কিয় উচিত মূল্য নাপায় অসমীয়া খেতিয়কে / কোকিল শইকীয়া
বৰ্তমান সময়ত দেশত খাদ্য বস্তুৰ পৰা ঔষধলৈকে, পেট্ৰল ডিজেলৰ পৰা লোহাৰ চিমেন্টলৈকে সকলো বস্তুৰেই অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ নাগৰিকক জলা-কলা খুৱাইছে । শাক-পাচলি, মাছ-মঙহ, মিঠাতেল, আলু- পিয়াজ ইত্যাদি নহলে নোহোৱা কৃষিজাত খাদ্য বস্তুৰ বৰ্ধিত মূল্যই মধ্যবিত্তীয় মানুহৰ জীৱন ধাৰণৰ মান একেবাৰেই নিম্নগামী কৰি তুলিছে ।
মবাইলৰ দাম বৃদ্ধি পালে মবাইল কোম্পানীৰ মালিক ধনী হয়, গাড়ীৰ দাম বাঢ়িলে ধনী হয় গাড়ী নিৰ্মাতাসকল, কাপোৰৰ দাম বাঢ়িলে লাভ হয় বস্ত্ৰ উদ্যোগৰ। কিন্তু
শাক পাচলিৰ দামে আকাশ চুলেও লাভ নহয় অসমৰ খেতিয়ক সকলৰ।
অসমলৈ আলু পিয়াজ মিঠাতেল আদি খাদ্য সমূহ আহে বাহিৰৰ পৰা। এই সমূহ বস্তুৰ মূল্য
বৃদ্ধি হ’লে চৰকাৰে কয় – বাহিৰৰ পৰা অহা বস্তুৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ কোনো হাত
নাই। কিন্তু যিবোৰ খাদ্য অসমতে উৎপাদন হয় সেইবোৰ খাদ্যৰ মূল্য কিয় বৃদ্ধি হয় তাৰ উত্তৰ
নাই চৰকাৰৰ হাতত ।
বৰ্তমান গুৱাহাটীৰ বজাৰত বন্ধাকবি,
ফুলকবি, ওলকবি,
বিলাহী, স্কোৱাজ, বেঙেনা আাদি প্ৰায়বোৰ পাচলিৰ দামেই কিলোৱে প্ৰতি ৪০ টকাৰ পৰা
৬০ টকাৰ ভিতৰত। চজিনাৰ কিলো ২৪০ টকা। নেমুৰ এটাত ১০ ৰ পৰা ১৫ টকা। জাতিলাও এটাৰ দাম
অতিকমেও ৫০ টকা।
আৰু কিছুদিন পিছত বাৰিষা অহাৰ লগে লগে বজাৰলৈ আহিব জিকা, পটল,
ভাতকেৰেলা
আদি পাচলি। আৰু এই প্ৰায়বোৰ পাচলিৰেই দাম এশ টকাৰে ওচৰা-ওচৰি হ’বগৈ । এই গোটেইবোৰ শাক-পাচলিয়েই
উৎপন্ন হয় অসমৰ মাটিত।
এনেদৰে শাক-পাচলিৰ বজাৰৰ দাম হোৱালৈ লক্ষ্য কৰিলে আমাৰ খেতিয়ক সকলে খেতি কৰি মোনাই
মোনাই ধন ঘটা যেনেই লাগে। পাচলিৰ দাম চাই লাগে যেন খেতি কৰি খেতিয়ক সকল সাংঘাতিকভাবে
লাভান্বিত হৈছে। কিন্তু আচল কথাটো হৈছে বজাৰত আমি যি মূল্যত পাচলি কিনো, তাৰ আধা নালাগে ২৫ শতাংশ মূল্যও নাপায় খেতিয়ক
সকলে। চিজন অনুসৰি খেতিৰ উৎপাদনৰ খৰচো নাপায় অসমৰ খেতিয়কে। যেতিয়া বজাৰত ৪০ টকা কিলো
বিলাহিত চলি থাকে তেতিয়া খাৰুপেটীয়াৰ বিলাহীতলীত খেতিয়কে বিলাহীত দাম পায় চাৰি-পাঁচ
টকা। যেতিয়া বজাৰত নেমুৰ দাম চলি থাকে ১০ টকা জোৰা, তেতিয়া নেমুতলিত খেতিয়কে লাভ কৰে এটা নেমুত ১ টকা। আনকি অসমৰ
খেতিয়ক মূখ্য খেতি ধানৰো উচিত মূল্য নাপায় ক্ষুদ্ৰ খেতিয়ক সকলে। পাচলিৰ দৰে ধানৰ ক্ষেত্ৰতো
উৎপাদনৰ খৰচ নোলাইগৈ খেতিয়ক সকলৰ।
