একোটা চৰিত্ৰ থাকে । সেই চৰিত্ৰটোক সদায় কমেডী চৰিত্ৰ হিচাপে মানুহৰ হঁহুৱাবলৈ দেখুওৱা হয় । চিনেমাখনত আচলতে সেই চৰিত্ৰটো এটা কৌতুক চৰিত্ৰ নহয়, সেই ধৰণৰ আচৰণক লৈহে কৌতুক কৰা হয় । ইয়াৰ পৰাই গম পোৱা যায় ভাৰতীয় মানসিকতাত লিংগ সংবেদনশীলতা মুঠেই নাই । ই চৰম পুৰুষতান্ত্ৰিক । আনকি চিনেমা জগতৰ গণ্য মান্য কলা-কৌশলীসকলৰ মাজতো এক ধৰণৰ প্ৰাচীন পুৰুষত্বৰ দম্ভ বিৰাজমান । বৃটিছ আইন বিষয়া Thomas Babington Macaulay এ ১৮৬২ চনত প্ৰস্তত কৰা ভাৰতীয় সংবিধানৰ ধাৰা ৩৭৭ ৰ মতে Vaginal
Intercourse (নাৰীৰ যোনীত পুৰুষৰ লিংগৰ প্ৰৱেশ ঘটাই কৰা সংগম) বাহিৰে বাকী সকলো প্ৰকাৰৰ যৌনাচাৰক গুৰুত্বপূৰ্ণ অপৰাধ হিচাপে গণ্য কৰা হৈছিল । আইনৰ অধীনত Anal sex, oral sex ইত্যাদি যৌনাচাৰে মান্যতা পোৱা নাছিল । যাৰ ফলত সমকামী ব্যক্তিয়ে মুকলিকৈ ‘চেক্স’ কৰাটো অপৰাধ আছিল । আইনৰ লগতে ভাৰতীয় গৰিষ্ঠ সংখ্যক মানুহে সমকামক এক অপৰাধ আৰু বিকাৰগ্ৰস্ততা বুলি ভাবি লৈছিল । আনকি মহাত্মা গান্ধীয়েও সমকামী যৌনাকাংক্ষাক মানি ল’ব পৰা নাছিল । প্ৰগতিশীল শিক্ষাইও এই বিষয়টিক সম্পূৰ্ণকৈ ঢুকি পোৱা নাছিল । আনকি আজিৰ তাৰিখতো ইয়াৰ বিষয়ে বৈজ্ঞানিক আলোচনা , সচেতনতা, সংবেদনশীলতা তেনেই কম।
কেৱল সমকামীয়ে নহয়, অসমকামী যৌনাকাংক্ষী সকলৰ বাবেও oral sex, anal sex আদিৰ জড়িয়তে যৌন তৃপ্তি লোৱাৰ মান্যতাৰ দাবীক আইনে মানি লোৱা নাছিল । যাৰ ফলত ১৮৬২ চনৰ পৰা ২০১৮ চনলৈ সমকামী সকলে যৌনাচাৰত লিপ্ত হোৱাটো আছিল এক দুঃসাহসী কাৰ্য আৰু লগতে অপৰাধ । ভাৰত বৰ্ষত কোনো ১৯৭৭ চনত লেখিকা শকুন্তলা দেৱীয়ে The World of Homosexuals নামৰ এখন কিতাপ লিখি প্ৰথমবাৰৰ বাবে বৌদ্ধিক জগতলৈ সমকামীৰ বিষয়টো আনি আলোচনাৰ এক বাট মোকলাই দিছিল । ১৯৯০ চনত অশোক ৰাও নামৰ এজন সাংবাদিকে BombayDost
নামৰ এখন সমকামী বিষয়ৰ আলোচনী প্ৰতিষ্ঠা কৰে । লাহে লাহে ভাৰতবৰ্ষত LGBTQৰ অধিকাৰৰ এখন দীঘলীয়া আন্দোলন চলিল । ট্ৰান্সজেণ্ডাৰ সকলেও ১৯৯৪ চনত আইনীভাৱে লিংগ পৰিচয়ৰ অধিকাৰ লাভ কৰিলে । না না যুঁজ বাগৰৰ ফলত ধাৰা ৩৭৭ খন বিলোপ ঘটাই আইনে সমকামীসকলক কিছু জৈৱিক সকাহ প্ৰদান কৰিলে । মহামান্য ন্যায়ালয়ে আইনখনৰ বিলুপ্তি ঘোষণা কৰাৰ পিছতেই এচাম মানুহ সুখী হোৱাৰ লগতে আন এচামে বিৰক্তিকৰ মন্তব্য আগবঢ়ালে । বিভিন্ন মাধ্যমত আৰম্ভ হ’ল এখন বিতৰ্ক । বহু ব্যক্তিয়ে কিছুমান ভিত্তিহীন যুক্তি আৰু কাৰণ দৰ্শাই ন্যায়ালয়ৰ নতুন সিধান্তক লৈ আপত্তি প্ৰদৰ্শন কৰিলে ।
