"নই-দই-অন্দৰ নন্দনতত্ব"

 
আৱৰ্জনা পাঠ


মই আৱৰ্জনাৰ পাঠক। আৱৰ্জনাৰ দম দেখিলে ৰ'বই নোৱাৰোঁ। খৰচি মাৰি পঢ়োঁ ইলুটি সিলুটি কৰি।


আৱৰ্জনাবোৰৰ দীঘলীয়া শাৰী। দশৰস । উত্তৰোত্তৰ আধুনিক মনোভংগী। শ্লেষ। বিপ্লৱ। প্ৰেম। শোক। সৌন্দৰ্য। ইত্যাদি ইত্যাদি।

 

প্ৰথম চাৰি শাৰীৰ আৱৰ্জনাই দিলে জোনাকৰ সুৰীয়া গধূলিত আৰ্মিৰ কদমৰ বাজনা

তাৰপিছত কিছু খালী ঠাই

সেই ঠায়েই শ ৰখা ঠাই

শৰ শাৰীবোৰৰ মাজত কিছু খালী ঠাই

সেই ঠাই আন কাৰো নহয়

কবিৰ নিজা ঠাই

 

আৱৰ্জনাৰ মাজত থকা এটা পোকে এদিন মোক দেখা পাই পেৰেগ্ৰাফ সলাই সুধিলে - কেলৈ

আৱৰ্জনাত ফাঁচী নাই

আৱৰ্জনাৰ মাজৰ পৰা মাত দিলে এডোখৰ ৰচীয়ে

- ফাঁচীত ওলমি থকা প্ৰত্যেকজনেই আৱৰ্জনাৰ পাঠক

 

তাৰপিছত এটা চুটি পেৰাগ্ৰাফ

আগত কিছু খালী ঠাই

সেই ঠাইতেই হয়

পাণ্ডৱৰ ৰাতি যাপন

 

পুৱাৰ বাবে আকৌ অকণি খালী ঠাই

পোহৰ অহা ঠাই

সেই পোহৰতে ৰাস্তা পাৰ হয় এটা মেকুৰীয়ে

 

আৱৰ্জনা কি আত্মপ্ৰকাশৰ স্বাধীনতা?

আৱৰ্জনা কি কাল্পনিক সংগম?

আৱৰ্জনা কি কবিতা ?

আৱৰ্জনা কি চিন্তাৰ মলি ?

আৱৰ্জনা মল মূত্ৰ নে জাহাজ ?

আৱৰ্জনা মাহৰ খেতি ?

আৱৰ্জনা কি প্ৰিয় নাৰীয়ে গোপনে ঘৰত লুকুৱাই থোৱা চেক্স টয় ?

 

এটা কাল্পনিক মানুহে মোক পঢ়ুৱাইছিল আৱৰ্জনা

কাল্পনিক এটা কুকুৰে গাতে মুতি থৈ গৈছিল

আৰ্ৱজনাই হৈছে জিস্পট

'ত মোহাৰি দিলে নিসৰিত হয় ভক্তিৰস

 

আৱৰ্জনাৰ শেষটো শাৰী আছিল গু

ডায়েৰীয়াত ভোগা কবি এজনৰ

শীঘ্ৰপতনৰ নি:কিন ট্ৰেজেডি

 

আৱৰ্জনাৰ সমালোচনা হওক

সমালোচনাত এটা থিয়ৰী থাকক

পিয়াহত পানী আৰু ভোকত ভাত খাবলৈ মন নোযোৱা হোৱা

বাম ষড়যন্ত্ৰৰ সহায়ত উদ্ভাৱন হওক

কবিতাৰ নতুন যাতনা

বাত বিষ আৰু মিথ্যাচাৰ প্ৰকাশৰ সৰল বানান

 

এটা কৌতুকে এদিন এজন কবিৰ সৃষ্টি কৰিছিল এই ভূমাত

এটা সাঁথৰে এজন পাঠক

 

আৱৰ্জনাৰ বাবে ৰেচন

এটকীয়া চাউল ঘোষণা কৰা হওক

ক্ষতিপূৰণৰ বাবে এগৰাকী শৰ্যাসংগী

আৰু হেলিকপ্টাৰৰ পৰা নামি আহি

মদ খোৱা শিকাবলৈ সাজু ৰখা হওক

এজন মৌলৱী

আৰু খেলিবলৈ এটা জঁকা আৰু তাছ

 

পদাৰ্থ নিৰ্বিশেষে আমি

আৱৰ্জনা অথবা আৱৰ্জনাৰ পাঠক

হব্বই নালাগিব!

