চীনৰ অৰ্থনৈতিক উত্থানৰ কাহিনী

আজিৰ তাৰিখত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ অধিকাৰী দেশখন কি জানেনে? আজিৰ তাৰিখত বিশ্বৰ সকলতকৈ ধনী দেশখনেই হৈছে চীন। 

MGI (Mckinsey Global Institute) ৰ এক প্ৰতিবেদন মতে বৰ্তমান বিশ্বৰ মুঠ সম্পত্তিৰ তিনিভাগৰ এভাগ সম্পত্তিৰেই অধিকাৰী হৈছে চীন। 

ৰঙা চীনৰ হাতত থকা বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২০ ট্ৰিলিয়ন ডলাৰ। যি আমেৰিকাৰ হাতত থকা সম্পত্তিৰ পৰিমাণতকৈও বেছি। আজিৰ দিনত চীনৰ হাততেই আটাইতকৈ বেছি বিদেশী মুদ্ৰা জমা আছে ৷ এই বিদেশী মুদ্ৰাৰ মূল্য হ’ব ৩.১২ আৰৱ ডলাৰ ৷ তদুপৰি প্ৰতক্ষ্য বিদেশী বিনিয়োগক আকৰ্ষন কৰা দেশসমূহৰ ভিতৰত চীন আছে তৃতীয় স্থানত।

হয়,আমেৰিকাক চেৰ পেলাই  বিশ্বৰ মুঠ সম্পত্তিৰ এক বৃহৎ অংশ নিজৰ হাতলৈ আনি বিশ্বৰ প্ৰথম ধনী দেশ হবলৈ সক্ষম হল চীন। 

১৯৭৮ চনলৈকে চীন আছিল  ভাৰতৰ এছিয়াৰ দুখীয়া দেশ সমূহৰ ভিতৰত এখন উল্লেখযোগ্য দেশ। আজিৰ পৰা তিনি দশকৰ আগতে ভাৰত আৰু চীনৰ GDP আছিল প্ৰায় সমান। কিন্তু আজিৰ তাৰিখত চীনৰ GDP হল ১৪.৫ ত্ৰিলিয়ন ডলাৰ আৰু ভাৰতৰ GDP আজিৰ তাৰিখত হৈছে ৩ ত্ৰিলিয়্ন ডলাৰ। ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি মূল ভিত্তি হৈছে তৈলজাত সম্পদ। কিন্তু ৰাছিয়া আৰু ভাৰতৰ দৰে চীনৰ হাতত নাই এনে কোনো তৈল সম্পদৰ ভাণ্ডাৰ।

তেন্ত ইমান ক্ষীপ্ৰগতিত কেনেকৈ আগুৱাই যাবলৈ সক্ষম হল চীন? এসময়ৰ দৰিদ্ৰ দেশ চীন আজিৰ তাৰিখত কেনেকৈ  হল বিশ্বৰ সবাতোকৈ ধনী দেশ ? চীনৰ অৰ্থনৈতিক উত্থানৰ ৰহস্য জানিবলৈ আমি উভতি যাব লাগিব চাৰিটা দশক পাছলৈ ৷ কিয়নো ১৯৭৮ চনত চীনত আৰম্ভ হৈছিল অৰ্থনৈতিক সংস্কাৰৰ প্ৰক্ৰিয়া ৷ তাৰ পাছৰে পৰা বিশ্ব অৰ্থনীতিত চীনে চকুত লগাকৈ উন্নতি কৰিবলৈ আৰম্ভ কৰে ৷ ৷

আজিৰ তাৰিখ্ত বিশ্বৰ ৮০ শতাংশ এয়াৰ কণ্ডিচনাৰ উৎপন কৰে চীনে, বিশ্বৰ ৭০% মবাইল উৎপাদন কৰে চীনে, বিশ্বৰ ৬০ শতাংশ জোতা উৎপাদন কৰে চীনে, বিশ্বৰ ৫০% ষ্টীল উৎপাদন কৰে চীনে, বিশ্বৰ ভিতৰতে সৰ্বাধিক আপেল উৎপন্ন কৰে চীনে, খাদ্য উৎপাদনৰ ক্ষেত্ৰতো বিশ্বৰ ভিতৰত প্ৰথম শাৰীত আছে চীন।

