প্ৰসংগ : সমকাম

প্ৰসংগ : সমকাম

কোকিল শইকীয়া

 

কিছুমান হিন্দী বা অসমীয়া চিনেমাত সাধাৰণতে নাৰীসুলভ আচৰণৰ কৰা লৰাৰ একোটা চৰিত্ৰ থাকে সেই চৰিত্ৰটোক সদায় কমেডী চৰিত্ৰ হিচাপে মানুহৰ হঁহুৱাবলৈ দেখুওৱা হয় চিনেমাখনত আচলতে সেই চৰিত্ৰটো এটা কৌতুক চৰিত্ৰ নহয়, সেই ধৰণৰ আচৰণক লৈহে কৌতুক কৰা হয় ইয়াৰ পৰাই গম পোৱা যায় ভাৰতীয় মানসিকতাত লিংগ সংবেদনশীলতা মুঠেই নাই চৰম পুৰুষতান্ত্ৰিক আনকি চিনেমা জগতৰ গণ্য মান্য কলা-কৌশলীসকলৰ মাজতো এক ধৰণৰ প্ৰাচীন পুৰুষত্বৰ দম্ভ বিৰাজমান বৃটিছ আইন বিষয়া  Thomas Babington Macaulay ১৮৬২ চনত প্ৰস্তত কৰা ভাৰতীয় সংবিধানৰ ধাৰা ৩৭৭ মতে Vaginal Intercourse (নাৰীৰ যোনীত পুৰুষৰ লিংগৰ প্ৰৱেশ ঘটাই কৰা সংগম)  বাহিৰে বাকী সকলো প্ৰকাৰৰ যৌনাচাৰক গুৰুত্বপূৰ্ণ অপৰাধ হিচাপে গণ্য কৰা হৈছিল আইনৰ অধীনত Anal sex, oral sex ইত্যাদি যৌনাচাৰে মান্যতা পোৱা নাছিল যাৰ ফলত সমকামী ব্যক্তিয়ে মুকলিকৈচেক্সকৰাটো অপৰাধ আছিল আইনৰ লগতে ভাৰতীয় গৰিষ্ঠ সংখ্যক মানুহে সমকামক এক অপৰাধ আৰু বিকাৰগ্ৰস্ততা বুলি ভাবি লৈছিল আনকি মহাত্মা গান্ধীয়েও সমকামী যৌনাকাংক্ষাক মানি পৰা নাছিল প্ৰগতিশীল শিক্ষাইও এই বিষয়টিক সম্পূৰ্ণকৈ ঢুকি পোৱা নাছিল আনকি আজিৰ তাৰিখতো ইয়াৰ বিষয়ে বৈজ্ঞানিক আলোচনা , সচেতনতা, সংবেদনশীলতা তেনেই কম।



 কেৱল সমকামীয়ে নহয়, অসমকামী যৌনাকাংক্ষী সকলৰ বাবেও oral sex, anal sex আদিৰ জড়িয়তে যৌন তৃপ্তি লোৱাৰ মান্যতাৰ দাবীক আইনে মানি লোৱা নাছিল   যাৰ ফলত ১৮৬২ চনৰ পৰা ২০১৮ চনলৈ সমকামী সকলে যৌনাচাৰত লিপ্ত হোৱাটো আছিল এক দুঃসাহসী কাৰ্য আৰু লগতে অপৰাধ ভাৰত বৰ্ষত কোনো ১৯৭৭ চনত লেখিকা শকুন্তলা দেৱীয়ে The World of Homosexuals নামৰ এখন কিতাপ লিখি প্ৰথমবাৰৰ বাবে বৌদ্ধিক জগতলৈ সমকামীৰ বিষয়টো আনি আলোচনাৰ এক বাট মোকলাই দিছিল ১৯৯০ চনত অশোক ৰাও নামৰ এজন সাংবাদিকে  BombayDost নামৰ এখন সমকামী বিষয়ৰ আলোচনী প্ৰতিষ্ঠা কৰে লাহে লাহে ভাৰতবৰ্ষত LGBTQ অধিকাৰৰ এখন দীঘলীয়া আন্দোলন চলিল ট্ৰান্সজেণ্ডাৰ সকলেও ১৯৯৪ চনত আইনীভাৱে লিংগ পৰিচয়ৰ অধিকাৰ লাভ কৰিলে না না যুঁজ বাগৰৰ ফলত ধাৰা ৩৭৭ খন বিলোপ ঘটাই আইনে সমকামীসকলক কিছু জৈৱিক সকাহ প্ৰদান কৰিলে মহামান্য ন্যায়ালয়ে আইনখনৰ বিলুপ্তি ঘোষণা কৰাৰ পিছতেই এচাম মানুহ সুখী হোৱাৰ লগতে আন এচামে বিৰক্তিকৰ মন্তব্য আগবঢ়ালে বিভিন্ন মাধ্যমত আৰম্ভ এখন বিতৰ্ক বহু ব্যক্তিয়ে কিছুমান ভিত্তিহীন যুক্তি আৰু কাৰণ দৰ্শাই ন্যায়ালয়ৰ নতুন সিধান্তক লৈ আপত্তি প্ৰদৰ্শন কৰিলে