![]() |
| বজাৰৰ অভাৱত এজন অসমীয়া কৃষকে নদীত দমে দমে পেলাই দিছে নেমু |
আপোনালোকেও হয়তো মাজে মাজে সংবাদ মাধ্যমত এনেকুৱা খবৰ দেখা পায় যে উচিত পাচলিৰ
মূল্য নাপায় দমে দমে পেলাই দিছে বিলাহী,
ৰাস্তাত
পেলাই দিছে বন্ধা কবি ফুলকবি, উচিত মূল্য নাপায়
খেতিয়কে নদীত উটাই দিছে নেমু।
নিৰাপদ স্থানত থাকি বহুতেই অসমীয়া শিক্ষিত যুৱক-যুৱতীক খেতি কৰাৰ কথা কয়, অসমীয়া যুৱক-যুৱতীয়ে পথাৰ আৰু বজাৰ দখল কৰাৰ কথা
কয়। কিন্তু এইবোৰ ভাষণে কিয় খেতি কৰিবলৈ অসমৰ নতুন প্ৰজন্মক উৎসাহিত নকৰে? ইয়াৰ কাৰণেই হৈছে উচিত মূল্য আৰু বজাৰৰ অভাৱ।
অসমৰ শাক-পাচলিৰ বজাৰখন ইতিমধ্যেই দখল কৰি থৈছে বহিৰাগত পুঁজিপতিয়ে। এই বজাৰ সমূহ নিয়ন্ত্ৰিত
হয় তেওঁলোকৰ নেতৃত্বত। সেই বিশাল বজাৰত সুবিধাই নাপায় অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়ক
সকলে। যাৰ বাবে খেতিয়কে নিজৰ উৎপাদিত শস্য অতি কম দামতে বিক্ৰী কৰিবলৈ বাধ্য হয় অথবা
বজাৰৰ অভাৱত পেলনি যায় তেওঁলোকৰ পাচলি। চৰকাৰী কতৃত্বৰ অবিহনে বহিৰাগত পুঁজিপতিৰ হাতত
থকা এই বজাৰ নিজৰ হাতলৈ কঢ়িয়াই অনাটো অসমৰ ক্ষুদ্ৰ খেতিয়কৰ বাবে কোনো পধ্যেই সম্ভৱ
নহয়। অসমৰ কৃষকে বজাৰ দখল কৰিবলৈ হ’লে পুৰামাত্ৰেই চৰকাৰৰ সহযোগ
লাগিব ।
এই খিনিতে হয়তো আন এটা প্ৰশ্নই গা কৰি উঠিব যে যদি খেতিয়কে নিচেই কম দামতে পাচলিসমূহ
বিক্ৰী কৰে তেন্তে বজাৰত পাচলিৰ জুইছাই দাম কিয়? ইয়াৰ মূল কাৰণ হৈছে চিণ্ডিকেট। এক শক্তিশালী গোষ্ঠীয়ে চৰকাৰৰ
আশীৰ্বাদত চলাই আছে মাছ, মাংসকে ধৰি শাক-পাতৰ
বিশাল ছিণ্ডিকেট। যাৰ বাবে এই মধ্যভোগী গোষ্ঠীটোৱে খাই খাস্তাং কৰে তেজ ঘাঁম উলিয়াই
পথাৰ সেউজ কৰা অন্নদাতা কৃষৰ উচিত প্ৰাপ্য। তদুপৰি পেট্ৰল ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে
যাতায়ট খৰচ বঢ়াই তুলিছে। লগতে শেহতীয়াকৈ খাৰুপেটীয়াৰ কৃষকসকলে সংবাদ মাধ্যমৰ আগত অৱগত
কৰিছে যে খাৰুপেটীয়াৰ পৰা চহৰসমূহলৈ যোৱা শাক-পাচলিৰ গাড়ীৰ পৰা বাটে বাটে এচাম অসাধু
আৰক্ষীয়ে সংগ্ৰহ কৰে বুজন পৰিমানৰ ধন। কিন্তু এই চিণ্ডিকেটৰাজ আৰু অসাধু আৰক্ষীৰ ওপৰত
ব্যৱস্থা লবলৈ আহৰি নাই অসম চৰকাৰৰ। ক’ত গ’ল ২০২২ চনৰ ভিতৰত কৃষকৰ আয়
দুগুণ কৰিম বুলি কোৱা বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি? ক’ত গ’ল কৃষকৰ স্বাৰ্থ সুৰক্ষাৰ
কথা থকা মোডীৰ নিৰ্বাচনী ইস্তাহাৰ?
জয় জৱান জয় কৃষাণ।


0 Comments