চীনৰ অৰ্থনীতিক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত তিনিজন নেতা ক্ৰমে মাও জে দঙ , দাংগ শ্বায়’পিঙ আৰু শ্বি জিনপিঙৰ আছিল অভূতপূৰ্ব ভুমিকা ৷ মাও জে দঙে চীনত প্ৰৱৰ্তন কৰা কমিউনিষ্ট শাসন প্ৰণালী আৰু কৃষি অৰ্থনীতিৰ মডেল চুড়ান্ত ভাবে বিফল হোৱাৰ পৰিপ্ৰেক্ষিত মাও জে দঙৰ মৃত্যুৰ পিছত দাংগ শ্বিনপিঙে প্ৰথমবাৰৰ বাবে দেশৰ পৰা ছোভিয়েট মডেল বাতিল কৰে আৰু অৰ্থনীতিৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰে ৷ ইয়াৰ পিছতেই দেশখনে নিজৰ অৰ্থনীতিক বিশ্বৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল কৰি নুতুলি ঘৰুৱা অৰ্থনীতিক শক্তিশালী কৰাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে গাঁৱে গাঁৱে চৰকাৰী উদ্যোগত মুকলি কৰে বিভিন্ন মেনুফেকচাৰিঙ ইউনিট ৷

ইয়াৰ পাছৰে পৰা চীনৰ অৰ্থনৈতিক প্ৰতিচ্ছৱি দ্ৰুতভাৱে সলনি হ’বলৈ ধৰে ৷১৯৭৮ চনত  চীনে এবছৰত যিমান মূল্যৰ ব্যৱসায় কৰিছিল , চীনৰ বাবে এতিয়া সেয়া মাত্ৰ দুটা দিনৰ ভিতৰতে সম্ভৱ।  ১৯৭৮ চনৰ পৰা ২০১৬ চনৰ ভিতৰত চীনৰ জিডিপি ৩ হাজাৰ শতাংশতকৈও অধিক বৃদ্ধি পায় ৷ অৰ্থনৈতিক বিকাশৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু ক’তো বিচাৰি পাবলৈ নাই । ঘৰুৱা অৰ্থনীতি শক্তিশালী কৰিবলৈ লোৱা পদক্ষেপৰ ফলত চীনে বিগত ২৫ বছৰত ৮০ কৌটি দৰিদ্ৰ নাগৰিকক দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ৩৮ কৌটি নাগৰিক মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত হৈছে ৷ 



বৰ্তমানৰ শ্বি জিনপিঙৰ চৰকাৰেও বিদেশী বিনিয়োগৰ পথ মুকলি কৰি ৰাখিছে যদিও চৰকাৰে পাব্লিক – প্ৰাইভেট পাৰ্টনাৰশ্বিপতহে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷অৰ্থাৎ ৰাষ্ট্ৰৰ বাবে চীনত বাণিজ্য কৰাৰ বাট মুকলি আছে কিন্তু সেই বাণিজ্য নীতি নিৰূপণ কৰিব চীনে।

মূলত বিভিন্ন খণ্ডৰ চৰকাৰীকৰণ, উৎপাদনৰ আহিলাৰ সমবিতৰণ, শ্ৰমিকৰ দক্ষতা বিকাশৰ যোগেদি চীনৰ বৃহৎ সংখ্যক শ্ৰমিকৰ উচিত ব্যৱহাৰ, নিয়মানুবৰ্তিতা, মুক্ত বজাৰ অৰ্থনীতিত চৰকাৰী হস্তক্ষেপকৰণ, অৰ্থনীতিৰ ওপৰত চৰকাৰৰ নিকা আৰু সদিচ্ছামূলক হস্তক্ষেপ, বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ প্ৰসাৰ আদি বিভিন্ন কাৰণৰ বাবেই চীন আজি বিশ্বৰ ভিতৰতে শক্তিশালী দেশ হৈ পৰিছে। 

অৰ্থনৈতিক প্ৰগতিৰ এই উদাহৰণ বিশ্বৰ সকলো দেশৰ বাবেই হৈ উঠিছে অতি চমকপ্ৰদ । 


Post a Comment

0 Comments