আইনখনৰ বিৰুদ্ধে তেওঁলোকে আগবঢ়োৱা প্ৰধান যুক্তিবোৰ এনেধৰণৰ –১/ ই স্বাভাৱিক যৌনাকাংক্ষা নহয় । ২/ সমকামী সকলক যৌনতাৰ বাবে নাৰ্য্যতা প্ৰদান কৰিলে বহুতো সৰু ল’ৰা-ছোৱালী, অসমকামী যৌনাকাংক্ষী ব্যক্তি সমকামী সকলৰ দ্বাৰা যৌন নিৰ্যাতনৰ সন্মুখীন হ’ব । ৩/ ভাৰতীয় ধৰ্মীয় পৰম্পৰাৰ সংস্কাৰত ই আঘাত কৰিব । ৪/ সমকামী যৌনকাৰ্যৰ ফলত সন্তান জন্ম নহয় ইত্যাদি ইত্যাদি ।
এতিয়া কথাটো
হ’ল Homosexuality কেতিয়াও
অস্বাভাৱিক যৌনাকাংক্ষা হ’ব নোৱাৰে । সত্তৰ দশকত হোমাৰ নামৰ
এগৰাকী Sexologist এ গৱেষণাৰ অন্তত প্ৰমাণ কৰিছিল যে মানুহৰ X ক্ৰ’ম’জমৰ উপদান আৰু ইয়াৰ স্বাভাৱিক বিক্ৰিয়াৰ বাবেই মানুহ
সমকামী হয় । ই কোনো ৰোগ নহয় । ক্ৰ’মজ’মৰ কোনটো অৱস্থানে কি ধৰণৰ যৌন আকাংক্ষা
(sexual orientation) গঢ়ি তোলাত
ভূমিকা লৈ তাৰ তালিকাখন চাওঁ আহক -
“X + Y heterosexual male’
Xh + Y homosexual male
X + X female heterosexual
Xh + X female heterosexual carrier of the Xh gene
X + Xh female heterosexual carrier of the Xh gene
Xh + Xh lesbian.’
আকৌ কেতিয়াবা
হ’ৰমনৰ প্ৰভাৱতো মানুহ সমকামী হয় । ইয়াৰ লগতে ব্যক্তি এজনে
বসবাস কৰা পৰিৱেশ, লাভ কৰা যৌন শিক্ষা,
সমাজিক মানসিকতা আদিয়েও ব্যক্তি এজনক সমকামী কৰি তোলাত বিভিন্ন ধৰণে
ভূমিকা গ্ৰহণ কৰে । সমকামীতাৰ ইতিহাস আজিৰ নহয় । ভাৰতীয় সম্ৰাট বাবৰৰ, কবি লৰ্কা, হুইটমেন, ভাৰ্জিনিয়া অল্ফ, অস্কাৰ ৱাইল্ড, মিচেল ফুকো আদি ইতিহাসৰ
বহুতো মহান মনিষী সমকামী যৌনাকাংক্ষী আছিল । অকল মানুহৰ মাজতেই যে
সমকাম আছে তেনে নহয় । জীৱ জন্তৰ মাজতো সমকামী যৌনাচাৰ আছে । এক সমীক্ষা মতে প্ৰায়
৮ শতাংশ সিংহই সমকামী যৌনতাৰে তৃপ্তি লাভ কৰে । মানুহৰ ক্ষেত্ৰত ই ১০ৰ
পৰা ১৩ শতাংশ বুলি অনুমান কৰা হয় । ১৯৯০ চনত WHO এও ঘোষণা কৰে যে সমকামীতাও এক ধৰণৰ স্বাভাৱিক যৌন আকাংক্ষা ।
দ্বিতীয়তে, বহুতে কৈছে যে ধাৰা ৩৭৭ বিলুপ্তিকৰণে সমকামী
ব্যক্তিৰ দ্বাৰা অসমকামী ব্যক্তিক শাৰীৰিক নিৰ্যাতনৰ শংকা প্ৰদান কৰিব । মই আশা কৰোঁ এই আইনৰ
বিলুপ্তিয়ে সমকামী ব্যক্তিৰ অসমকামীৰ ওপৰত হোৱা যৌন নিৰ্যাতন যথেষ্ট হ্ৰাস হে কৰিব
। কাৰণ, ৰক্ষণশীল যৌন চিন্তাই মানুহৰ ধৰ্ষণকামী চেতনাক প্ৰকট কৰে,
সুখী যৌন জীৱন যাপনৰ সুবিধা লাভ কৰিব নোৱাৰে । ভাৰতবৰ্ষত হোৱা অত্যাধিক
ধৰ্ষণৰ অন্যতম এটা কাৰণ ইয়ো বুলি প্ৰগতিশীল সমাজ বিজ্ঞানীসকলে দাবী কৰে । এনেধৰণৰ যুক্তি দিয়াৰ
আগতে আমি মনত ৰখা উচিত যে ন্যায়ালয়ে দুজনৰ ইচ্ছাৰে হোৱা oral sex, anal sex আদিক হে মান্যতা
