‘‘মাটি আখৰা”
- কোকিল শইকীয়া
![]() |
| যতীন গোস্বামী |
আন সকলো কলাৰ অধিকাৰী হোৱাৰ লগতে শংকৰদেৱ আছিল এজন যোগগুৰু বা
যোগবিদ। তেওঁ ভাৰতীয় ধ্ৰুপদী নৃত্যৰ আধাৰত বিভিন্ন প্ৰকাৰৰ নৃত্য উদ্ভাৱন কৰিছিল।
এই নৃত্যসমূহৰ ভংগীমা আৰু শৈলীত ভাৰতীয় ধ্ৰুপদী নৃত্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ
বিভিন্ন জাতি-জনজাতীয় লোক নৃত্যসমূহৰ প্ৰভাৱো দেখা যায়। শংকৰদেৱৰ নৃত্যসমূহ সত্ৰক
কেন্দ্ৰ কৰি চৰ্চিত হৈ থকাৰ বাবে ইয়াক ‘সত্ৰীয়া নৃত্য’ বুলি কোৱা হয়। আৰু বহুতে
ইয়াক ‘শংকৰী নৃত্য’ বুলিও কয়।
বিভিন্ন প্ৰকাৰৰ সত্ৰীয়া নৃত্যৰ ভিতৰত ‘মাটি আখৰ’ এটি অন্যতম নৃত্য । মাটিক অৱলম্বন কৰি কৰাৰ বাবে এই আখৰা নৃত্যক ‘মাটি
আখৰা’ বোলে। ই হৈছে সত্ৰীয়া নৃত্যৰ পূৰ্ব পাঠ । মাটি আখৰাৰ জৰিয়তে প্ৰথমে
ন-শিকাৰু এজনৰ শৰীৰটো নিখুঁত সত্ৰীয়া নৃত্য পৰিৱেশনৰ উপযোগী হোৱাকৈ গঢ় দি লোৱা হয়। মাটি আখৰাই
পেশী, হাড় আদিক নমনীয় আৰু মজবুত কৰি সত্ৰীয়া নৃত্যৰ মুদ্ৰা আৰু ভংগীমাৰ বাবে শৰীৰটোক সাজু কৰি তোলে। সেয়ে
ইয়াক ‘আখৰা’ বুলি কোৱা হয়।
সত্ৰ ভেদে ভিন ভিন প্ৰকাৰৰ মাটি আখৰা
পোৱা যায়। তথাপি কমলাবাৰী সত্ৰত কৰা ৬৪ টা মাটি আখৰাক সৰ্বসন্মতি ক্ৰমে স্বীকৃতি
দিয়া হৈছে। নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে ৭০ টা মাটি
আখৰাৰ আছে বুলি কৈছে। মাটি আখৰাক আঠটা ভাগত বিভক্ত কৰা হয়। সেইকেইটা হ’ল - ওৰা, চটা, জলক, চিচিকা, পাক, জাপ, লন আৰু খৰ ।
ওৰা হৈছে চাৰি প্ৰকাৰৰ – পুৰুষ ওৰা, প্ৰকৃতি ওৰা, ফুল ওৰা আৰু লাহী ওৰা। তেনেকৈ ওৰা চটা, কাটি চটা, উধা চটা আদি কৰি ছয়টা চটা পোৱা যায়।
৬৪ টা মাটি আখৰাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ
মাটি আখৰা কিছুমান হ’ল ঃ ওৰা, ওৰাত বহা-উঠা, হাড় ভঙা, পানী সিঁচা, গোৰহা চোৱা, বেং জাঁপ, বাঘ জাঁপ, হাত চলোৱা, কাটি খৰ, চিট খৰ, লুটি খৰ, জাটনি, চিটিকা, পিঠি পাক, তেলতুপি, বুকু চোৱা, থিয় লন, পুৰুষ পাক, মাইকী পাক, কাছই পানী খোৱা, ম’ৰাই পানী খোৱা, জলক, সিংহ জলক আদি।
![]() |
| আঁঠু লন (পৰিৱেশক -পংকজ শইকীয়া) |
![]() |
| কামি টনা (পৰিৱেশক -পংকজ শইকীয়া) |
মাটি আখৰাৰ নৃত্যত খোলৰ বোলৰ উদাহৰণ –
তা ধিনা ধেনি দাও
তাতা খিতা খিতা তাখি তাও
তাও s খিৰ খিৰ খিৰ খিৰ খিতাও তাক
ধেই s গিৰ গিৰ গিৰি গিৰ ধিনাও তাক
ধিনা নিতা খিতা নিতা খিতা নিতা তা তা তা
ধিনা নিতা খিতা নিতা খিতা নিতা খিতি তানি তা
(বায়নৰ হাত আৰু সত্ৰভেদে এই বাজানা(বোল)সমূহ শুনিবলৈ অলপ বেলেগ
বেলেগ হ’ব পাৰে)
![]() |
| ম’ৰাই পানী খোৱা (পৰিৱেশক -পংকজ শইকীয়া) |
মাটি আখৰাসমূহ যোগাসনৰ ওচৰচপা, ই শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে অতি ফলদায়ক। ইয়াত নৃত্যৰ মাধ্যমত যোগৰ প্ৰায় সকলো দিশকে সামৰি হোৱা হৈছে। যেনেকৈ যোগত এক আধ্যাত্মিকতা জড়িত হৈ আছে মাটি আখৰাৰ লগতো আধ্যাত্মিক ধাৰণা জড়িত হৈ আছে। খোল-তাল-বাঁহী আদি অসমীয়া লোক-বাদ্যৰ সংগত কৰি এই আখৰা কৰা হয়। সত্ৰৰ ভকতসকলৰ দীৰ্ঘজীৱনৰ ৰহস্যৰ আঁৰতে এই মাটি আখৰাই এক ভূমিকা গ্ৰহণ কৰে। শংকৰদেৱো ১২০ বছৰ কাল জীয়াই আছিল। মাটি আখৰাৰ প্ৰসাৰতা আৰু জনপ্ৰিয়তা বৃদ্ধি কৰি এই নৃত্যৰ সংৰক্ষণৰ লগতে শাৰীৰিক-মানসিক বিকাশ আৰু অসমীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে নতুন প্ৰজন্মৰ মাজত মাটি আখৰাৰ চৰ্চাৰ বিকাশৰ ক্ষেত্ৰত সকলোৱে পদক্ষেপ লোৱাটো অতি জৰুৰী। কাৰণ, আমাৰ পূৰ্বজ কাণ্ডাৰী সকলে আনৰ ওচৰত হাত পাতিব লগা নোহোৱাকৈ আমাক সকলো দি গৈছে। কেৱল আমিহে তাক ল’ব জনা নাই।





0 Comments