তেম্তে ময়েই ক'

যদি পাৰা লুটিয়াই চোৱা

দুৰ্গন্ধৰ স্বচ্ছতায়ো দিব পাৰে

মহৎ আৰু সামূহিক পাঠ নিৰ্মাণৰ পৰিশীলিত কলা

 




শূন্যতা


গৰুবিলাকৰে ভাল নিমাখিতভাবে পেট পেলাই চিন্তাৰ লগতে ঘাঁহো পাগুলি থাকিব পাৰে
মানুহে কেৱল পেট পেলাই চিন্তাবোৰ পাগুলি থাকে
অৱশ্যে খৰ এডোখৰ থাকিলে ভাল
দিনটোত দুবাৰতকৈ বেছি স্বমেহনো ভাল নালাগে

একাধিক স্বমেহনৰ পিছতো
যেতিয়া টোপনিয়ে আগবেটি নধৰে ….



এই পৃথিৱীত চাবলগা একো নাই

 

 

এই পৃথিৱীত চাবলগা একো নাই

আহিলো এনেই

এবাৰেই চাব পাৰি মাথো নিজৰ স্বৰূপ

এবাৰেই মাথো চাব পাৰি তোমাৰ মুখ

তাৰ বাহিৰে চাবলগা একো নাই

 

 

এই পৃথিৱীত কেৱল ভেকুলীৰ মাতবোৰ সুন্দৰ

আৰু পানীত জপিয়াই দিয়া জপং শব্দটো

সিয়েই মাথো শুনিবলগীয়া তাৰবাহিৰে একো নাই

গানবোৰ শুনিবলগীয়া নহয়

 

 

তৰাবোৰত কিনো আছে চাবলগীয়া

সাগৰৰ ঢৌত কিনো আছে

একো নাই

কেৱল মই দেখা পোৱা সেই পৰাজিত সৈনিকজনৰ

চকুহালৰ উজ্জ্বলতা

তাতকৈ বেছি উজ্জ্বল একো নাই

 

 

এবাৰেই মাথো ভাল পাব পাৰি তোমাক

এবাৰেই মাথো তুমি মোৰ আই তুমি মোৰ পিতাই

এবাৰেই তুমি মোৰ সহোদৰ বন্ধু বুকুৰ কুটুম

 

 

এবাৰেই মাথো মই মোক ভাল পালো স্বাৰ্থপৰৰ দৰে

স্বাৰ্থ শেষ হ'লে

আৰু মই মোক ভাল নাপাও

 

 

মই পৰা নাই থাকিব

একো নাই ইয়াত চাবলগীয়া শুনিবলগীয়া

সকলো অৰ্থহীন

অনৰ্থৰো অৰ্থ এটা থাকিব লাগে

 

 

এবাৰেই মাথো জন্মিছো - ভয় নাই

এবাৰেই মাথো মৰিম - শোক নাই

 

 

বাৰে বাৰে ভাঙি পাতি গঢ়াৰ

কলিজাৰ জড়তা ভঙাৰ

জীৱন্ত শৱ এটাৰ মৃত পৰাণক জীওৱাৰ কি সকাম আছে

কি চাবলৈ বাৰে বাৰে জন্মো আৰু মৰোঁ

বাৰে বাৰে

মৰাত সিয়েই শোক আছে

চাবলগা আছে কি

ভৈয়াই , ইয়াত একোৱেই নাই?

 





মোৰ স্বপ্নৰ সমাধি মাথোঁ এহাত ওখ

বীৰ্যই পৰম ব্ৰহ্মপৰম উৎস মৈথুনেই পৰমানন্দ এই অমল সুখৰ মুহূৰ্তৰ অভিজ্ঞতাই নিৰ্বাণ বন্ধ চকু

 

স্তন লিংগ যোনী নিতম্ব
চুলি আঙুলি নখ আৰু
নদী পাহাৰ গছ মৰু
সমুদ্ৰ ঘৰ বৰফ
একো বেলেগ নহয়
সকলো একোটা আপেক্ষিক আৰু সমান্তৰাল দৃশ্য

 

যাৰ কোনো বিকল্প নাই

সিয়েই শেষ পচন্দ

 