আইনখনৰ বিৰুদ্ধে  তেওঁলোকে আগবঢ়োৱা প্ৰধান যুক্তিবোৰ এনেধৰণৰ/ স্বাভাৱিক যৌনাকাংক্ষা নহয় / সমকামী সকলক যৌনতাৰ বাবে নাৰ্য্যতা প্ৰদান কৰিলে বহুতো সৰু ৰা-ছোৱালী,  অসমকামী যৌনাকাংক্ষী ব্যক্তি সমকামী সকলৰ দ্বাৰা যৌন নিৰ্যাতনৰ সন্মুখীন / ভাৰতীয় ধৰ্মীয় পৰম্পৰাৰ সংস্কাৰত আঘাত কৰিব / সমকামী যৌনকাৰ্যৰ ফলত সন্তান জন্ম নহয়  ইত্যাদি ইত্যাদি

এতিয়া কথাটো হ Homosexuality কেতিয়াও অস্বাভাৱিক যৌনাকাংক্ষা হব নোৱাৰে সত্তৰ দশকত হোমাৰ নামৰ এগৰাকী Sexologist  এ গৱেষণাৰ অন্তত প্ৰমাণ কৰিছিল যে মানুহৰ X ক্ৰজমৰ উপদান আৰু ইয়াৰ স্বাভাৱিক বিক্ৰিয়াৰ বাবেই মানুহ সমকামী হয় ই কোনো ৰোগ নহয় ক্ৰমজমৰ কোনটো অৱস্থানে কি ধৰণৰ যৌন আকাংক্ষা (sexual orientation) গঢ়ি  তোলাত ভূমিকা লৈ তাৰ তালিকাখন চাওঁ আহক -

“X + Y heterosexual male
Xh + Y homosexual male
X + X female heterosexual
Xh + X female heterosexual carrier of the Xh gene
X + Xh female heterosexual carrier of the Xh gene
Xh + Xh lesbian.’

আকৌ কেতিয়াবা হৰমনৰ প্ৰভাৱতো মানুহ সমকামী হয় ইয়াৰ লগতে ব্যক্তি এজনে বসবাস কৰা পৰিৱেশ, লাভ কৰা যৌন শিক্ষা, সমাজিক মানসিকতা আদিয়েও ব্যক্তি এজনক সমকামী কৰি তোলাত বিভিন্ন ধৰণে ভূমিকা গ্ৰহণ কৰে সমকামীতাৰ ইতিহাস আজিৰ নহয় ভাৰতীয় সম্ৰাট বাবৰৰ, কবি লৰ্কা, হুইটমেন, ভাৰ্জিনিয়া অল্ফ, অস্কাৰ ৱাইল্ড, মিচেল ফুকো আদি ইতিহাসৰ বহুতো মহান মনিষী সমকামী যৌনাকাংক্ষী আছিল অকল মানুহৰ মাজতেই যে সমকাম আছে তেনে নহয় জীৱ জন্তৰ মাজতো সমকামী যৌনাচাৰ আছে এক সমীক্ষা মতে প্ৰায় ৮ শতাংশ সিংহই সমকামী যৌনতাৰে তৃপ্তি লাভ কৰে মানুহৰ ক্ষেত্ৰত ই ১০ৰ পৰা ১৩ শতাংশ বুলি অনুমান কৰা হয় ১৯৯০ চনত WHO এও ঘোষণা কৰে যে সমকামীতাও এক ধৰণৰ স্বাভাৱিক যৌন আকাংক্ষা

       দ্বিতীয়তে, বহুতে কৈছে যে ধাৰা ৩৭৭ বিলুপ্তিকৰণে সমকামী ব্যক্তিৰ দ্বাৰা অসমকামী ব্যক্তিক শাৰীৰিক নিৰ্যাতনৰ শংকা প্ৰদান কৰিব মই আশা কৰোঁ এই আইনৰ বিলুপ্তিয়ে সমকামী ব্যক্তিৰ অসমকামীৰ ওপৰত হোৱা যৌন নিৰ্যাতন যথেষ্ট হ্ৰাস হে কৰিব কাৰণ, ৰক্ষণশীল যৌন চিন্তাই মানুহৰ ধৰ্ষণকামী চেতনাক প্ৰকট কৰে, সুখী যৌন জীৱন যাপনৰ সুবিধা লাভ কৰিব নোৱাৰে ভাৰতবৰ্ষত হোৱা অত্যাধিক ধৰ্ষণৰ অন্যতম এটা কাৰণ ইয়ো বুলি প্ৰগতিশীল সমাজ বিজ্ঞানীসকলে দাবী কৰে এনেধৰণৰ যুক্তি দিয়াৰ আগতে আমি মনত ৰখা উচিত যে ন্যায়ালয়ে  দুজনৰ ইচ্ছাৰে হোৱা  oral sex, anal sex আদিক হে মান্যতা প্ৰদান কৰিছে; ন্যয়ালয়ে সমকামী ধৰ্ষণক মান্যতা প্ৰদান কৰা নাই বলপূৰ্বক যৌনতাৰ বাবে দৃষ্টান্তমূলক শাস্তি ভাৰতীয় আইনে সদায় প্ৰদান কৰি নিৰ্যাতিতক ন্যায় প্ৰদান কৰে যদি anal sex, oral sex আদিৰ মান্যতাক মানি ললে সমকামীৰ দ্বাৰা অসমকামী যৌন শোষিত হয়, তেন্তে vaginal intercourse ক আইনে ন্যাৰ্যতা দি ৰখাৰ বাবেই অতবোৰ নাৰী পুৰুষৰ দ্বাৰা ধৰ্ষিত হৈছে বুলি ভাবিব লাগিব দেখোন