প্ৰদান কৰিছে; ন্যয়ালয়ে সমকামী ধৰ্ষণক মান্যতা প্ৰদান কৰা নাই
। বলপূৰ্বক যৌনতাৰ বাবে দৃষ্টান্তমূলক শাস্তি ভাৰতীয় আইনে সদায়
প্ৰদান কৰি নিৰ্যাতিতক ন্যায় প্ৰদান কৰে । যদি anal sex, oral sex আদিৰ মান্যতাক মানি ল’লে সমকামীৰ দ্বাৰা অসমকামী যৌন শোষিত হয়, তেন্তে vaginal
intercourse ক আইনে ন্যাৰ্যতা দি ৰখাৰ বাবেই অ’তবোৰ নাৰী পুৰুষৰ দ্বাৰা ধৰ্ষিত হৈছে বুলি ভাবিব লাগিব দেখোন ।
প্ৰগতিৰ দিশত আগবাঢ়িবলৈ হ’লে আমি আমাৰ সভ্যতাৰ আওপুৰণি
তথা পৰম্পৰগত বহু চিন্তাক বাদ দিব লগা হয় । অকল সমকামীতাক নাৰ্য্যতা
প্ৰদানতেই নহয় আমি প্ৰগতিৰ দিশত আগুৱাবলৈ আমাৰ পৰ্ম্পৰাগত সংস্কৃতিয়ে টানি থোৱা ৰক্ষণশীলতাৰ
বহুত ৰেখা আমি পাৰ হৈছোঁ । প্ৰথমে হয়তো কেতিয়াবা না না বিতৰ্ক আৰু দ্বন্দ হৈছে
। কিন্তু সময়ৰ লগে লগে
ই স্বাভাৱিক হৈ পৰিছে । ৩৭৭ৰ বিলুপ্তি ঘোষণা কৰি CJI এ কৈছে যে, “ Majoritarian
Views Cannot Dictate Rights ”
চতুৰ্থতে, সমকামী যৌনাচাৰে সন্তান জন্ম দিব নোৱাৰে । ই সত্য । কাৰণ প্ৰাকৃতিককভাৱে
সন্তান লাভ কৰিবলৈ পুৰুষ আৰু মহিলা মিলন হ’বই লাগিব
। কিন্তু আমি যদি উত্তৰাধিকাৰৰ এই সামন্তবাদী পৰম্পৰাক বাদ দি
চাও তেতিয়া বুজিম যে যৌনতা জীৱৰ এটা প্ৰাকৃতিক প্ৰয়োজন । সুস্থ শাৰীৰিক আৰু মানসিক
জীৱনৰ বাবে সুস্থ আৰু পচন্দৰ যৌন মিলন অতি প্ৰয়োজনীয় । প্ৰাকৃতিকভাৱে সমকামীয়ে
সন্তান জন্ম দিব নোৱাৰিলেও তেওলোকে বিচাৰিলে অন্য বৈজ্ঞানিক উপায়, তুলি লোৱা প্ৰথা আদি আইন স্বীকৃত উপায়ৰ দ্বাৰা সন্তান লাভ কৰিব
পাৰে । তদুপৰি সন্তান বিচৰা বা নিবিচৰাটো এহাল দম্পতিৰ সম্পূৰ্ণ ব্যক্তিগত
কথা । এই ধৰণৰ যুক্তি প্ৰদান কৰি ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰাটো সম্পূৰ্ণ পুৰুষতান্ত্ৰিক
আৰু অবৈজ্ঞানিক মানসিতাৰ পৰিচায়ক ।
শেষত এটা কথা , ধাৰা ৩৭৭ খনত সমলিংগীয় যৌনতাৰ কথা পোনপটীয়াকৈ একো উল্লেখ নাই
। এই আইন বিলুপ্তি ঘটাই আইনে পৰোক্ষভাৱে Oral Sex আৰু Anal Sex আদিক হে ন্যাৰ্যতা প্ৰদান
কৰিছে । পোনপটীয়াকৈ সমলিংগী যৌনতাৰ অধিকাৰৰ কথা আইনে কোৱা নাই । তথাপিও, ৩৭৭ ৰ বিলুপ্তিকৰণে সমলিংগীসকলক পৰোক্ষভাবে হ’লেও যেনিবা যৌনতাৰ সুবিধাটো প্ৰদান কৰিলে । ইয়াতো কিছু পুৰুষতান্ত্ৰিক, সামন্তীয় কৌশল সোমাই আছে । কাৰণ ভাৰতীয় আইনে সমলিংগীয়
বিবাহক এতিয়াও মান্যতা প্ৰদান কৰা নাই । তথাপিও এই আইন বিলুপ্তিকৰণ ভাৰতৰ
এক ঐতিহাসিক ঘটনা, কিছু সকাহ আৰু প্ৰগতিৰ
বাটলৈ এটা এখোজ ।
পূৰ্ব প্ৰকাশ - জনমভূমি


0 Comments