শৰীৰত ঘোঁৰাশালৰ গোন্ধ, নিহালীত লানি নিচিগা পৰুৱা
বতাহ সাগৰত উটি আছোঁ
আমি শ শ জাহাজৰ মৃতদেহ

 

ফুল আৰু ফলৰ পৰা, গান আৰু গীটাৰৰ পৰা, চৰাই আৰু নদীৰ পৰা
লাহে লাহে আমাৰ প্ৰিয় হৈ আহিছে
শৌচালয়, জাৱৰৰ দম, পুৰণি গুডাম, নলা-নৰ্দমা, লাইন হোটেলৰ পিছফাল, মাছৰ গুদাম

 

ফুট বলৰ এটা দূৰন্ত গ্ৰাছ চট
ঘাঁহনি চেলাই নিয়া
আমাৰ প্ৰিয়

 

আমাৰ প্ৰিয় প্ৰসাধনহীন মুখ আৰু পাৰফিউমবিহীন শৰীৰ

তুমি এসপ্তাহ গা নোধোৱাকৈ থাকা

 


(দ্বিতীয় প্ৰেম, তৃতীয় প্ৰেম, মোৰ এসত্তৰ সংখ্যক প্ৰেম, সকলো প্ৰেমেই প্ৰথম প্ৰেম)

 

তোমাৰ প্ৰাণ পাত্ৰ কোনটো? মোৰ প্ৰাণৰ পাত্ৰ এইটো তোমাৰ মন বিষণ্ণৰ কাৰণ কি?মোৰ মন বিষণ্ণৰ কাৰণ ই

কিয়নো মানুহ মূলতঃ আদিম আৰু বিকল্পহীন মোৰ স্বপ্নৰ সমাধি মাথোঁ এহাত ওখ

_-_-_-_-_-_-_-_-_-_-_-_-_-_-_-_-_-_


চুমা


পৃথিৱীৰ আটাইতকৈ বেছি সোৱাদ য'ত আছে

সেয়া হৈছে চুমা


মই চুমা খাম

মন্দিৰত

মছজিদত

দেৱালয়ত

শিক্ষানুষ্ঠানত

উপাসনা গৃহত

বৃদ্ধাশ্ৰমত


মই চুমা খাম

ৰাজপথত 

জনতা ভৱনত

গ্ৰন্থমেলাত

পৰিত্যক্ত পুৰণি বাংলোত

এন্ধাৰ গলিত

মিউনিচিপালিটিৰ দুৰ্গন্ধময় টয়লেটত


মই চুমা খাম

সৰিয়হ তলীত

সাগৰ তলীত

ঘাঁহনিত

ধাননিত

বাহনিত

চাঁদত

নদীত

পাহাৰত

শিলত


মই চুমা খাম

পাব্লিক বাছত

ট্ৰেইনত

পাণশালাত

মিউজিয়াত

ৰেডলাইট এৰিয়াৰ কোঠালীত 


খোৱা 

ল'ৰাই ল'ৰাক খোৱা  

ছোৱালীয়ে ছোৱালীক খোৱা

বৃদ্ধই শিশুক 

বৃদ্ধই বৃদ্ধক

কিন্নৰে খোৱা

হেপাই পলুৱাই 

যাৰ য'তে মন যায়


মই খোৱা প্ৰত্যেকটো চুমাৰ দাম আছে

মই খোৱা প্ৰত্যেকটো চুমাৰ বদনাম আছে

মই খোৱা প্ৰত্যেকটো চুমাত সাহস আছে

মই খোৱা প্ৰত্যেকটো চুমাত আছে বসন্তৰ বনৰীয়া বাসনা

মই খোৱা প্ৰত্যেকটো চুমাৰ প্ৰয়োজন আছে এই দুৰ্গন্ধময় পৃথিৱীত

চুমাৰ চৰাই উৰাই কৌশলেৰে কাবু কৰো আহা এই পৃথিৱীক


হে সাৰস্বত সমাজ

হে সচেতন সমাজ

এদিন তোমালোকৰ সমুখতে

মই আৰু মোৰ প্ৰেয়সীয়ে হঠাতে কৰি দিম 

কামনাৰে জৰ্জৰিত এটা দীঘলীয়া চুম্বন

দীঘঘ………লীয়া চুম্বন


- কোকিল শইকীয়া

Post a Comment

1 Comments

  1. ডায়েৰিয়াত ভোগা কবি... ভাল পালোঁ

    ReplyDelete