       প্ৰগতিৰ দিশত আগবাঢ়িবলৈ হলে আমি আমাৰ সভ্যতাৰ আওপুৰণি তথা পৰম্পৰগত বহু চিন্তাক বাদ দিব লগা হয় অকল সমকামীতাক নাৰ্য্যতা প্ৰদানতেই নহয় আমি প্ৰগতিৰ দিশত আগুৱাবলৈ আমাৰ পৰ্ম্পৰাগত সংস্কৃতিয়ে টানি থোৱা ৰক্ষণশীলতাৰ বহুত ৰেখা আমি পাৰ হৈছোঁ প্ৰথমে হয়তো কেতিয়াবা না না বিতৰ্ক আৰু দ্বন্দ হৈছে কিন্তু সময়ৰ লগে লগে ই স্বাভাৱিক হৈ পৰিছে ৩৭৭ৰ বিলুপ্তি ঘোষণা কৰি CJI এ কৈছে যে, “ Majoritarian Views Cannot Dictate Rights ”

       চতুৰ্থতে, সমকামী যৌনাচাৰে সন্তান জন্ম দিব নোৱাৰে ই সত্য কাৰণ প্ৰাকৃতিককভাৱে সন্তান লাভ কৰিবলৈ পুৰুষ আৰু মহিলা মিলন হবই লাগিব কিন্তু আমি যদি উত্তৰাধিকাৰৰ এই সামন্তবাদী পৰম্পৰাক বাদ দি চাও তেতিয়া বুজিম যে যৌনতা জীৱৰ এটা প্ৰাকৃতিক প্ৰয়োজন সুস্থ শাৰীৰিক আৰু মানসিক জীৱনৰ বাবে সুস্থ আৰু পচন্দৰ যৌন মিলন অতি প্ৰয়োজনীয় প্ৰাকৃতিকভাৱে সমকামীয়ে সন্তান জন্ম দিব নোৱাৰিলেও তেওলোকে বিচাৰিলে অন্য বৈজ্ঞানিক উপায়, তুলি লোৱা প্ৰথা আদি আইন স্বীকৃত উপায়ৰ দ্বাৰা সন্তান লাভ কৰিব পাৰে তদুপৰি সন্তান বিচৰা বা নিবিচৰাটো এহাল দম্পতিৰ সম্পূৰ্ণ ব্যক্তিগত কথা এই ধৰণৰ যুক্তি প্ৰদান কৰি ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰাটো সম্পূৰ্ণ পুৰুষতান্ত্ৰিক আৰু অবৈজ্ঞানিক মানসিতাৰ পৰিচায়ক

শেষত এটা কথা , ধাৰা ৩৭৭ খনত সমলিংগীয় যৌনতাৰ কথা পোনপটীয়াকৈ একো উল্লেখ নাই এই আইন বিলুপ্তি ঘটাই আইনে পৰোক্ষভাৱে Oral Sex আৰু Anal Sex আদিক হে ন্যাৰ্যতা প্ৰদান কৰিছে পোনপটীয়াকৈ সমলিংগী যৌনতাৰ অধিকাৰৰ কথা আইনে কোৱা নাই তথাপিও, ৩৭৭ ৰ বিলুপ্তিকৰণে সমলিংগীসকলক পৰোক্ষভাবে হলেও যেনিবা যৌনতাৰ সুবিধাটো প্ৰদান কৰিলে ইয়াতো কিছু পুৰুষতান্ত্ৰিক, সামন্তীয় কৌশল সোমাই আছে কাৰণ ভাৰতীয় আইনে সমলিংগীয় বিবাহক এতিয়াও মান্যতা প্ৰদান কৰা নাই তথাপিও এই আইন বিলুপ্তিকৰণ ভাৰতৰ এক ঐতিহাসিক ঘটনা, কিছু সকাহ আৰু প্ৰগতিৰ বাটলৈ এটা এখোজ

 


পূৰ্ব প্ৰকাশ -  জনমভূমি

Post a Comment

0 Comments